কালিকা লাগিল নৰেন্দ্ৰ মোডীয়ে শুভাৰম্ভ কৰা বন্দে ভাৰত এক্সপ্ৰেছতঃ ৩ দিনত ৩ টা অঘটন...

vande bharat express
vande bharat express

ডিজিটেল ডেস্কঃ দেশজুৰি চৰ্চিত এটা শব্দ বন্দে ভাৰত এক্সপ্ৰেছ। বিগত মাহৰ শেষৰ ফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গান্ধীনগৰ আৰু মুম্বাইৰ মাজত উদ্বোধন কৰিছিল এই বন্দে ভাৰত এক্সপ্ৰেছ। এই বন্দে ভাৰত এক্সপ্ৰেছেই এতিয়া দেশজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে। অৱশ্যে অত্যাধুনিক এই বন্দে ভাৰত এক্সপ্ৰেছ চৰ্চালৈ অহাৰ কাৰণ হৈছে তিনিটা দুৰ্ঘটনা।

যেন কালিকা লাগিছে বন্দে ভাৰত এক্সপ্ৰেছত। যোৱা ৬ অক্টোবৰ বৃহস্পতিবাৰে গুজৰাটত এই ৰে'লখনে এটা ম'হক খুন্দিওৱাৰ ফলত সন্মুখৰ এটা অংশ ভাঙি চূড়মাৰ হৈছিল। বৃহস্পতিবাৰে মুম্বাইৰ পৰা গান্ধীনগৰলৈ গৈ থকাৰ সময়ত আহমেদাবাদৰ বাটৱা আৰু মণিনগৰৰ মাজত সংঘটিত হৈছিল এই ঘটনা। ইয়াৰ পিছতে ভাৰতীয় ৰে'লৱেই ম'হৰ গৰাকীৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ।

ইয়াৰ পিছৰ দিনটোত অৰ্থাত ৭ অক্টোবৰত এই বন্দে ভাৰত এক্সপ্ৰেছে গুজৰাটৰ আনন্দ ষ্টেচনৰ ওচৰত পুনৰ এটা গৰুক খুন্দিয়াই। ফলত পুনৰ ৰেলখনৰ সন্মুখৰ অংশ ক্ষতিগ্ৰস্ত হয়। শুকুৰবাৰৰ বিয়লি ৩.৪৮ বজাত সংঘটিত হৈছিল এই ঘটনা।

এই দুই ঘটনাৰ পিছতে পুনৰ আজি অৰ্থাত ৮ অক্টোবৰ দেওবাৰে একেখন বন্দে ভাৰত এক্সপ্ৰেছৰ সংঘটিত হ'ল আন এক দুৰ্ঘটনা। দিল্লীৰ পৰা বাৰণাসীলৈ যোৱা ৰেল চকা জামৰ বাবে স্তব্ধ হৈ পৰে। যাৰ বাবে প্ৰায় ৬ ঘণ্টা ধৰি যাত্ৰীসকল আৱদ্ধ হৈ পৰে।

ফলত ৰেল বিভাগে আন এখন ৰেলৰ সহায়ত ৬ ঘণ্টা পলমকৈ যাত্ৰীসকলক লৈ যোৱাৰ ব্যৱস্থা কৰে। বন্দে ভাৰত এক্সপ্ৰেছ এইদৰে আৱদ্ধ হৈ পৰাৰ ফলত আন কেইবাখনো ৰেল চলাচলতো বাধাৰ সৃষ্টি হোৱাৰ লগতে বহু কেইখন ৰেল পলম হয়।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in