Advertisment

পদপিষ্ট ঘটনাৰ পাছতে গা লৰিল চৰকাৰৰঃ মহাকুম্ভৰ ব্যৱস্থাপনাত ব্যাপক সালসলনি...

যেন এক বৃহৎ অঘটনৰ বাবেই ৰৈ আছিল আদিত্য নাথৰ চৰকাৰ। পদপিষ্টৰ ঘটনাৰ পাছতে মহাকুম্ভ মেলাৰ ব্যৱস্থাপনাত বহু সালসলনি। এতিয়াৰে পৰা মেলাস্থলীত কোনেও নাপাব বিশেষ সুবিধা।

author-image
Tushar Pratim
New Update
পদপিষ্ট ঘটনাৰ পাছতে গা লৰিল চৰকাৰৰঃ মহাকুম্ভৰ ব্যৱস্থাপনাত ব্যাপক সালসলনি...

ডিজিটেল ডেস্কঃ যেন এক বৃহৎ অঘটনৰ বাবেই ৰৈ আছিল উত্তৰ প্ৰদেশৰ আদিত্য নাথৰ চৰকাৰ। প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলস্থলীত আৰম্ভণিৰ দিনটোৰ পৰাই যোগী চৰকাৰে ভি আই পি, ভি ভি আই পি সংস্কৃতিৰ পয়োভৰ ঘটাইছিল। মন্ত্ৰী, বিধায়ক, দলীয় কৰ্মী, শীৰ্ষ বিষয়া, আমোলাৰ আত্মীয়ৰ পৰা আৰম্ভ কৰি চিনা, অচিনা বহু লোকেই লাভ কৰিছিল ভি আই পিৰ সোৱাদত বিশেষ সুবিধা। 

Advertisment

কিন্তু বুধবাৰে পুৱতি নিশা যি পদপিষ্টৰ ঘটনা সংঘটিত হ’ল সেই ঘটনাৰ পাছতেই যেন চকু মেল খালে যোগী চৰকাৰৰ। এই ঘটনাৰ পাছতেই মহাকুম্ভ মেলাৰ ব্যৱস্থাপনাত বহু সালসলনি কৰা হৈছে। চৰকাৰে এতিয়াৰে পৰা মেলাস্থলীত বাহন সোমোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে।

বাতিল কৰা হৈছে ভি ভি আই পি পাছ। বুধবাৰে এক উচ্চস্তৰীয় বৈঠকত বহাৰ পাছতে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰোপৰি আহি থকা সময়ত শ্বাহি স্নানৰ ক্ষেত্ৰতো নিৰাপত্তা ব্যৱস্থা কেনেধৰণৰ কৰা হ’ব সেই লৈয়ো একাধিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সম্পৰ্কে জাৰি কৰিছে এক নিৰ্দেশনা।

উল্লেখ্য যে, মহাকুম্ভ মেলাত হোৱা পদপিষ্টৰ ঘটনাত প্ৰকৃততে কিমান ভক্তৰ মৃত্যু হ’ল সেয়া এতিয়াও স্পষ্ট নহয়। বুধবাৰৰ বিয়লি লৈকে ১০ জন বুলিয়েই বাতৰি প্ৰচাৰিত হৈ আছিল যদিও পাছত ৩০ জন লোকে মৃত্যু বৰণ কৰা বুলি জনাই। মৃতকৰ প্ৰকৃত সংখ্যা কিমান সেয়া লুকুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে আদিত্য নাথৰ চৰকাৰে।

যদিও এতিয়া ৩০ জন লোকৰ মৃত্যু হোৱা বুলি কোৱা হৈছে তথাপিও এই সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছে বুলি সন্দেহ কৰা হৈছে। কিয়নো এতিয়াও সন্ধানহীন হৈ আছে বহুজন। হাস্পতালত আত্মীয়ৰ সন্ধানত নামিছে বহু লোক। আনকি মৰ্গতো আত্মীয়ৰ সন্ধানত নামিছে একাংশ।

বুধবাৰে পুৱতি নিশা সংঘটিত হোৱা পদপিষ্টৰ ঘটনাৰ পাছতে মহাকুম্ভত ভক্তৰ সুৰক্ষাৰ বিষয়তো প্ৰশ্ন উত্থাপন হৈছ। আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী, অৰ্ধসামৰিক বাহিনী, এন এছ জি আদিক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব দিয়া হৈছে। বুধবাৰৰ ঘটনাৰ পাছতে প্ৰশ্ন উত্থাপন হৈছে ইয়াৰ দায়িত্ব সেনাৰ হাতত কিয় দিয়া হোৱা নাছিল?

পদপিষ্টৰ ঘটনাৰ পাছত মুখ্যমন্ত্ৰী আদিত্য নাথে জিলাৰ আৰক্ষী অধীক্ষক, অন্যান্য শীৰ্ষ বিষয়া আদিৰ সৈতেও বৈঠকত বহিছে। মহাকুম্ভৰ গোটেই ব্যৱস্থাপনাৰ ওপৰত পুনৰ নিৰীক্ষণ কৰা হৈছে। এই নিৰীক্ষণৰ অন্তত নতুনকৈ একাধিক নিৰ্দেশনা জাৰি কৰা হৈছে।

পূৰ্বে জাৰি কৰা ভি আই পি, ভি ভি আই পি পাছসমূহ বাতিল কৰা হৈছে। বিশেষ পাছ থাকিলেও মেলাস্থলীলৈ কোনেও বাহন নিব নোৱাৰিব। অহা ৪ ফেব্ৰুৱাৰী পৰ্যন্ত চহৰত গাড়ী চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে।  

তাৰোপৰি নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰিবলৈ তহলদাৰী আৰক্ষীৰ সংখ্যা বৃদ্ধি কৰা হৈছে। মেলাস্থলীৰ বিভিন্ন স্থানত খোৱা পানীৰ ব্যৱস্থা অধিক কৰা হৈছে। ভিৰ যাতে হ্ৰাস কৰিব পাৰি তাৰ বাবে প্ৰয়াগৰাজৰ পৰা ঘূৰি অহাৰ বাবে যিসমূহ পথ আছিল সেই সকলো পথ মুকলি কৰি দিয়া হৈছে। 

উত্তৰ প্ৰদেশ যোগী আদিত্যনাথ মহাকুম্ভ মেলা