ঘোষণা হ'ল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলঃ শীৰ্ষত শক্তি ডুবে...

কেন্দ্ৰীয় লোকসেৱা আয়োগে ২০২৪ চনৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। ঘোষিত ফলাফল অনুসৰি এইবাৰ শক্তি ডুবেই শীৰ্ষ স্থান অধিকাৰ কৰিছে।

author-image
Tushar Pratim
New Update
ঘোষণা হ'ল লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলঃ শীৰ্ষত শক্তি ডুবে...

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় লোকসেৱা আয়োগে ২০২৪ চনৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। ঘোষিত ফলাফল অনুসৰি শক্তি ডুবেই প্ৰথম স্থান দখল কৰাৰ বিপৰীতে হৰ্ষিতা গোৱেল আৰু ডংগ্ৰে আৰ্চিত পৰাগে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে।

Advertisment

২০২৪ চনৰ ১৬ জুনত অনুষ্ঠিত অসামৰিক সেৱাৰ পৰীক্ষাত মুঠ ১,০০৯ গৰাকী পৰীক্ষাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিছে। এই পৰীক্ষাত মুঠ ৫,৮৩,২১৩ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল।

প্ৰাৰম্ভিক পৰীক্ষাৰ পাছত ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হোৱা লিখিত (মূল) পৰীক্ষালৈ মুঠ ১৪,৬২৭ গৰাকী পৰীক্ষাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিছিল।ইয়াৰ ভিতৰত ২,৮৪৫ গৰাকী পৰীক্ষাৰ্থীয়ে পৰৱৰ্তী পৰ্যায়লৈ উত্তীৰ্ণ হৈছিল। 

আজি প্ৰকাশিত চূড়ান্ত ফলাফল অনুসৰি মুঠ ১০০৯ জন প্ৰাৰ্থী (৭২৫ জন পুৰুষ আৰু ২৮৪ গৰাকী মহিলা)ক আয়োগে বিভিন্ন সেৱাত নিযুক্তিৰ বাবে নিৰ্বাচিত কৰিছে।

ঘোষিত ফলাফল অনুসৰি শীৰ্ষ পাঁচগৰাকীৰ ভিতৰত আছে তিনিগৰাকী মহিলা আৰু দুজন পুৰুষ। এইবাৰ এই পৰীক্ষাত প্ৰথম স্থান লাভ কৰা শক্তি ডুবেই ৰাজনীতি বিজ্ঞান আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক নিজৰ ঐচ্ছিক বিষয় হিচাপে লৈ যোগ্যতা অৰ্জন কৰে। তেওঁ এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা বি.এছ.চি.বায়’কেমিষ্ট্ৰীৰ স্নাতক।

বৰোদাৰ এম এছ ইউনিভাৰ্চিটিৰ পৰা বি কম স্নাতক হৰ্ষিতা গোৱেলে ৰাজনীতি বিজ্ঞান আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক ঐচ্ছিক বিষয় হিচাপে লৈ দ্বিতীয় স্থান লাভ কৰিছে।

ভি আই টি, ভেলোৰৰ প্ৰাক্তন ছাত্ৰ ডংগ্ৰে আৰ্চিট পৰাগে দৰ্শনক নিজৰ ঐচ্ছিক বিষয় হিচাপে লৈ তৃতীয় স্থান দখল কৰিছে।তেওঁ ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিঙৰ স্নাতক। চতুৰ্থ আৰু পঞ্চম ৰেংক লাভ কৰা শ্বাহ মাৰ্গী চিৰাগ আৰু আকাশ গাৰ্গেও অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰিছিল।

উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ ভিতৰত আছে ৪৫ জন বিশেষ ভাৱে সক্ষম ব্যক্তি। এইসকলৰ ভিতৰত ১২ গৰাকী অৰ্থপেডিকভাৱে অক্ষম, আঠজন দৃষ্টিশক্তিহীন, ১৬ জন শ্ৰৱণ ক্ষমতাহীন, আৰু ৯ জন একাধিক অক্ষমতা থকা প্ৰাৰ্থী।
উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলে ভাৰতীয় প্ৰশাসনিক সেৱা, ভাৰতীয় বৈদেশিক সেৱা, ভাৰতীয় আৰক্ষী সেৱা, আৰু কেন্দ্ৰীয় সেৱা (গ্ৰুপ ‘এ’ আৰু গ্ৰুপ ‘বি’)ত নিযুক্তি লাভ কৰিব।

 

ইউ পি এছ চি