"ৰাজনীতিত ধৰ্মৰ ব্যৱহাৰ বন্ধ কৰিলেই অন্ত পৰিব সাম্প্ৰদায়িক ভাষণৰ"...

দেশৰ ৰাজনীতিত শেহতীয়াকৈ ধৰ্মৰ ব্যৱহাৰৰ বৃদ্ধি পাইছে । এই বিষয়কলৈ শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে
 উচ্চতম ন্যায়ালয়
উচ্চতম ন্যায়ালয়

ডিজিটেল ডেস্কঃ দেশৰ ৰাজনীতিত শেহতীয়াকৈ ধৰ্মৰ ব্যৱহাৰৰ বৃদ্ধি পাইছে । এই বিষয়কলৈ শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে । উচ্চতম ন্যায়ালয়ে কৈছে যে, ৰাজনীতিবিদসকলে ৰাজনীতিত ধৰ্মৰ ব্যৱহাৰ বন্ধ যেতিয়া কৰিব, তেতিয়াই ঘৃণা মূলক ভাষণ সমাপ্ত হ'ব । ঘৃণামূলক ভাষণ প্ৰদান কৰাসকলক "দুষ্ট চক্ৰ" বুলি অভিহিত কৰিছে শীৰ্ষ ন্যায়ালয়ে । লগতে কয় যে এইবোৰৰ পৰা জনতা আতৰি থকা উচিত ।

বুধবাৰে ন্যায়াধীশ কে এম যোচেফ আৰু বিভি নাগাৰাথনাৰ বিচাৰপীঠে প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু অটল বিহাৰী বাজপেয়ীৰ ভাষণৰ কথা উল্লেখ কৰি কয় যে প্ৰতিটো কোণৰ প্ৰতিজন লোকেই তেওঁলোকৰ কথা শুনিবলৈ সমবেত হৈছিল । বৰ্তমানে ৰাজনীতিবিদসকলে ৰাজনীতিৰ সৈতে ধৰ্মক মিহলি কৰি আছে । ৰাজনীতি আৰু ধৰ্ম পৃথক । লগতে ন্যায়াধীশ যোচেফে কয় যে আমি আমাৰ শেহতীয়া বিচাৰত কৈছো যে ৰাজনীতিক ধৰ্মৰ সৈতে মিহলি কৰাটো গণতন্ত্ৰৰ বাবে বিপদজনক।

ইয়াৰ উপৰিও ন্যায়াধীশগৰাকীয়ে কয় যে ভাৰতৰ জনসাধাৰণে আন নাগৰিক বা সম্প্ৰদায়ক অপবাদ নিদিয়াৰ প্ৰতিশ্ৰুতি কিয় ল'ব নোৱাৰে? দৈনন্দিন টিভি আৰু ৰাজহুৱা মঞ্চত বহুতেই অন্যক উদ্দেশ্যি বিদ্ৰূপ মন্তব্য দি আহিছে । মহাৰাষ্ট্ৰকে ধৰি বিভিন্ন ৰাজ্যিক কৰ্তৃপক্ষৰ বিৰুদ্ধে এনে ভাষণ দিয়া সকলৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰাত ব্যৰ্থ হোৱাৰ বাবে অৱমাননাৰ আবেদনৰ শুনানিৰ সময়ত বিচাৰপীঠে এইদৰে মন্তব্য কৰিছে ।

ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কেৰালাত এজন ব্যক্তিয়ে এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ বিৰুদ্ধে দিয়া এক অপমানজনক ভাষণৰ কথা উল্লেখ কৰি কয় যে আবেদনকাৰী শ্বাহিন আব্দুল্লাই দেশত ঘৃণামূলক ভাষণৰ ঘটনাবোৰ আঙুলিয়াই দিছে । লগতে তেওঁ ডিএমকে দলৰ এজন নেতাৰ দ্বাৰা দিয়া এটা বিবৃতিও আঙুলিয়াই দিয়ে । প্ৰতিটো কাৰ্যৰ সমান প্ৰতিক্ৰিয়া আছে বুলিও আজিৰ শুনানিত মন্তব্য কৰে বিছাৰপীঠে।

 উচ্চতম ন্যায়ালয়
কাজিৰঙাৰ গড় হত্যাকলৈ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ উপস্থিতিত উচ্চস্তৰীয় বৈঠক...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in