অভিনেতা অতুল পৰ্চুৰেও গ'লগৈ...

ছালাম-ই-ইস্ক, পাৰ্টনাৰ, অল দ্য বেষ্টঃ ফান বিগিনছ, খাট্টা মিঠা, বুদ্ধা হৌগা তেৰা বাপ আদি ছবিৰ অভিনয়ৰে জয় কৰিছিল অনুৰাগীৰ হৃদয়

author-image
Asomiya Pratidin
New Update
অভিনেতা অতুল পৰ্চুৰেও গ'লগৈ...

অভিনেতা অতুল পৰ্চুৰেও গ'লগৈ...

ডিজিটেল ডেস্কঃ জনপ্ৰিয় অভিনেতা অতুল পৰ্চুৰে আৰু নাই। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত আজি তেওঁ শেষ নিশ্বাস ত্যাগ কৰিলে। মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স আছিল মাত্ৰ ৫৭ বছৰ।

Advertisment

উল্লেখ্য যে, যোৱা কেইবা বছৰ ধৰি কৰ্কৰট ৰোগৰ সৈতে যুঁজি আছিল অভিনেতাগৰাকীয়ে। তেওঁৰ মৃত্যুত বলিউড জগতে এজন সুদক্ষ কমেডিয়ান হেৰুৱালে।কেৱল কমেডিয়েই নহয় অতুল পৰ্চুৰে আছিল এগৰাকী 'ভাৰ্ছেটাইল' অভিনেতা।

অভিনেতা অতুল পৰ্চুৰে টিভি আৰু বলিউড দুয়োখন ক্ষেত্ৰতে আছিল সফল। টিভি জগতত তেওঁ আৰ কে লক্ষ্মণ কি দুনীয়া, জাগো মোহন প্যাৰে, য়ম হে হম, বড়ি দূৰ ছে আয়ে হ্যে, দ্যা কপিল শৰ্মা শ্ব' আদিত তেওঁৰ অভিনয় আছিল চিৰ স্মৰণীয়।

বলিউড ছবি ছালাম-ই-ইস্ক, পাৰ্টনাৰ, অল দ্য বেষ্টঃ ফান বিগিনছ, খাট্টা মিঠা, বুদ্ধা হৌগা তেৰা বাপ আদিৰ দৰে বক্স অফিচ হিট ছবিৰ অন্যতম গুৰুত্বপূৰ্ণ সদস্য আছিল অতুল। এই চিনেমাসমূহত তেওঁ কৰা অভিনয় এতিয়াও দৰ্শকৰ মানসপটত উজলি আছে।

বলিউডৰ হিন্দী ছবিৰ লগতে তেওঁ মাৰাথি ছবি জগতৰো এক চিনাকী মুখ আছিল। যোৱা বছৰ তেওঁ এক সাক্ষাতকাৰত কৰ্কট ৰোগত আক্ৰান্ত হৈ থকাৰ কথা স্বীকাৰ কৰিছিল। তাৰোপৰি তেওঁ কৰ্কটৰ বিৰুদ্ধে যুঁজ দিবলৈ মালসিকভাৱে প্ৰস্তুত হোৱাৰ কথাও ঘোষণা কৰিছিল।

Also Read: অসুস্থ উদ্ধৱ ঠাকৰেঃ পুৱাই ৰিলায়েন্স হাস্পতালত ভৰ্তি...

বলিউড মুম্বাই