বিজেপিৰ সিদ্ধান্তঃ চত্তিশগড়ৰ নতুন মুখ্যমন্ত্ৰী বিষ্ণু দেও চাই

বিজেপিৰ সিদ্ধান্তঃ চত্তিশগড়ৰ নতুন মুখ্যমন্ত্ৰী বিষ্ণু দেও চাই

author-image
Asomiya Pratidin
New Update
বিজেপিৰ সিদ্ধান্তঃ  চত্তিশগড়ৰ নতুন মুখ্যমন্ত্ৰী বিষ্ণু দেও চাই

ডিজিটেল ডেস্কঃ বহু অপেক্ষাৰ অন্তত দেওবাৰে ঘোষণা হ'ল চত্তিশগড়ৰ মুখ্যমন্ত্ৰীৰ নাম। ৩ ডিচেম্বৰত চত্তিশগড়ত বিজেপিয়ে জয়লাভ কৰাৰ পাছত ১০ ডিচেম্বৰত ঘোষণা কৰে মুখ্যমন্ত্ৰীৰ নাম।

Advertisment

চত্তিশগড়ৰ নতুন মুখ্যমন্ত্ৰী বিষ্ণু দেও চাই। বহু বিতৰ্কৰ অন্তত বিজেপিয়ে এগৰাকী জনজাতীয় নেতাক চত্তিশগড়ৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই নিৰ্বাচিত কৰা পৰ্যবেক্ষকে এই সিদ্ধান্ত গ্ৰহণ কৰে।

চত্তিশগড়ৰ পৰ্যবেক্ষক হিচাপে বাছনি হৈছিল- কৃষি আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা, বন্দৰ আৰু জাহাজ পৰিবহন মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দুষ্মন্ত কুমাৰ গৌতম ।

আজি এইকেইগৰাকী পৰ্যবক্ষক দলে এক বৈঠক অনুষ্ঠিত কৰিছিল। এই বৈঠকত চত্তিশগড়ৰ বিজেপি নেতা ওম মাথুৰো উপস্থিত আছিল। ৯ বজাৰ পৰা আৰম্ভ হোৱা এই বৈঠক দুপৰীয়া প্ৰায় ১২ বজালৈ চলিছিল।

মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছতে বিষ্ণু দেও চাইয়ে কয় যে, মুখ্যমন্ত্ৰী হিচাবে মই চৰকাৰৰ জৰিয়তে বিজেপিৰ সংকল্প পত্ৰৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ চেষ্টা কৰিম। চৰকাৰে কৰা প্ৰথম কামটো হ'ব আৱাস আঁচনিৰ অধীনত ১৮ লাখ ঘৰৰ অনুমোদন।

২০২০ চনত চত্তিশগড়ৰ বিজেপিৰ অধ্যক্ষ হিচাবে নিযুক্ত হৈছিল বিষ্ণু দেও চাই। ২০২২ চনলৈ তেওঁ এই পদত আছিল। ইয়াৰোপৰি তেওঁ ১৯৯ চনৰ পৰা ২০১৪ চনৰ পৰা ৰায়গড়ৰ পৰা ৪ বাৰ সাংসদ হিচাবে নিৰ্বাচিত হৈছিল। প্ৰথমবাৰৰ মোডী চৰকাৰৰ সময়ত তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হৈছিল।

উল্লেখ্য যে, ৩ ৰাজ্যৰ মুখ্যমন্ত্ৰী নিৰ্বাচনক লৈ বিজেপিৰ মাজত বহু বিতৰ্কৰ সৃষ্টি হৈছিল। ফলাফল ঘোষণা হোৱাৰ প্ৰায় ৭ দিন পাছত ঘোষণা কৰিলে মুখ্যমন্ত্ৰীৰ নাম। জনজাতীয় নেতা নিৰ্বাচন কৰা বিজেপিৰ নতুন ৰণনীতিয়ে দলটোক লাভান্বিত কৰিব বুলি আশা কৰা হৈছে।

Also Read: অসম আন্দোলনক শ্ৰদ্ধা জনোৱা, সহায় কৰা ভাৰতবৰ্ষৰ একমাত্ৰ ৰাজনৈতিক বিজেপিঃ জয়ন্ত মল্ল

chattisgarh vishnu deo sai bjp