আগন্তুক ৩ দিনত পুনৰ প্ৰৱল বৃষ্টিপাতৰ আশংকা...

আগন্তুক ৩ দিনত পুনৰ প্ৰৱল বৃষ্টিপাতৰ আশংকা...

author-image
Asomiya Pratidin
New Update
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই ক’লে…

আগন্তুক ৩ দিনত পুনৰ প্ৰৱল বৃষ্টিপাতৰ আশংকা...

ডিজিটেল ডেস্কঃ যোৱা কেইটামান দিনত চুবুৰীয়া ভূটান, অৰুণাচল পাহাৰৰ পৰা নামি অহা পানীয়ে নামনি অসমৰ কেইবাখনো জিলাৰ লগতে উত্তৰ অসমৰো বিভিন্ন স্থানত বানপানীৰ সৃষ্টি কৰাৰ সমান্তৰালৈ ৰাজ্যত হোৱা প্ৰৱল বৃষ্টিপাতত বিভিন্ন জিলাত বানপানীয়ে অভাৱনীয় পৰিস্থিতিৰ সূচনা কৰিছিল।

Advertisment

এই বান পৰিস্থিতি কিছু উন্নীত হৈছিল যদিও পুনৰ বানপানীয়ে জনজীৱ বিপৰ্যস্ত কৰি তোলাৰ সম্ভাৱনাই দেখা দিছে। কিয়নো কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আগন্তুক ৩ দিনত দেশৰ কেইবাখনো ৰাজ্যৰ লগতে অসমতো পুনৰ প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা আছে।

বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে আগন্তুক ৩ দিনত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ নাগালেণ্ড, মেঘালয়, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম আৰু ছিকিমত প্ৰৱল বৃষ্টিপাত হ'ব।

সমান্তৰালকৈ দেশৰ আন প্ৰান্তৰ মধ্য প্ৰদেশ, ৰাজস্থান, দিল্লী, উত্তৰ প্ৰদেশৰ পশ্চিম অংশ, পঞ্জাৱ, হাৰিয়ানা, চণ্ডিগড়, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ছত্তিশগড়, উৰিষ্যা, ঝাৰখণ্ড, বিহাৰ, পশ্চিমবংগ আদি ৰাজ্যতো এই ৩ দিন প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা আছে।

Also Read: খোল খালে মা কামাখ্যাৰ দুৱাৰ...

বৰষুণ