দেশৰ শাসন প্ৰণালী চেনিটাইজ কৰি ক্ষমতাৰ দালালসকলক নিষ্ক্ৰিয় কৰা হৈছেঃ উপ-ৰাষ্ট্ৰপতি

দেশৰ শাসন প্ৰণালী চেনিটাইজ কৰি  ক্ষমতাৰ দালালসকলক নিষ্ক্ৰিয় কৰা হৈছেঃ উপ-ৰাষ্ট্ৰপতি

ডিজিটেল ডেস্কঃ এদিনীয়া কাৰ্যসূচীৰে সোমবাৰে অসমত উপস্থিত হয় উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়। গুৱাহাটীত ৩ টাকৈ অনুষ্ঠানত অংশগ্ৰহণ কৰে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে।

কটন বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সমস্যা সন্দৰ্ভত ৰাজপথত আন্দোলন কৰাৰ সলনি দেশৰ ন্যায়িক ব্যৱস্থাত বিশ্বাস কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে, দেশৰ শাসন প্ৰণালী "চেনিটাইজ কৰা হৈছে আৰু ক্ষমতাৰ দালালসকলক নিষ্ক্ৰিয় কৰা হৈছে।

তেওঁ কয়, কিছুমান লোক আছে যিয়ে ন্যায়পালিকা বা তদন্ত সংস্থাৰ পৰা চমন লাভ কৰিলে ৰাজপথলৈ ওলাই আহে। আমাৰ এক শক্তিশালী ন্যায়িক ব্যৱস্থা আছে, আমি ইয়াৰ লাভালাভ কিয় নলও ?

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বৰ্তমানৰ শাসনকালত ব্যৱস্থাটোৰ পৰা দুৰ্নীতি আঁতৰ কৰা হৈছে। মই এনেকুৱা সময় দেখিছো যেতিয়া ভবা হৈছিল আইন সকলোৰে বাবে নহয়। দালাল আছে আৰু দুৰ্নীতি চলি আছে। কিন্তু এতিয়া সেই সময় সলনি হৈছে।

তেওঁ কয়, এটা সময় আছিল যেতিয়া আমাৰ শাসন ব্যৱস্থা ক্ষমতাৰ দালাল আৰু দুৰ্নীতিগ্ৰস্ত উপাদানৰ প্ৰভাৱ আছিল। এতিয়া সেই সকলোবোৰ চেনিটাইজ কৰি দালালবোৰত নিষ্ক্ৰিয় কৰা হৈছে।

দেশৰ শাসন প্ৰণালী চেনিটাইজ কৰি  ক্ষমতাৰ দালালসকলক নিষ্ক্ৰিয় কৰা হৈছেঃ উপ-ৰাষ্ট্ৰপতি
হত্যাকাণ্ডৰ ক্লু বিচাৰি দিকবিদিক হেৰুৱাইছে চানমাৰি আৰক্ষীয়ে, একাংশ কিন্নৰক সোধা-পোছা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in