/asomiyapratidin/media/media_files/2024/12/02/ZRYJ9toEp9yppsKwgA0q.jpg)
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ বিশ্ব তথা দেশত বৃদ্ধি পাইছে ডিজিটেল লেনদেনৰ প্ৰক্ৰিয়া। নৱেম্বৰ মাহত ইউ পি আই লেনদেনৰ পৰিমাণ প্ৰায় ৩৮শতাংশ বৃদ্ধি পোৱাৰ তথ্য পোহৰলৈ আহিছে। ভাৰতত নৱেম্বৰ মাহত ইউ পি আইত লেনদেন হৈছে প্ৰায় ২১.৫৫লাখ কোটি টকা।
উল্লেখ কৰা প্ৰয়োজন যে, ২০২৩ৰ নৱেম্বৰ মাহত এই লেনদেনৰ পৰিমাণ আছিল ১৫.৪৮কোটি টকা। যোৱা বছৰৰ তুলনাত এই বছৰত প্ৰায় ২৪শতাংশ বৃদ্ধি পাইছে ইউ পি আই লেনদেন।
ইফালে ভাৰতত অক্টোবৰ মাহৰ তুলনাত নৱেম্বৰত ফাষ্টটেগ ইউ পি আই লেনদেনৰ পৰিমাণ ৪শতাংশ বৃদ্ধি পাইছে। অক্টোবৰ মাহত ৩৪৫মিলিয়নৰ বিপৰীতে এই সংখ্যা বৃদ্ধি পাই ৩৫৯ মিলিয়ন হৈছে। আধাৰৰ ভিত্তিত ভাৰতত ইউ পি আই লেনদেন কৰিছে প্ৰায় ৯২মিলিয়ন লোকে। যাৰ মূল্য হৈছে ২৩, ৮৪৪কোটি টকা।