Advertisment

জানুৱাৰী মাহত ইউ পি আইৰ লেনদেন ১৬.৯৯ বিলিয়ন ডলাৰ অতিক্ৰম...

বৃহস্পতিবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য মতে জানুৱাৰী মাহত UPIৰ লেনদেন ১৬.৯৯ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছে। পূৰ্বৰ বছৰবোৰৰ যিকোনো মাহৰ তুলনাত এয়া সৰ্বাধিক।

author-image
Asomiya Pratidin
New Update
 জানুৱাৰী মাহত ইউ পি আইৰ লেনদেন ১৬.৯৯ বিলিয়ন ডলাৰ অতিক্ৰম...

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য মতে জানুৱাৰী মাহত ইউ পি আইৰ লেনদেন ১৬.৯৯ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছে। পূৰ্বৰ বছৰবোৰৰ যিকোনো মাহৰ তুলনাত এয়াই আছিল সৰ্বাধিক। জানুৱাৰীত ২৩.৪৮ লাখ কোটি টকাৰ লেনদেনেৰে ইউ পি আইত নতুন অভিলেখ স্থাপন হৈছে। 

Advertisment

বিত্ত মন্ত্ৰালয়ে এক বিবৃতিত কয় যে, ২০২৩-২৪ চনৰ বাবে ডিজিটেল পেমেণ্টৰ পৰিৱেশে উল্লেখযোগ্য সম্প্ৰসাৰণ প্ৰদৰ্শন কৰিছে। ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ (ইউ পি আই) ভাৰতৰ ডিজিটেল পেমেণ্ট ইক’চিষ্টেমৰ মূল শিলাস্তম্ভ হৈয়েই আছে।

ইউ পি আইয়ে সমগ্ৰ দেশতে ৮০ শতাংশ খুচুৰা পেমেণ্টত অৰিহণা যোগাইছে। ইউ পি আইৰ মুঠ লেনদেনৰ পৰিমাণ ১৩১ বিলিয়ন অতিক্ৰম কৰাৰ লগতে ২০২৩-২৪ বৰ্ষৰ মূল্য ২০০ লাখ কোটি টকা অতিক্ৰম কৰিছে।

ইয়াৰ ব্যৱহাৰৰ সহজতাই অংশগ্ৰহণকাৰী বেংক আৰু ফিনটেক প্লেটফৰ্মৰ ক্ৰমবৰ্ধমান নেটৱৰ্কৰ সৈতে মিলি সমগ্ৰ দেশৰ লাখ লাখ ব্যৱহাৰকাৰীৰ বাবে ইউ পি আইক বাস্তৱ সময়ৰ পেমেণ্ট বা লেনদেনৰ পছন্দৰ ধৰণ কৰি তুলিছে। ২০২৫ ৰ জানুৱাৰীলৈকে ৮০ টাতকৈও অধিক ইউ পি আই এপ, ৬৪১ টা বেংক বৰ্তমান ইউ পি আই পৰিৱেশ তন্ত্ৰত লাইভ হৈ আছে।

২০২৪-২৫ বিত্তীয় বৰ্ষত (২০২৫ চনৰ জানুৱাৰী মাহলৈকে) পিপল টু মাৰ্চেণ্ট (পি টু এম) লেনদেনে ৬২.৩৫ শতাংশ আৰু পি টু পি লেনদেনে সামগ্ৰিক ইউ পি আই ভলিউমৰ ৩৭.৬৫ শতাংশ অৰিহণা যোগাইছিল বুলি ইয়াত উল্লেখ কৰা হৈছে। ২০২৫ চনৰ জানুৱাৰী মাহত পি টু এম লেনদেনৰ অৱদান ৬২.৩৫ শতাংশ হয় য’ত এই লেনদেনৰ ৮৬ শতাংশ ৫০০ টকাৰ মূল্যলৈকে হয় বুলি উল্লেখ কৰি লগতে কয় যে ইয়াৰ দ্বাৰা কম মূল্যৰ ধন পৰিশোধ কৰাৰ বাবে ইউ পি আইয়ে নাগৰিকসকলৰ মাজত আস্থা লাভ কৰাৰ ইংগিত দিছে।

অৰ্থনীতি ইউ পি আই