এদিন বন্ধুৰ চিতাৰ কাষত অকলেই থিয় দি আছিল ওষ্টাদ জাকিৰ হুছেইন...

ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ অন্যতম জনপ্ৰিয় তথা কিংবদন্তি তবলাবাদক জাকিৰ হুছেইনে সোমবাৰৰে ৭৩ বছৰ বয়সত ইহ সংসাৰৰ পৰা মেলানি মাগে। আন্তৰ্জাতিক খ্যাতিসম্পন্ন তবলাবাদকগৰাকী ইডিওপেথিক পালমোনাৰি ফাইব্ৰোছিছ নামৰ এটি ৰোগত আক্ৰান্ত হৈ আছিল।

author-image
Asomiya Pratidin
New Update
এদিন বন্ধুৰ চিতাৰ কাষত অকলেই থিয় দি আছিল ওষ্টাদ জাকিৰ হুছেইন...

ডিজিটেল ডেস্কঃ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ অন্যতম জনপ্ৰিয় তথা কিংবদন্তি তবলাবাদক জাকিৰ হুছেইনে সোমবাৰৰে ৭৩ বছৰ বয়সত ইহ সংসাৰৰ পৰা মেলানি মাগে। আন্তৰ্জাতিক খ্যাতিসম্পন্ন তবলাবাদকগৰাকী ইডিওপেথিক পালমোনাৰি ফাইব্ৰোছিছ নামৰ এটি ৰোগত আক্ৰান্ত হৈ আছিল।

Advertisment

জাকিৰ হুছেইন কেৱল এগৰাকী শিল্পীয়েই নাছিল আছিল মানৱীয় প্ৰমুল্যবোধৰে সম্পন্ন গুণী ব্যক্তি। সংকীৰ্ণ ধৰ্মীয় গণ্ডীৰ বাহিৰলৈ গৈ তেওঁ বজাই ৰাখিবলৈ জানিছিল বন্ধুত্বৰ এনাজৰী।

যি সময়ত ধৰ্মীয় গোড়ামিয়ে ভাৰতীয় সমাজত বিভাজনৰ বীজ ৰোপণ কৰিছে সেই সময়তে জাকিৰ হুছেইনে বুজাই দিছিল ধৰ্মীয় গণ্ডীৰ বাহিৰলৈ গৈ কিদৰে ধৰি ৰাখিব পাৰি আত্মীয়তা। ২০২২ চনৰ মে’ মাহত জাকিৰ হুছেইনৰ অন্যতম ঘনিষ্ঠ বন্ধু তথা বিশিষ্ট শিল্পী পণ্ডিত শিৱকুমাৰ শৰ্মাৰ দেহাৱসান ঘটিছিল।

বন্ধুৰ মৃত্যুত স্বাভাৱিকতে শোকাহত হৈছিল জাকিৰ হুছেইনো। পণ্ডিত শিুৱকুমাৰ শৰ্মাক হিন্দু ধৰ্মীয় নিয়ম অনুসৰিয়েই দাহ কৰা হৈছিল।

তেওঁক কান্ধত তুলি শেষকৃত্যৰ স্থলীলৈ লৈ যোৱা হৈছিল। পণ্ডিত শিৱকুমাৰ শৰ্মা যিকেইজন আত্মীয়ৰ কান্ধত উঠি শেষকৃত্যস্থলীলৈ গৈছিল তাৰ মাজৰ এজন অন্যতম আছিল জাকিৰ হুছেইন।

শুভ্ৰ পোচাক পিন্ধি তেওঁ নিজেও কান্ধ পাতি লৈছিল শিৱকুমাৰৰ সাঙি। মুখাগ্নী কৰাৰ পিছত যেতিয়া পণ্ডিত শিৱকুমাৰ শৰ্মাৰ দেহ জ্বলি আছিল সেই সময়ত চিতাৰ ওচৰত অকলেই থিয় দি আছিল জাকিৰ হুছেইন।

জাকিৰ হুছেইন আৰু শিৱকুমাৰ শৰ্মা সম্পৰ্ক কেৱল পেছাগতই নাছিল। ইয়াৰো উৰ্ধত গৈ তেওঁলোক আছিল অতি ঘনিষ্ঠ।

১৯৭৯ চনত মুম্বাইৰ ৰং ভৱনত তেওঁলোকে দুয়োগৰাকীয়ে যুটীয়া ভাৱে এক অনুষ্ঠান পৰিবেশন কৰি চিৰস্মৰণীয় কৰি তুলিছিল। প্ৰিয় বন্ধু শিৱকুমাৰ শৰ্মা যোৱা বাটেৰেই গুছি গ’ল জাকিৰ হুছেইনো। সৰগত হয়তো এই দুয়ো বন্ধুৱে পুনৰ একেলগে পাতিব যাদুকৰী সংগীতৰ মায়াজাল। 

 

তবলাবাদক জাকিৰ হুছেইন