ডিজিটেল ডেস্কঃ ক’ত, কেনেধৰণৰ পোছাক পৰিধান কৰিব লাগে সেই সম্যক জ্ঞান নথকাৰ বাবেই একাংশ ভক্তই বহু ধৰ্মীয় স্থানৰ পবিত্ৰতা নস্ত কৰাৰ অভিযোগ উত্থাপন হৈছে। পোছাক পৰিধানৰ ক্ষেত্ৰত ভক্তৰ দায়িত্বহীনতাৰ বাবেই ক্ষোভিত হৈ পৰিছে দেশৰ পবিত্ৰ তীৰ্থস্থানসমূহৰ অন্যতম বৃন্দাবনৰ বাংকে বিহাৰী মন্দিৰ কৰ্তৃপক্ষ। ফলত কৰ্তৃপক্ষই ৰাজহুৱাকৈ ভক্তসকলক ভদ্ৰ তথা মাৰ্জিত পোছাক পৰিধান কৰি আহিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।
বৃন্দাবনৰ বাংকে বিহাৰী মন্দিৰৰ ফালৰ পৰা এক ৰাজহুৱা বিবৃতিত জনোৱা হৈছে যে, "মিনি স্কাৰ্ট, ফটা জিনচ, চৰ্টচ বা নিশাৰ কাপোৰ পৰিধান কৰা কোনো ব্যক্তিকে মন্দিৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহয়। ই মন্দিৰৰ পৱিত্ৰতা আৰু মৰ্যাদা ধ্বংস কৰে। শালীনভাৱে পোছাক পিন্ধিব। এয়া আমাৰ অনুৰোধ।
মন্দিৰ কৰ্তৃপক্ষই আৰু কয় যে ভক্তসকলে মন্দিৰৰ পৰম্পৰা আৰু মৰ্যাদাক সন্মান কৰা উচিত। সকলো ঠাইতে কিছুমান নিয়ম থাকে। এই নিয়মবোৰ সকলোৱে সন্মান কৰি অনুসৰণ কৰিব লাগে।
উল্লেখ্য যে, ডিচেম্বৰৰ আৰম্ভণিৰ পৰা জানুৱাৰীলৈকে বৃন্দাবনৰ এই বিখ্যাত বৃন্দাবনৰ বাংকে বিহাৰী মন্দিৰলৈ হাজাৰ হাজাৰ ভক্তৰ ভিৰ হয়। ভাৰতৰ লগতে বিদেশৰো বহু ভক্তই মন্দিৰ চৌহদত একত্ৰিত হয়।
মন্দিৰ কৰ্তৃপক্ষই কয়, আজিকালি ভক্তসকলে যিকোনো পোছাক পিন্ধি মন্দিৰলৈ আহে।ভক্তসকলে নিশাৰ কাপোৰ, ফটা জিনচ, মিনি স্কাৰ্ট পিন্ধি আহে। এই নতুন ধাৰাটো বিশেষকৈ ভাৰতৰ বিভিন্ন ৰাজ্যখনৰ দৰ্শনাৰ্থীসকলৰ মাজত দেখা গৈছে। সেয়েহে পোছাক বিধি আৰোপ কৰা হৈছে। বৃন্দাবনৰ ৰাস্তাত এই সন্দৰ্ভত হৰ্ডিঙো লগোৱা হৈছে।
বৃন্দাবনৰ বাংকে বিহাৰী মন্দিৰ দেশৰ অন্যতম জনপ্ৰিয় মন্দিৰ। এই মন্দিৰত কৃষ্ণ আৰু ৰাধাৰ সন্মিলিত ৰূপটোক পূজা কৰা হয়। দেশৰ বিভিন্ন প্ৰান্তৰ বহুলোকে এই মন্দিৰ দৰ্শন কৰিবলৈ ভিৰ কৰেহি। এতিয়াৰে পৰা এই মন্দিৰ দৰ্শনৰ ক্ষেত্ৰত ভক্তসকলে পোছাক বিধি অনুসৰণ কৰাটো বাধ্যতামূলক কৰা হৈছে।