ডিজিটেল ডেস্কঃ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো সেই প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে। চৰকাৰৰ এনে প্ৰৱঞ্চনাৰ বিৰুদ্ধে পুনৰ পাঁচ দফীয়া দাবীৰে আন্দোলন আৰম্ভ কৰিছে দেশৰ কৃষকসকলে।
এনে পৰিস্থিতিৰ মাজতেই এইবাৰ কেন্দ্ৰৰ মোডী চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে দেশৰ উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানক উদ্দেশ্যি তেওঁ প্ৰশ্ন কৰি কয়, লিখিতভাৱে চৰকাৰৰ ফালৰ পৰা কৃষকসকলক যি প্ৰতিশ্ৰুতি দিয়া হৈছিল সেই প্ৰতিশ্ৰুতি পূৰণ কৰা নাই কিয়?
উল্লেখ্য যে, শেহতীয়াকৈ দিল্লীৰ এক অনুষ্ঠানত উপস্থিত হৈছিল উপ-ৰাষ্ট্ৰপতিগৰাকী। সেই অনুষ্ঠানতেই কৃষক আন্দোলনৰ প্ৰসংগত কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীক উদ্দেশ্যি ধনখড়ে কয়, মাননীয় মন্ত্ৰী, এটা এটা মুহূৰ্ত অতি গুৰুত্বপূৰ্ণ। অনুগ্ৰহ কৰি জনাওক কৃষকসকলক যি প্ৰতিশ্ৰুতি দিয়া হৈছিল সেয়া পূৰণ কৰিলেনে? সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আমি কি পদক্ষেপ লৈছো?
ইয়াৰ পাছতেই অনুষ্ঠানত ক্ষোভ প্ৰকাশ কৰি তেওঁ কয়, মই বুজি পোৱা নাই কৃষকসকলৰ সৈতে কিয় আলোচনা কৰা হোৱা নাই। তেওঁলোকক উপহাৰ দিয়া দূৰৰে কথা প্ৰাপ্যও তেওঁলোকৰ পৰা কাঢ়ি লোৱা হৈছে। যোৱা বছৰো আন্দোলন হৈছিল, এই বছৰো আন্দোলন হৈছে। সময় গৈ আছে, অথচ আমি একো কৰাই নাই। বিশ্বত ভাৰতে উন্নতিৰ শিখৰত উপনীত হৈছে। দেশৰ এনে উন্নতিৰ সময়ত কৃষকসকল কিয় ইমান দুখী?
কেন্দ্ৰীয় চৰকাৰলৈ তেওঁ আহ্বান জনাই কয়, আমি আমাৰ নিজৰ মানুহৰ সৈতে যুঁজ দিব নোৱাৰো। অসহায় কৃষকসকলক অকলে এৰি দিব নোৱাৰি। দেশৰ আত্মাৰ সৈতে এনে ব্যৱহাৰ কৰা উচিত নহয়। তেওঁলোকৰ প্ৰতি আমাৰ ব্যৱহাৰ যোগাত্মক হোৱা উচিত।
এই অনুষ্ঠানত এম এছ পিক লৈয়ো সৰৱ হয় উপৰাষ্ট্ৰপতিগৰাকী। তেওঁ কয়, খেতি কৰাৰ পিছত কৃষকসকলে মূল্য নাপাব সেয়া সঠিক নহয়। ধনখৰে চৰকাৰক এই ক্ষেত্ৰত ইতিবাচক পদক্ষেপ ল'বলৈ আহ্বান জনায়।
তেওঁ পুনৰ কয়, যদি কোনোবাই কৃষকসকলৰ সহনশীলতাক পৰীক্ষা কৰি থাকে, তেন্তে তাৰ যথেষ্ট মূল্য পৰিশোধ কৰিব লাগিব।সংসদৰ শীতকালীন অধিবেশনৰ মাজতে সমগ্ৰ দেশৰ কেইবাটাও কৃষক সংঘই মুঠ ৫ টা দাবীৰে সংসদ ঘেৰাও কৰিবলৈ ৰাজপথলৈ ওলাই আহিছে।
পাঁচ দফীয়া দাবীৰে কৃষকসকলৰ দিল্লী যাত্ৰাক বাধা দিবলৈ আৰক্ষী প্ৰশাসনৰ সহায়ত চৰকাৰে নয়ডাত যুদ্ধ সদৃশ পৰিবেশৰ সূচনা কৰিছে। এনে পৰিস্থিতিৰ মাজতে কৃষকৰ পুত্ৰ তথা উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে প্ৰতিবাদী কৃষকসকলৰ কাষত থিয় দিয়াৰ লগতে ৰাজহুৱাকৈ ক্ষোভ প্ৰকাশ কৰা বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে।