/asomiyapratidin/media/media_files/2024/12/02/M9maSVdGduBswiiPecTc.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী: ২ জানুৱাৰীত বিশিষ্ট পণ্ডিত,লোক সংস্কৃতিৰ গৱেষক তথা ভাষাবিদ ড০ উপেন ৰাভা হাকাচামৰ জন্মদিনটো বিভিন্ন কাৰ্যসূচীৰে চতুৰ্দশ বৰ্ষৰ বাবে 'সৰলতাৰ দিন' হিচাপে উদযাপন কৰা হ'ব। গুৱাহাটীৰ অন্যতম আগশাৰীৰ গৱেষণা মঞ্চ দগো ৰাংছাং গৱেষণা সমিতিৰ উদ্যোগত আৰু নিখিল ৰাভা ছাত্ৰ সন্থাৰ ওদালগুৰি আঞ্চলিকৰ সহযোগত অহা এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
দগো ৰাংছাং গৱেষণা সমিতিৰ সভাপতি ডঃ অংশুমান দাস আৰু সম্পাদক ডঃ কনেশ্বৰ বৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিত জনোৱা অনুসৰি সৰলতাৰ দিনৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি "অসমৰ থলুৱা সম্পদেৰে গ্ৰাম্য যুৱকৰ উদ্যমিতা বিকাশ : সুযোগ আৰু পৰিকল্পনা" শীৰ্ষক এক বক্তৃতা অনুষ্ঠানৰো আয়োজন কৰা হৈছে। এই বক্তৃতা অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ প্ৰশিক্ষণ আৰু উদ্যমিতা বিকাশৰ বিশেষজ্ঞ ডঃ হেমন্ত কুমাৰ ৰাভা।
ওদালগুৰি কমুউনিটি হলত অনুষ্ঠিত হবলগীয়া এই সৰলতাৰ দিন উপলক্ষে দগো ৰাংছাং গৱেষণা সমিতিৰ তৰফৰ পৰা এইবেলি শিশু সাহিত্য বঁটা প্ৰদান কৰা হ'ব বিশিষ্ট শিশু সাহিত্যিক তথা কটন কলেজিয়েট স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী এলিজা শৰ্মাক।
কেবাখনো গ্ৰন্থ উন্মোচন হবলগীয়া এই অনুষ্ঠানত দৰং কলা কৃষ্টি বিকাশৰ এগৰাকী একনিষ্ঠ সেৱক, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক,সমাজ সংগঠক তথা বিশিষ্ট সমাজ সেৱক তৰুণ আজাদ ডেকাক বিশেষ সম্বৰ্ধনা জনোৱা হ'ব। ওদালগুৰি আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰ ৰাভা আৰু সম্পাদক ৰাহুল ৰাভাই এই অনুষ্ঠানত ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।