Advertisment

ড০ মনমোহন সিঙৰ মৃত্যুত জো বাইডেনে সোঁৱৰিলে সোণসেৰীয়া অতীত...

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে। ৯২ বছৰ বয়সত যোৱা ২৬ ডিচেম্বৰত দিল্লীৰ এইমছত শেষ নিশ্বাস ত্যাগ কৰিছিল ড০ মনমোহন সিঙে।

author-image
Asomiya Pratidin
New Update
ড০ মনমোহন সিঙৰ মৃত্যুত জু বাইডেনে সোঁৱৰিলে সোণসেৰীয়া অতীত...

ডিজিটেল ডেস্কঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে। ৯২ বছৰ বয়সত যোৱা ২৬ ডিচেম্বৰত দিল্লীৰ এইমছত শেষ নিশ্বাস ত্যাগ কৰা ড০ সিঙৰ মৃত্যুতত বাইডেনে তেওঁৰ লগতে পত্নী জিল ভাৰতৰ জনতাৰ সৈতে শোকৰ সমভাগী হোৱা বুলি উল্লেখ কৰিছে। ড০ সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰি বাইডেনে কয়, জিল আৰু মই ভাৰতৰ জনসাধাৰণৰ সৈতে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুত শোক পালন কৰিছো।

Advertisment

তাৰোপৰি বাইডেনে ড০ মনমোহন সিঙৰ সংগ লাভ কৰাৰ কথাও উল্লেখ কৰিছে। তেওঁ ২০০৮ চনৰ চিনেট বৈদেশিক সম্পৰ্ক সমিতি বৈঠক আৰু ২০০৯ আৰু ২০১৩ চনৰ ভাৰত ভ্ৰমণৰ কথা সোঁৱৰিছে। 

তেওঁ কয়, মই তেওঁক ২০০৮ চনত চিনেট বৈদেশিক সম্পৰ্ক সমিতিৰ অধ্যক্ষ হিচাপে আৰু ২০০৯ চনত মোৰ ভাৰত ভ্ৰমণৰ সময়ত লগ পোৱাৰ সৌভাগ্য লাভ কৰিছিলো। তেওঁ মোক ২০১৩ চনত দিল্লীত আদৰিছিল। সেই সময়ত আমি আমেৰিকা যুক্তৰাষ্ট্ৰ-ভাৰত সম্পৰ্ক সন্দৰ্ভত আলোচনা কৰিছিলো। আমি বন্ধু আৰু অংশীদাৰ হিচাপে একেলগে আমাৰ ৰাষ্ট্ৰৰ সকলো লোকৰ বাবে সম্ভাৱনাৰ এক নতুন ভৱিষ্যত সৃষ্টি কৰাৰ সন্দৰ্ভত গুৰুত্ব দিছিলো।

বাইডেনে আৰু কয় যে, এই কঠিন সময়ত, প্ৰধানমন্ত্ৰী সিঙে যি দৃষ্টিভংগীৰ প্ৰতি তেওঁৰ জীৱনৰ শ্ৰম উৎসৰ্গা কৰিছিল তাৰ প্ৰতি আমি আমাৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰিছো। জিল আৰু মই গুৰশৰণ কৌৰ, তেওঁলোকৰ তিনি সন্তান আৰু ভাৰতৰ জনসাধাৰণলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। "

ভাৰতীয় ৰাজনীতিত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ অৱদান অমূল্য বুলিও উল্লেখ কৰি তেওঁ কয় যে, মনমোহন সিঙৰ নেতৃত্বত, ভাৰতে গোলকীয় অৰ্থনীতিৰ ক্ষেত্ৰত এক নতুন দিগন্ত মুকলি কৰিছিল।

জো বাইডেন ড০ মনমোহন সিং