লাগে নেকি গৰমৰ পৰা পৰিত্ৰাণ? জম্মু কাশ্মীৰ নহয় অহা দুদিনলৈ ব’লক দক্ষিণ ভাৰতলৈ...

সোমবাৰৰ দৰেই মঙলবাৰেও দিল্লী-এন চি আৰত হিটৱেভ এলাৰ্ট জাৰি কৰা হৈছে। তাৰোপৰি আগন্তুক চাৰি দিনলৈ দিল্লীবাসীয়ে এনে ‘হিটৱেভ’ৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ কোনো সম্ভাৱনা নাই। 

author-image
Asomiya Pratidin
New Update
লাগে নেকি গৰমৰ পৰা পৰিত্ৰাণ? জম্মু কাশ্মীৰ নহয় অহা দুদিনলৈ ব’লক দক্ষিণ ভাৰতলৈ...

ডিজিটেল ডেস্কঃ উৎকট গৰমত ত্ৰাহি মধুসুদন সোঁৱৰিছে ৰাজ্যবাসীয়ে। আজি গুৱাহাটীত পুৱা সূৰ্যোদয়ৰ পিছৰে পৰা গৰমে বৰ বেয়াকৈ দহিছে সৰ্বসাধাৰণক। AccuWeather ৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ তাপমান ৩৫ ডিগ্ৰী চেলছিয়াছ যদিও ৩৮ গৰমৰ অনুভৱ হৈছে ৩৮ ডিগ্ৰী চেলছিয়াৰ সমান। সেইদৰে ৰাজ্যৰ আন আন জিলাসমূহতো একেই অৱস্থা। 

Advertisment

কেৱল যে অসমতে এইদৰে উৎকট গৰমৰ প্ৰভাৱ পৰিছে তেনে নহয়, দেশৰ কেইবাটাও প্ৰান্তত তীব্ৰ গৰমে জটিল ৰূপ ধাৰণ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আগন্তুক দুটা দিলত দিল্লীৰ সৰ্বোচ্চ উষ্ণতা ৪৫ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হ’ব পাৰে। 

সোমবাৰৰ দৰেই মঙলবাৰেও দিল্লী-এন চি আৰত হিটৱেভ এলাৰ্ট জাৰি কৰা হৈছে। তাৰোপৰি আগন্তুক চাৰি দিনলৈ দিল্লীবাসীয়ে এনে ‘হিটৱেভ’ৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ কোনো সম্ভাৱনা নাই। 

দিল্লীৰ দৰেই সমগ্ৰ উত্তৰ ভাৰততো গৰমে তীব্ৰ ৰূপ ধাৰণ কৰিছে। উৎকট গৰমৰ বাবেই জম্মু-কাশ্মীৰৰ দৰে শীতল অঞ্চলত অহা তিনিদিনৰ বাবে হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে। 

পঞ্জাৱ আৰু হাৰিয়ানাতো প্ৰচণ্ড গৰমৰ বাবে চাৰিদিনলৈ অৰেঞ্জ এলাৰ্ট ঘোষণা কৰা হৈছে। ৰাজস্থানৰ পৰিস্থিতি আৰু ভয়াৱহ। পশ্চিম ৰাজস্থানত গৰমৰ প্ৰভাৱৰ লগতে ‘উষ্ণ ৰাতি’ৰ সতৰ্কবাণীও জাৰি কৰা হৈছে। অঞ্চলটোত গৰমৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। 

পূব ৰাজস্থানত গৰমৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশো সূৰ্যৰ প্ৰখৰ উত্তাপৰ পৰা ৰক্ষা নাপায়। পশ্চিম আৰু পূব উত্তৰ প্ৰদেশ আৰু উত্তৰ মধ্যপ্ৰদেশৰ উষ্ণতা বৃদ্ধিৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে। 

উত্তৰ-পশ্চিম ভাৰতত আগন্তুক দুদিনলৈ ধূলিৰ ধুমুহাৰ সম্ভাৱনাও আছে। অৱশ্যে দক্ষিণ ভাৰতত এনে গৰমৰ পৰিবৰ্তে বৰষুণৰ বাবেই শীতল হৈ থাকিব। বাৰিষাৰ বৰষুণে দক্ষিণ ভাৰতক ধুই নিব।

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি অহা ১০ৰ পৰা ১২ জুনৰ ভিতৰত কৰ্ণাটক, কেৰেলাকে ধৰি দক্ষিণ ভাৰতৰ বহু ঠাইত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। চাৰি দিনৰ পিছত অৱশ্যে উত্তৰ ভাৰততো বৰষুণৰ সম্ভাৱনা নথকা নহয়। 

 

বতৰ বিজ্ঞান কেন্দ্ৰ গৰম