যুদ্ধ বিৰতি কি? কি কি হ'ব এই সময়ত?

ভাৰত-পাকিস্তানে ঘোষণা কৰিলে যুদ্ধ বিৰতি। যুদ্ধ বিৰতিৰ লগে লগে বহুতৰে মনত হয়তো প্ৰশ্ন উত্থাপন হ’ব পাৰে এই যুদ্ধ বিৰতি কি?  যুদ্ধ বিৰতি কেনেদৰে হয়? আৰু যুদ্ধ বিৰতিত কি হয়?

author-image
Asomiya Pratidin
New Update
যুদ্ধ বিৰতি কি? কি কি হ'ব এই সময়ত?

ডিজিটেল ডেস্কঃ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰথমে ভাৰত আৰু পাকিস্তানে যুদ্ধ বিৰতিৰ বাবে প্ৰস্তুত হোৱাৰ খবৰ দিয়াৰ কিছু সময়ৰ পাছতে ভাৰত আৰু পাকিস্তানৰ বৈদেশীক মন্ত্ৰীয়েও যুদ্ধ বিৰতিৰ কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰে। 
এই যুদ্ধ বিৰতিৰ লগে লগে বহুতৰে মনত হয়তো প্ৰশ্ন উত্থাপন হ’ব পাৰে এই যুদ্ধ বিৰতি কি?  যুদ্ধ বিৰতি কেনেদৰে হয়? আৰু যুদ্ধ বিৰতিত কি হয়?

Advertisment

আচলতে যুদ্ধবিৰতি হৈছে বিৰোধী পক্ষৰ মাজত শত্ৰুতা বা সশস্ত্ৰ সংঘাত সাময়িকভাৱে বন্ধ কৰা। যি সাধাৰণতে এটা নিৰ্দিষ্ট সময় বা উদ্দেশ্যৰ বাবে দুই পক্ষই যুদ্ধ বন্ধ কৰিবলৈ সন্মত হয়।

ই কেতিয়াবা একপক্ষীয়ও হ’ব পাৰে। যেতিয়া কোনো এক পক্ষই যুদ্ধ বিৰতি ঘোষণা কৰে তেতিয়া সেই যুদ্ধ বিৰতি হয় এক পক্ষীয়। দুই পক্ষই যুদ্ধ বিৰতি ঘোষণা কৰিলে হয় পাৰস্পৰিক যুদ্ধ বিৰতি।

যুদ্ধবিৰতি প্ৰায়ে যুদ্ধ, বিদ্ৰোহ বা সীমান্ত সংঘৰ্ষ আদিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। যেনে চলি থকা ভাৰত-পাকিস্তানৰ উত্তেজনা, সংঘৰ্ষ হ্ৰাস কৰিবলৈ দুই পক্ষই আলোচনা কৰি  যুদ্ধ বিৰতি ঘোষণা কৰি আক্ৰমণ, প্ৰত্যাক্ৰমণ বন্ধ কৰিছে। 

ভাৰত-পাক যুদ্ধবিৰতিৰ অৰ্থ কি?

ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিৰ লগে লগে তুৰস্কৰ দ্বাৰা যোগান ধৰা এছিছগাৰ্ড ছংগাৰ ড্ৰোনকে ধৰি মিছাইল আৰু ড্ৰোন আক্ৰমণ বন্ধ হ’ব। দুয়োপক্ষই চিকিৎসালয়ৰ দৰে অসামৰিক আন্তঃগাঁথনি আৰু উধামপুৰৰ এছ-৪০০ ব্যৱস্থাৰ দৰে সামৰিক স্থানক লক্ষ্য কৰি লৈ কৰা আক্ৰমণ বন্ধ কৰিবলৈ সন্মত হ’বলৈ বাধ্য।

অৱশ্যে যুদ্ধবিৰতিৰ সময়ত যুদ্ধবিৰত পক্ষই অসামৰিক কাৰ্যকলাপ অব্যাহত ৰাখিব পাৰিব। যুদ্ধবিৰতি চুক্তিত স্থিতিশীলতা বজাই ৰাখিবলৈ যিকোন পক্ষৰ ভুৱা অপপ্ৰচাৰ ৰোধ কৰাৰ চৰ্তও থাকিব পাৰে। 

যুদ্ধবিৰতিৰ সময়ত ৰাষ্ট্ৰসংঘ, আঞ্চলিক সংগঠন, বা ভাৰত-পাকিস্তানৰ প্ৰেক্ষাপটত আমেৰিকাৰ দৰে তৃতীয় পক্ষৰ মধ্যস্থতাকাৰীৰ দৰে নিৰপেক্ষ পক্ষই এই নিয়ম মানি চলাৰ ওপৰত নজৰ ৰাখিব। ইয়াৰ উপৰিও হটলাইন, যৌথ সামৰিক সমিতি বা শান্তিৰক্ষী বাহিনী গঠন কৰি যুদ্ধ বিৰতি উলংঘন হ’লে সেই খবৰ দিব পাৰে।

একেদৰে প্ৰৰোচিতভাৱে গুলীচালনা বা ভুল তথ্য আদিকে ধৰি সকলো ধৰণৰ চৰ্ত  উলংঘাই আস্থাক ক্ষতিগ্ৰস্ত কৰিসে যুদ্ধবিৰতি ভাঙি পেলাব পাৰে।

পাকিস্তান যুদ্ধ ভাৰত