২৮ শতাংশকৈ বৃদ্ধি পাইছে ঘৰৰ এসাঁজ নিৰামিষ খাদ্য়ৰ মূল্য...

 ২৮ শতাংশকৈ বৃদ্ধি পাইছে ঘৰৰ এসাঁজ নিৰামিষ খাদ্য়ৰ মূল্য...

ডিজিটেল ডেস্কঃ দেশত অভাৱনীয় হাৰত বৃদ্ধি হৈছে খাদ্য সামগ্ৰীৰ মূল্য। যাৰ বাবে সমস্যাৰ সন্মুখীন হৈছে দেশৰ সাধাৰণ জনতা। শাক-পাচলিৰ পৰা আৰম্ভ কৰি বৃদ্ধি পাইছে প্ৰায় প্ৰতিটো সামগ্ৰীৰে মূল্য়।

ৰেটিং এজেঞ্চী ক্ৰিচিলৰ এক প্ৰতিবেদন অনুসৰি বিলাহীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে প্ৰতিমাহে নিৰামিষ থালিৰ দাম ৩৪ শতাংশ বৃদ্ধি পাইছে। সংস্থাটোৰ 'ৰোটি ৰাইচ প্ৰতিবেদন'ত কোৱা হৈছে যে জুন মাহৰ তুলনাত জুলাই মাহত আমিষ থালিৰ তুলনাত নিৰামিষ খাদ্যৰ দাম বৃদ্ধি হৈছে। আনহাতে আমিষ থালিৰ দাম ১৩ শতাংশ বৃদ্ধি পাইছে।

তথ্যত কোৱা হয় যে, জুনত এখন নিৰামিষ থালিৰ নামত ব্যয় হৈছিল ২৬.৩ টকা, আনহাতে জুলাইত ইয়াৰ মূল্য ৩৩ টকাৰো অধিক হয়গৈ। আনহাতে জুনত আমিষ থালিৰ নামত ব্যয় হৈছিল প্ৰায় ৬০ টকা। কিন্তু জুলাইত ইয়াৰ পৰিমাণ হয়গৈ ৬৬ টকাৰো অধিক।

প্ৰতিবেদনৰ তথ্য মতে, নিৰামিষ থালিক শাক-পাচলি , বিলাহী আদি থাকে যাৰ বাবে ইয়াৰ মূল্য বৃদ্ধি পাইছে। আনহাতে আমিষ থালি এখনত বেছিকৈ মাছ-মাংস আদি থাকে।

"পিঁয়াজ আৰু আলুৰ মূল্য ক্ৰমান্বয়ে ১৬ শতাংশ আৰু ৯ শতাংশ মাহে বৃদ্ধি পাইছে। যাৰ ফলত ব্যয় বৃদ্ধিত অধিক অৰিহণা যোগাইছে। বিশেষকৈ বিলাহীৰ মূল্য ৰোধ কৰাত কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এতিয়ালৈকে মূল্য ৰোধ হোৱা নাই।

ইয়াৰোপৰি আগন্তুক মাহ সমূহত আলু, পিয়াজৰ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱণা আছে। বৰ্তমানৰ ৩০ টকা প্ৰতিকিলো পিয়াজৰ সলনি ইয়াৰ মূল্যই ৬০ ৰ ঘৰ চুৱাৰ সম্ভাৱণা আছে।

 ২৮ শতাংশকৈ বৃদ্ধি পাইছে ঘৰৰ এসাঁজ নিৰামিষ খাদ্য়ৰ মূল্য...
দেৰগাঁৱত প্ৰকাণ্ড পুখুৰীত পৰি সলিল সমাধি যুৱকৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in