ৰিজৰ্টত অনৈতিক কাৰ্য! যুৱতী হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ বিজেপি নেতাৰ পুত্ৰ

এক হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ উত্তৰাখণ্ড।অস্বস্তিত পৰিছে বিজেপি

author-image
Asomiya Pratidin
New Update
ৰিজৰ্টত অনৈতিক কাৰ্য! যুৱতী হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ বিজেপি নেতাৰ পুত্ৰ

uttarakhand murder case

ডিজিটেল ডেস্ক: এক হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ উত্তৰাখণ্ড।অস্বস্তিত পৰিছে বিজেপি। ১৯ বছৰীয়া অংকিতা ভাণ্ডাৰী নামৰ যুৱতী গৰাকীক প্ৰথমে নিৰুদ্দেশ হৈছিল। পৰৱৰ্তী সময়ত উদ্ধাৰ হৈছিল যুৱতী গৰাকীৰ মৃতদেহ।

Advertisment

১৮ ছেপ্টেম্বৰৰ পৰা সন্ধানহীন হৈ থকা যুৱতী গৰাকী মৃতদেহ উদ্ধাৰ হৈছিল ২৩ ছেপ্টেম্বৰত। আৰক্ষীৰ মতে এখন ৰিজৰ্টত কৰ্মৰত যুৱতী গৰাকী নিশা প্ৰায় ৮ বজাত সেই ৰিজৰ্টৰ মালিক পুলকিত আৰ্য, ৰিজৰ্টৰ মেনেজাৰ সৌৰভ ভাস্কৰৰ লগতে আন অভিযুক্তৰ লগত ঋষিকেশলৈ গৈছিল।

উভতি অহাৰ পথত তিনিওজনে সুৰা পান কৰিবলৈ এটা স্থানত ৰখিছিল আৰু যুৱতী গৰাকীয়ে তেওঁলোকক অপেক্ষা কৰিছিল। পৰিয়ালৰ লোকে দাবী কৰা মতে যুৱতী গৰাকীক ৰিজৰ্টখনলৈ অহা বিশেষ গ্ৰাহকৰ সৈতে অনৈতিক কামত লিপ্ত হবলৈ হেঁচা প্ৰয়োগ কৰিছিল।

যুৱতী গৰাকীয়ে সেই কাম কৰিবলৈ সন্মত নোহোৱাৰ বাবেই তেওঁক হত্যা কৰা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালে। উল্লেখ্য যে, ৰিজৰ্ট খনৰ অনৈতিক কাৰ্যকালাপ ফাদিল হোৱাৰ ভয়ত যুৱতী গৰাকী পুখুৰীত পেলাই হত্যা কৰাৰ সন্দেহ কৰিছে আত্মীয়ই।

এই ঘটনাৰ পাছতেই হত্যাকাণ্ডৰ অভিযোগত পুলকিত আৰ্য, অংকিত গুপ্তা আৰু সৌৰভ ভাস্কৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে ৰিজৰ্টখনত বুলডজাৰ চলাই ভাঙি পেলোৱা কাৰ্যক সমৰ্থন কৰা নাই পিতৃয়ে। তেওঁৰ অভিযোগ তথ্য প্ৰমাণ নষ্ট কৰিবলৈ আৰক্ষীয়ে এনে কৰিছে।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতো পৰিয়ালৰ লোকে আৰক্ষীৰ তদন্ত সন্তুষ্ট নহৈ মৃতদেহ সৎকাৰ কৰিবলৈ অমান্তি হয়। আনকি ৰাজপথত স্থানীয় লোক সকলে পথ অবৰোধ কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে।

পাছলৈ প্ৰশাসন আৰক্ষীৰ প্ৰতিশ্ৰুতিৰ পাছত মৃতদেহ সৎকাৰ কৰিবলৈ পৰিয়ালৰ লোক সন্মত হয়। এই ঘটনাক কেন্দ্ৰ কৰি উত্তৰাখণ্ডত চৰম অস্বস্তিত পৰিছে বিজেপি। ইতিমধ্যে বিজেপিয়ে ৰিজৰ্টখনৰ মালিক আৰু তেওঁৰ পিতৃক দলৰ পৰা বহিষ্কাৰ কৰাৰ কথা ঘোষণা কৰিছে।

বিৰোধীয়ে অংকিতা হত্যাকাণ্ডক কেন্দ্ৰ কৰি শাসকীয় দল আৰু চৰকাৰক জবাবদিহী কৰি বিজেপিৰ শাসনত থকা ৰাজ্যতেই যুৱতীৰ নিৰাপত্তা নাই বুলি প্ৰশ্ন তুলিছে। খোদ বিজেপি নেতাৰ পৃষ্ঠপোষকতাতেই এনে কাৰ্য সংঘটিত হৈছে বুলি বিজেপিক সমালোচনাৰে ঠকা সৰকা কৰিছে।

uttarakhand bjp murder case