৭ দিন ধৰি সুৰংগত আৱদ্ধ ৪০ শ্ৰমিক, পাইপেৰে প্ৰেৰণ কৰা হৈছে এন্টি ডিপ্ৰেছনৰ ঔষধ

বিগত ৭ দিন ধৰি উত্তৰকাশীৰ সুৰংগত আৱদ্ধ হৈ আছে ৪০ জনকৈ শ্ৰমিক। বিভিন্ন প্ৰচেষ্টাৰ পাছতো উদ্ধাৰ কৰিব পৰা নাই শ্ৰমিকসকলক।

author-image
Asomiya Pratidin
New Update
৭ দিন ধৰি সুৰংগত আৱদ্ধ ৪০ শ্ৰমিক, পাইপেৰে প্ৰেৰণ কৰা হৈছে এন্টি ডিপ্ৰেছনৰ ঔষধ

ডিজিটেল ডেস্কঃ বিগত ৭ দিন ধৰি উত্তৰকাশীৰ সুৰংগত আৱদ্ধ হৈ আছে ৪০ জনকৈ শ্ৰমিক। বিভিন্ন প্ৰচেষ্টাৰ পাছতো উদ্ধাৰ কৰিব পৰা নাই শ্ৰমিকসকলক।

Advertisment

পথ, পৰিবহণ আৰু ঘাইপথ সচিব অনুৰাগ জৈনে দেওবাৰে কয় যে চৰকাৰে উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ নিৰ্মাণাধীন সুৰংগত আৱদ্ধ হৈ থকা ৪১ জন শ্ৰমিকলৈ মাল্টিভিটামিন, এণ্টিডিপ্ৰেচেন ঔষধৰ লগতে শুকান ফল প্ৰেৰণ কৰিছে। তেওঁ কয় যে, সৌভাগ্যক্ৰমে ভিতৰত লাইট আছে লগতে এটা পাইপলাইন আছে । যাৰ বাবে উপলব্ধ আছে পানী। লগতে পাইপৰ জৰিয়তে তেওঁলোকক খাদ্য যোগান ধৰা বুলি কয়।

এতিয়ালৈকে এই শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই উদ্ধাৰকাৰী দল। শুকুৰবাৰে আবেলি শ্ৰমিকসকলৰ বাবে উদ্ধাৰৰ বাবে ড্ৰিল কৰিবলৈ স্থাপন কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্মিত অগাৰ যন্ত্ৰ এটা বিকল হোৱাৰ পিছত উদ্ধাৰ অভিযান স্থগিত ৰখা হৈছিল। যাৰ ফলত উদ্বেগ বৃদ্ধি পাইছিল।

উল্লেখ্য যে, উত্তৰকাশীত নিৰ্মাণ কৰি থকা এটা সুৰংগ পথৰ নিৰ্মাণ চলি থকাৰ মাজতে হঠাৎ সুৰংগৰ সন্মুখভাগত ভূমিস্খলন হৈ সুৰংগৰ এটা অংশ খহি পৰে। ইয়াৰ পাছতে সুৰংগৰ ভিতৰত কৰ্মৰত ৪০ জনকৈ শ্ৰমিক তাতেই আৱদ্ধ হৈ পৰে।

Also Read: বিশ্ব শিশু দিৱস উপলক্ষে সাদিন-প্ৰতিদিন গোষ্ঠীৰ বিশেষ আয়োজন

uttarkhand