এটা ঘড়ীৰ দাম ২৭ কোটিৰো অধিক, বিমান বন্দৰত জব্দ ৭ টা দামী ঘড়ীসহ কোটি টকাৰ সামগ্ৰী

দিল্লীৰ ইন্দিৰা গন্ধী আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত জব্দ হৈছে কেইবাটাও দামী ঘড়ী।

author-image
Asomiya Pratidin
New Update
এটা ঘড়ীৰ দাম ২৭ কোটিৰো অধিক, বিমান বন্দৰত জব্দ ৭ টা দামী ঘড়ীসহ কোটি টকাৰ সামগ্ৰী

ডিজিটেল ডেস্ক: দিল্লীৰ ইন্দিৰা গন্ধী আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত জব্দ হৈছে কেইবাটাও দামী ঘড়ী। বিমান বন্দৰত শুল্ক বিভাগৰ হাতত গ্ৰেপ্তাৰ হয় এজন ভাৰতীয়। লগতে ৭ টাকৈ ঘড়ীও জব্দ কৰে। লোক জনৰ পৰা ৭ টা ৰোলেস্ক ঘড়ী, এডাল হীৰা থকা সোণৰ ব্ৰেচলেট আৰু এটা আইফোন-১৪ ও জব্দ কৰে।

জব্দ কৰা ঘড়ী সমূহৰ ভিতৰত এটা ঘড়ী সোণেৰে নিৰ্মিত আৰু তাত হীৰা লগোৱা আছে।এই ঘড়ীটোৰ দাম প্ৰায় ২৭ কোটি ৯ লাখ ২৬ হাজাৰ ৫১ টকা। জব্দ কৰা অন্য সামগ্ৰী সমূহৰ দাম প্ৰায় ২৮ কোটি ১৭ লাখ ৯৭ হাজাৰ ৮৬৪ টকা।

জানিব পৰা মতে ভাৰতীয় যাত্ৰী গৰাকী ডুবাইৰ পৰা আহিছিল। ইতিমধ্যে লোকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

delhi watch