শ্ৰমিকৰ মুখতে প্ৰস্ৰাৱ কৰিলে যুৱকেঃ মুখ্যমন্ত্ৰীৰ তদন্তৰ নিৰ্দেশ...

সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅই সকলোৰে চকু কপালত তুলিছে । যি ঘটনাক লৈ স্তম্ভিত হৈ পৰিছে সকলো।

author-image
Asomiya Pratidin
New Update
শ্ৰমিকৰ মুখতে প্ৰস্ৰাৱ কৰিলে যুৱকেঃ মুখ্যমন্ত্ৰীৰ তদন্তৰ নিৰ্দেশ...

ডিজিটেল ডেস্কঃ সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ'ই সকলোৰে চকু কঁপালত তুলিছে । যি ঘটনাক লৈ স্তম্ভিত হৈ পৰিছে সকলো। শেহতীয়াকৈ মধ্যপ্ৰদেশৰ চিধি জিলাত এজন শ্ৰমিকৰ গাতে এজনে প্ৰস্ৰাৱ কৰা ভিডিঅ' সৰ্বত্ৰে বিয়পি পৰিছে ।

এই ভিডিঅ' বিয়পি পৰাৰ লগে লগেই সকলোৱে এনে কাৰ্য তীব্ৰ সমালোচনা কৰিছে । তদুপৰি বিৰোধীয়েও শাসক পক্ষক তীব্ৰ কটাক্ষ কৰিছে । প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, "এনে ঘটনাৰ সভ্য সমাজত কোনো স্থান নাই ।" লগতে তেওঁ ৰাজ্যখনত জনজাতীয় লোকসকলৰ ওপৰত হোৱা অত্যাচাৰ বন্ধ হ'ব লাগে বুলিও মত প্ৰকাশ কৰে ।

ইপিনে ঘটনা সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে টুইটযোগে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট কৰি কয় যে, "চিধি জিলাৰ এটা ভাইৰেল ভিডিঅ' মোৰ দৃষ্টিগোচৰ হৈছে । মই প্ৰশাসনক ঘটনা সন্দৰ্ভত কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আৰু অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছো।"

Also Read: ক্ৰমাৎ সুস্থিৰ হোৱাৰ দিশে মণিপুৰঃ বুধবাৰৰ পৰা খোল খাব বিদ্যালয়সমূহ...

viral video