হাতৰ ফোনটোৰেই আৰক্ষীক দিব পাৰিব অভিযোগ

হাতৰ ফোনটোৰেই আৰক্ষীক দিব পাৰিব অভিযোগ

author-image
asomiyapratidin
New Update
হাতৰ ফোনটোৰেই আৰক্ষীক দিব পাৰিব অভিযোগ

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডিজিটেল ইণ্ডিয়াক বাস্তৱ ৰূপ দিয়াৰ দিশত আৰু এক খোজ দিলে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। এতিয়াৰে পৰা উত্তৰ প্ৰদেশৰ আৰক্ষী থানাত উপস্থিত হৈ অভিযোগ দিয়াৰ প্ৰয়োজন নাই।

Advertisment

শেহতীয়াকৈ উত্তৰ প্ৰদেশ আৰক্ষীয়ে মুকলি কৰিছে  UPCOP নামৰ এটা নতুন মোবাইল এপছ। এই এপছটোৰ জৰিয়তে ঘৰতে বহি যিকোনো  ধৰণৰ অভিযোগ আপুনি আৰক্ষী চকীলৈ নোযোৱাকৈ দাখিল কৰিব পাৰিব।

সোমবাৰে উত্তৰ প্ৰদেশৰ আৰক্ষী অধীক্ষক অ পি সিঙে এক সংবাদমেলত জনায় যে, এই এপছটোত যিকোনো অভিযোগৰ এজেহাৰ পৰা আদি কৰি চৰিত্ৰ প্ৰমানপত্ৰ লৈকে মুঠ ২২টা সেৱা উপলদ্ধ হ'ব।

জ্যেষ্ঠ নাগৰিক আৰু শাৰীৰিকভাৱে অক্ষম লোকৰ বাবেও পৃথকভাৱে এটা ফিচাৰ আছে এপছটোত। জনগণৰ সজাগতাৰ ক্ষেত্ৰতো বিশেষভাৱে গুৰুত্ব দিবলগীয়া এই এপছটো কাৰ্যকাৰিতাৰ বাবে প্লেষ্টৰৰ পৰা প্ৰথমে ডাইনলড কৰিব লাগিব বুলি অধীক্ষক জনে জানিবলৈ দিয়ে। এই নতুন এপছটোৱে জনসাধাৰণক বহু সহায় কৰিব বুলি আশাবাদী উত্তৰ প্ৰদেশ আৰক্ষী।