/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/43964bf2-9f9b-44eb-8d1a-e73ab90d64b4/bjp_16.jpg)
পুলৱামা ছহিদৰ পত্নীক সন্মুখত ৰাখি বিজেপিৰ নিৰ্বাচন জয়ৰ কৌশল...
ডিজিটেল ডেস্কঃ উপ-নিৰ্বাচনত বিজয় সাব্যস্ত কৰিবলৈ বিজেপিয়ে ৰাজনীতিলৈ আনিলে ছহিদৰ পত্নীক। পুলৱামাৰ আৱেগক সন্মুখত লৈ বিজেপিয়ে চেষ্টা কৰিছে সমষ্টি পুনৰোদ্ধাৰৰ।
পশ্চিমবংগৰ ধূপগুৰি সমষ্টিত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন। এই সমষ্টিৰ বাবে তৃ্ণমূল কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা কৰাৰ ২৪ ঘণ্টা নৌহওতেই বিজেপিয়ে তেওঁলোকৰ প্ৰাৰ্থী ঘোষণা কৰি চমক সৃষ্টি কৰিছে।
পূৰ্বৰে পৰা বিজেপিয়ে অৱশ্যে এই সমষ্টিৰ বাবে প্ৰাৰ্থী নিৰ্বাচনত চমক সৃষ্টি কৰিব বুলি উল্লেখ কৰিছিল। সেই অনুসৰিয়েই এই সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে নিৰ্বাচিত কৰা প্ৰাৰ্থীগৰাকীৰ ৰাজনীতিৰ সৈতে কোনো দূৰদূৰণিলৈ সম্পৰ্ক নাই।
অৱশ্যে তাৰ পাছতো এই প্ৰাৰ্থীগৰাকীৰ আছে এক নিজা পৰিচয়। পুলৱামা কাণ্ডত ছহিদ হোৱা বীৰ সেনা জোৱানৰ পত্নী হিচাপে এই প্ৰাৰ্থীগৰাকীৰ আছে এক পৰিচয়। পুলৱামাত ছহিদ হোৱা চি আৰ পি এফৰ জোৱান জগন্নাথ ৰায়ৰ পত্নী ৩২ বৰ্ষীয় তাপসী ৰায়ক বিজেপিয়ে তেওঁলোকৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে নিক্ষেপ কৰিছে।
ৰাজনীতিৰ সৈতে সম্পৰ্ক নথকাৰ পাছতো তাপসী ৰায়ক বিজেপিয়ে প্ৰাৰ্থী হিচাপে নিক্ষেক কৰাৰ আঁৰত আছে পুলৱামাৰ কাণ্ডৰ আৱেগ। সেই আৱেগক সন্মুখত লৈয়ে বিজেপিয়ে এতিয়া এই আসনখন দখল কৰাৰ কৌশল ৰচনা কৰিছে।
উল্লেখ্য যে, ধূপগুৰি সমষ্টিৰ বিজেপি বিধায়কগৰাকীৰ মৃত্যুৰ বাবে এই সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হৈছে। সেয়ে এই সমষ্টিটো বিজেপিয়ে নিজৰ দখলত ৰাখিবলৈ বদ্ধপৰিকৰ হৈছে।
আনহাতে শাসকীয় তৃণমূল কংগ্ৰেছেও এই সমষ্টিটো নিজৰ দখললৈ নিয়াৰ লগতে সমষ্টিটোৰ উপ-নিৰ্বাচনত জয়ী হোৱাটো ৰাজনৈতিক কাৰণতে অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। সয়ে তৃণমূল কংগ্ৰেছেও এই সমষ্টিটোৰ উপ নিৰ্বাচনত সৰ্বোচ্চ উজাৰি দিবলৈ সাজু হৈছে।
ইফালে বিজেপিৰ প্ৰাৰ্থী হিচাপে তাপসীৰ নাম ঘোষণা কৰাৰ পাছতে তেওঁ সংবাদ মাধ্যমৰ আগত কয়, সমষ্টিৰ উন্নয়ন, সাধাৰণ মানুহৰ সেৱা কৰাটোৱেই তেওঁৰ লক্ষ্য। তেওঁ কয়, মই হাস্পতালৰ উন্নয়নৰ লগতে মা-ভনীৰ বাবে কিবা এটা কৰিব বিচাৰো। ইয়াৰ বাবে তেওঁ সকলোৰে আশীৰ্বাদো বিচাৰিলে।
অৱশ্যে তাপসী ৰায়ক এই সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পাছতে বিজেপিৰ ভিতৰচৰাৰ দলীয় কণ্ডলে তীব্ৰ ৰূপ ধাৰণ কৰিছে। দলটোৰ ভিতৰচৰাৰ অধিকাংশই এই সিদ্ধান্ত মানি লোৱা নাই।
Also Read: বঙালমৰাত শেষ হোৱা নাই নকল সোণৰ বেহাঃ পুনৰ গ্ৰেপ্তাৰ ব্যৱসায়ী...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us