/asomiyapratidin/media/media_files/2025/04/02/8tsQelQHnrjMXyhVH9uU.jpg)
ডিজিটেল ডেস্কঃ ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমে প্ৰকাশ কৰা তথ্য অনুসৰি মাৰ্চ মাহত জনপ্ৰিয় ইউনিফাইড পেমেণ্টছ ইন্টাৰফেছৰ জৰিয়তে লেনদেনে ২৪.৭৭ লাখ কোটি টকাৰ অভিলেখ সৃষ্টি কৰিছে আৰু পূৰ্বৰ মাহৰ তুলনাত ১২.৭ শতাংশ বৃদ্ধি লাভ কৰিছে । ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত ইউপিআইৰ লেনদেনৰ মূল্য আছিল ২১.৯৬ লাখ কোটি টকা।
এন পি চি আইয়ে জনোৱা মতে, মাৰ্চ মাহত এই লেনদেনৰ মূল্য ২৪.৭৭ লাখ কোটি টকা হৈছে। ২০২৪ ৰ মাৰ্চ মাহত এই লেনদেনৰ পৰিমাণ আছিল ১৯.৭৮ লাখ কোটি টকা। স্পাইচ মানিৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া দিলীপ মোদীয়ে এক বিবৃতিত কয় যে ২০২৫ চনৰ মাৰ্চ মাহত ইউ পি আইৰ ২৪.৮ লাখ কোটি টকাৰ অভিলেখ ভংগকাৰী লেনদেনে হৈছে। বিগত বছৰৰ তুলনাত ২৫ শতাংশ বৃদ্ধি হৈছে আৰু ৩৬ শতাংশ আকৰ্ষণীয় বৃদ্ধিৰ সূচনা হৈছে।
তথ্য অনুসৰি মাৰ্চ মাহত ইউ পি আইৰ দৈনিক গড় লেনদেন ৭৯,৯০৩ কোটি টকা। ফেব্ৰুৱাৰীৰ তুলনাত এয়া ১.৯ শতাংশ অধিক, আৰু মুঠ পৰিমাণৰ ক্ষেত্ৰত ২.৬ শতাংশ বৃদ্ধি হৈ ডিজিটেল বিত্তীয় সমাধানৰ প্ৰতি গ্ৰহণযোগ্যতা আৰু আস্থা বৃদ্ধিক দাঙি ধৰিছে।
ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই) আৰু ইণ্ডিয়ান বেংক এছ’চিয়েশ্যনৰ উদ্যোগ এন পি চি আই হৈছে ভাৰতত খুচুৰা পেমেণ্ট আৰু নিষ্পত্তি ব্যৱস্থা চলোৱাৰ বাবে এটা ছাতিৰ দৰে সংস্থা।