উত্তৰকাশীৰ সুৰংগত এতিয়াও আৱদ্ধ ৪০ শ্ৰমিকঃ নতুন ড্ৰিলিং মেচিনেৰে আৰম্ভ উদ্ধাৰ কাৰ্য...

উত্তৰকাশীৰ সুৰংগত এতিয়াও আৱদ্ধ ৪০ শ্ৰমিকঃ নতুন ড্ৰিলিং মেচিনেৰে আৰম্ভ উদ্ধাৰ কাৰ্য...
উত্তৰকাশীৰ সুৰংগত এতিয়াও আৱদ্ধ ৪০ শ্ৰমিকঃ নতুন ড্ৰিলিং মেচিনেৰে আৰম্ভ উদ্ধাৰ কাৰ্য...
Published on
Updated on

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ চিল্কিয়াৰা সুৰংগৰ এটা অংশ খহি পৰাৰ ফলত সুৰংগৰ ভিতৰতে আৱদ্ধ হৈ থকা ৪০ জনকৈ শ্ৰমিকক উদ্ধাৰৰ বাবে তীব্ৰ প্ৰচেষ্টা অব্যাহত আছে। বৃহস্পতিবাৰে উচ্চ ক্ষমতাসম্পন্ন আমেৰিকান অগাৰ মেচিনেৰে ড্ৰিলিং পুনৰ আৰম্ভ কৰা হৈছে।

এই সন্দৰ্ভত নিৰ্মাণকাৰী সংস্থাটোৰ বিষয়াসকলে কয়, সুৰংগটোৰ ভিতৰত ড্ৰিলিং সঁজুলি স্থাপন কৰা হৈছে। অতি সোনকালেই ড্ৰিলিং আৰম্ভ কৰা হ'ব। পি টি আইয়ে প্ৰকাশ কৰা অনুসৰি এন এইছ আই ডি চি এলৰ গৈ সুৰংগটো নিৰ্মাণ কৰি থকা নৱযুগ অভিযান্ত্ৰিক কোম্পানীৰ জনসম্পৰ্ক বিষয়া জি এল নাথে পুৱা প্ৰায় ৮ বজাত জনাইছে, এই যন্ত্ৰ স্থাপনৰ কাম প্ৰায় ৯৫ শতাংশ সম্পূৰ্ণ হৈছে। আজিৰ ভিতৰত ড্ৰিলিং আৰম্ভ হ’ব।

উল্লেখ্য যে, এই নতুন ড্ৰিলিং মেচিং স্থাপনৰ কাম বুধবাৰে নিশা ১১ বজাৰ পৰা আৰম্ভ কৰা হৈছিল। প্ৰতিষ্ঠানটোৰ বিষয়া নাথে আশা প্ৰকাশ কৰিছে সুৰংগটোত আৱদ্ধ শ্ৰমিকসকলক সোনকালেই সুৰক্ষিতভাৱে উদ্ধাৰ কৰিব পাৰিব।

তেওঁ কয়, সকলো শ্ৰমিক সুস্থ হৈ আছে আৰু তেওঁলোকক প্ৰতি আধা ঘণ্টাত খাদ্য সামগ্ৰী যোগান ধৰি থকা হৈছে। ইয়াৰ পূৰ্বে মঙলবাৰে নিশা ধ্বংসাৱশেষত ড্ৰিলিং কৰাৰ সময়তে পুনৰ ভূমিস্খলন সংঘটিত হৈছিল। ফলত আধাতে এই ড্ৰিলিং বন্ধ কৰিবলগীয়া হৈছিল।

ইয়াৰ পাছতে ভাৰতীয় বায়ু সেনাৰ হাৰকিউলিছ বিমানেৰে দিল্লীৰ পৰা উত্তৰকাশীলৈ ২৫ টন ওজনৰ এটা অত্যাধুনিক অগৰ যন্ত্ৰ কঢ়িয়াই অনা হৈছিল আৰু এই যন্ত্ৰৰে ড্ৰিলিং আৰম্ভ কৰিছে।

উত্তৰকাশীৰ মুখ্য চিকিৎসা বিষয়া আৰ চি এছ পানৱাৰে জনোৱা অনুসৰি সুৰংগটোৰ ওচৰত এখন ছয় বিচনাযুক্ত অস্থায়ী চিকিৎসালয় স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও, ১০ খন এম্বুলেন্সৰ সৈতে চিকিৎসা দলসমূহো ঘটনাস্থলীত ৰখা হৈছে যাতে শ্ৰমিকসকল ওলাই আহিলে তেওঁলোকক তাৎক্ষণিক চিকিৎসা সহায় কৰিব পৰা যায়।

স্মৰ্তব্য যে, চাৰধাম অল ৱেডাৰ ৰোড প্ৰকল্পৰ তলত নিৰ্মাণ কৰি থকা সুৰংগটো চিল্কিয়াৰাৰ ফালৰ পৰা মুখৰ ২৭০ মিটাৰ ভিতৰত প্ৰায় ৩০ মিটাৰ ভিতৰলৈ খহি পৰিছিল আৰু তেতিয়াৰ পৰা শ্ৰমিকসকল ইয়াৰ ভিতৰত আৱদ্ধ হৈ আছে। তেওঁলোকক উদ্ধাৰৰ বাবে এন ডি আৰ এফ,  এছ ডি আৰ এফ, আই টি বি পি, ব’ৰ্ডাৰ ৰোড অৰগেনাইজেচনৰ ১৬০ জনীয়া উদ্ধাৰকাৰীৰ এটা দল দিন-ৰাতিয়ে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ কাৰ্য চলাই আছে।

উত্তৰকাশীৰ সুৰংগত এতিয়াও আৱদ্ধ ৪০ শ্ৰমিকঃ নতুন ড্ৰিলিং মেচিনেৰে আৰম্ভ উদ্ধাৰ কাৰ্য...
ভোটগ্ৰহণৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ পৰা বৃহৎ পৰিমাণৰ ধন জব্দ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in