৬০ ঘন্টা ধৰি সুৰংগৰ ভিতৰত আৱদ্ধ ৪০ শ্ৰমিক: পাইপেৰে যোগান ধৰা হৈছে অক্সিজেন, খাদ্য

৬০ ঘন্টা ধৰি সুৰংগৰ ভিতৰত আৱদ্ধ ৪০ শ্ৰমিক, পাইপেৰে যোগান ধৰা হৈছে অক্সিজেন, খাদ্য

author-image
Asomiya Pratidin
New Update
৬০ ঘন্টা ধৰি সুৰংগৰ ভিতৰত আৱদ্ধ ৪০ শ্ৰমিক: পাইপেৰে যোগান ধৰা হৈছে অক্সিজেন, খাদ্য

ডিজিটেল ডেস্কঃ এতিয়াও আৱদ্ধ হৈ আছে উত্তৰাখণ্ডৰ সুৰংগৰ ভিতৰত ৪০ জনকৈ শ্ৰমিক। প্ৰায় ৬০ ঘন্টা পাৰ হৈ গ'ল। তাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই শ্ৰমিকসকলক।

Advertisment

পাইপৰ জৰিয়তে এই লোকসকলক খাদ্য যোগান ধৰাৰ লগতে পৰ্যাপ্ত অক্সিজেনৰ ব্যৱস্থা কৰিছে। উত্তৰাখণ্ড চৰকাৰেও সহায় কৰি আছে শ্ৰমিকসকলৰ উদ্ধাৰ অভিযানত।

ইয়াৰ মাজতে এজন শ্ৰমিকে তেওঁৰ পুত্ৰৰ সৈতে কথা পাতে। তেওঁ কয় যে সুৰংগৰ ভিতৰত তেওঁলোক আটাইকেইজন সুৰক্ষিত অৱস্থাত আছে। আৱদ্ধ হৈ থকা শ্ৰমিক সকলৰ ভিতৰত আছে গব্বৰ সিং নাগী। পুত্ৰৰ সৈতে কথা-বতৰা পাতি তেওঁ কয় যে, তেওঁলোক সুৰক্ষিত আছে।

তেওঁৰ পুত্ৰই সংবাদ মাধ্যমৰ আগত কয় যে, "মোৰ দেউতাই চুপাৰভাইজাৰ হিচাপে কাম কৰে। মই আজি তেওঁৰ সৈতে কথা পাতিছিলো। তেওঁ আমাক চিন্তা কৰিবলৈ বাধা দিছে। সকলো বৰ্তমান সুৰক্ষিত আছে।

উল্লেখ্য যে, উত্তৰকাশীৰ ব্ৰহ্মখাল-যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ ৪.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগৰ নিৰ্মাণ কাম চলি আছে। এটা বিশেষ কামৰ বাবে উক্ত স্থানত ৪০গৰাকী শ্ৰমিক নিয়োজিত কৰা হৈছিল। কিন্তু তেতিয়াই তাত সংঘটিত হোৱা ভূমিস্খলনৰ ফলত সুৰংগৰ মাটি খহি পৰি আটাইকেইজন আৱদ্ধ হৈ পৰে। দেওবাৰৰ পৰা আজি পৰ্যন্ত সুৰংগৰ ভিতৰত আৱদ্ধ হৈ আছে শ্ৰমিক কেইগৰাকী।

Also Read: কংগ্ৰেছৰ জিলা সভাপতি যদি ১২ কোটিত বিজেপিলৈ আহে, তেন্তে ৰাজ্যিক সভাপতি ২৫ কোটিত আহিবঃ মন্ত্ৰী জয়ন্ত মল্ল

uttarakhand