UPI ব্যৱস্থাৰ পৰা আন দেশেও শিকিবলগীয়া আছেঃ ইউনিভাৰ্চিটি অৱ কেম্ব্ৰিজ বিজনেছ স্কুল

কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ বিজনেছ স্কুলৰ লিড ইনোভেচন হাবৰ অধ্যাপক কাৰ্লোছ মণ্টেছে শেহতীয়াতৈ ইউনিফাইড পেমেণ্টছ ইণ্টাৰৰফেচ চমুকৈ ইউ পি আই সন্দৰ্ভত মন্তব্য কৰিছে।

author-image
Asomiya Pratidin
New Update
ভাৰতৰ UPI ব্যৱস্থাৰ পৰা আন দেশেও শিকিবলগীয়া আছেঃ ইউনিভাৰ্চিটি অৱ কেম্ব্ৰিজ বিজনেছ স্কুল

ডিজিটেল ডেস্কঃ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ বিজনেছ স্কুলৰ লিড ইনোভেচন হাবৰ অধ্যাপক কাৰ্লোছ মণ্টেছে শেহতীয়াতৈ ইউনিফাইড পেমেণ্টছ ইণ্টাৰৰফেচ চমুকৈ ইউ পি আই সন্দৰ্ভত মন্তব্য কৰিছে। তেওঁ ইউ পি আইৰ বাবে দেশসমূহে ভাৰতৰ অভিজ্ঞতাৰ পৰা শিকিবলৈ আৰু নিজৰ দেশত ইয়াক কেনকৈ গ্ৰহণ কৰিব পাৰি তাৰ ধাৰণা লাভ কৰাৰ সম্ভাৱনা আছে বুলিও কয়।

Advertisment

২৮ ফেব্ৰুৱাৰীৰ পৰা নতুন দিল্লীৰ ভাৰত মাণ্ডপামত অনুষ্ঠিত হোৱা NXT Conclave-2025ত অংশগ্ৰহণৰ বাবে ভাৰতলৈ আহিছে অধ্যাপক মণ্টেছ। ভাৰতলৈ আহি তেওঁ ৰাষ্ট্ৰীয় ৰাজধানীত ইউ পি আইৰ ব্যৱহাৰ দেখি আনন্দিত হোৱা বুলি উল্লেখ কৰিছে।

উল্লেখ্য যে, ২০২৫ চনৰ জানুৱাৰী মাহৰ ভিতৰত ইউ পি আইৰ জৰিয়তে প্ৰায় ১৭ বিলিয়ন লেনদেন কৰা হৈছে। ইউ পি আইৰ ব্যৱহাৰ বৃদ্ধিয়ে সকলোৱে একেলগে কাম কৰি এই প্ৰযুক্তি বিকাশ কৰি নাগৰিকৰ বাবে ব্যৱহাৰ অনুকূল কৰি তোলা কাৰ্যক প্ৰশংসা কৰে। লগতে তেওঁ এই কথাও দোহাৰে যে, এই দিশত নিয়মীয়া আৰু অহৰহ উদ্ভাৱনৰ সম্ভাৱনা আছে।

তেওঁ ভাৰতত ইউ পি আইৰ ব্যৱহাৰৰ উচ্চ হাৰৰ কাৰণো ব্যাখ্যা কৰে। ইয়াৰ উপৰিও আন দেশসমূহে ভাৰতৰ অভিজ্ঞতাৰ পৰা শিকি নিজৰ দেশত ইয়াক কেনেকৈ গ্ৰহণ কৰিব পাৰি তাৰ ধাৰণা লাভ কৰাৰ সম্ভাৱনা আছে বুলিও কয়।

বিত্তীয় সেৱা বিভাগৰ অৰ্থনৈতিক উপদেষ্টা সুধীৰ শ্যামে কয় যে, তেওঁলোকে প্ৰকৃততে ইউ পি আই কেনেকৈ কাম কৰে সেই বিষয়ে জানিবলৈ আগ্ৰহী। ভাৰতত আমাৰ দেশত পেমেণ্ট ব্যৱস্থাৰ ক্ষেত্ৰত ইউ পি আই অতি জনপ্ৰিয় হৈ পৰিছে আৰু ক্ৰমান্বয়ে ই বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে।

ইউ পি আই ব্যৱস্থা ইতিমধ্যে ইউ এ ই, মৰিচাছ, নেপাল, ভূটান, ছিংগাপুৰ, শ্ৰীলংকা আৰু মালদ্বীপকে ধৰি ৭খন দেশত কাৰ্যকৰী হৈ আছে। ফ্ৰান্স, পেৰু, ট্ৰিনিদাদ এণ্ড ট’বেকো, পেৰু আৰু নামিবিয়াকে ধৰি ৮ খন দেশত এই সন্দৰ্ভত কাম চলি আছে।

শ্যামে কয় যে, আন কিছুমান দেশেও  ইউ পি আইৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে৷ইউ পি আইৰ আৰম্ভণিৰ পৰা বৰ্তমান পৰ্যন্ত ইয়াৰ ৪৬৫.২ মিলিয় ব্যৱহাৰকাৰী আছে। ইউ পি আই হৈছে ভাৰতৰ তৎক্ষণিক পেমেণ্ট ব্যৱস্থা।

২০১৬ চনত ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমে (এন পি চি আই) ইয়াক বিকাশ কৰিছিল। বৰ্তমান ভাৰতত ৮০ টাতকৈও অধিক এপ ইউ পি আইত লাইভ হৈ আছে। ২০২৫ চনৰ জানুৱাৰী মাহৰ ভিতৰত ইউ পি আইৰ জৰিয়তে ১৭ বিলিয়ন লেনদেন কৰা হৈছে ।

 

ইউ পি আই