/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/b69025d3-3d95-41e3-9dec-c78d694a1d73/tttttttt.jpg)
Uttarakhand Avalanche
উত্তৰাখণ্ডৰ ভয়াবহ হিমস্খলনত আবদ্ধ অসমৰ পৰ্বতাৰোহী।
সন্ধানহীন হৈ আছে অসমৰ বৰ্বতাৰোহী দ্বীপশিখা হাজৰিকা।
দ্বীপশিখা হাজৰিকাৰ ঘৰ গুৱাহাটীত।
আনহাতে অসমৰ আন এগৰাকী পৰ্বতাৰোহী ভাৰ্গৱ বৰা সুকলমে উভতি আহিছে এই ভয়াৱহ দুৰ্ঘটনাৰ পৰা।
সোমবাৰে সংঘটিত হোৱা উত্তৰাখণ্ডত ভয়াৱহ হিমস্খলনত ১০ গৰাকী পৰ্বতাৰোহীৰ মৃত্যু হৈছে।
আনহাতে বৰ্তমানেও সন্ধানহীন হৈ আছে ১১ জন পৰ্বতাৰোহী।
আনহাতে পৰ্বতাৰোহী দলটোৰ ৮ জনক উদ্ধাৰ কৰা হৈছে।
উত্তৰ কাশীৰ নেহৰু মাউণ্টেনাৰিং ইনষ্টিটিউটৰ পৰ্বতাৰোহী আছিল আটাইকেইজন।
প্ৰতিষ্ঠানখনৰ ২৫ জনীয়া প্ৰশিক্ষাৰ্থী পৰ্বতাৰোহী আৰু ৭জন প্ৰশিক্ষকৰ দল উভতি আহোতে সংঘটিত হৈছে এই অঘটন।
১৬ হাজাৰ ফুট উচ্চতাত সংঘটিত এই ভয়াৱহ হিমস্খলন।
সন্ধানহীন পৰ্বতাৰোহীক উদ্ধাৰৰ বাবে ব্যাপক অভিযান
উদ্ধাৰ কাৰ্যত নিয়োজিত হৈছে সামৰিক বাহিনীও।
দুয়োগৰাকী পৰ্বতাৰোহীৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে।
ভাৰ্গৱ বৰাৰ ঘৰ যোৰহাটত।
দীপশিখা বৰাৰ ঘৰ গুৱাহাটীত।
পৰ্বতাৰোহণৰ প্ৰশিক্ষণত ব্যস্ত আছিল তেওঁলোক।
এই হিমস্খলনত নিহত হৈছে ১০ জনৰ।
সবিশেষ তথ্যৰ বাবে এতিয়াও অপেক্ষা কৰি থকা হৈছে।
ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে।