বাসগৃহত প্ৰৱেশ কৰি মহিলাক দলবদ্ধ ধৰ্ষণ, চিগাৰেটেৰে জ্বলাই দিলে শৰীৰৰ অংশ...

বাসগৃহত প্ৰৱেশ কৰি মহিলাক দলবদ্ধ ধৰ্ষণ, চিগাৰেটেৰে জ্বলাই দিলে শৰীৰৰ অংশ...

ডিজিটেল ডেস্কঃ বাসগৃহত প্ৰৱেশ কৰি এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ দুৰ্বৃত্তৰ। ঘটনাৰ বিৱৰণী অনুসৰি এগৰাকী ব্যৱসায়ীৰ ঘৰত দুৰ্বৃত্তই প্ৰৱেশ কৰি তেওঁৰ পত্নীক দলবদ্ধ ধৰ্ষণ কৰাৰ লগতে শৰীৰত চিগাৰেটৰে পুৰি দিয়ে।

উত্তৰ প্ৰদেশৰ বিজনোৰত মঙলবাৰে সংঘটিত হৈছে এই ঘটনা। দুৰ্বৃত্তসকলে ঘৰটোত লুটপাটো চলায়। প্ৰায় ২ কিলো ৰূপ, সোণ আৰু ১.৫ লাখ টকা দুৰ্বৃত্তই লুটি নিয়ে বুলি আৰক্ষীক জনাই ব্যৱসায়ীগৰাকীয়ে।

ঘটনাৰ পাছতে মহিলাগৰাকীক ঘৰৰ ভিতৰত তলা লগাই দুৰ্বৃত্তই পলায়ন কৰে। এই সময়ত ঘৰৰ আনবোৰ সদস্য বজাৰ কৰিবলৈ গৈছিল।

ব্যৱসায়ীগৰাকীয়ে এজাহাৰত উল্লেখ কৰা অনুসৰি চুবুৰীয়াৰ ছাদৰ ওপৰেৰে দুৰ্বৃত্তই তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰিছিল। তাৰ পাছতে এই সমগ্ৰ ঘটনা সংঘটিত কৰিছিল। লগতে কয় যে, মহিলাগৰাকীক প্ৰথমে অজ্ঞান কৰি লৈছিল দুৰ্বৃত্তকেইজনে। যেতিয়া তেওঁ সাৰ পাইছিল নিজকে বান্ধি থোৱা অৱস্থাত পাইছিল আৰু দেহৰ বহু অংশত চিগাৰেটৰ পোৰা দাগ আছিল।

এই সন্দৰ্ভত আৰক্ষীয়ে বুধবাৰে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। এতিয়ালৈকে এই ঘটনা সন্দৰ্ভত কোনো গ্ৰেপ্তাৰ হোৱা নাই।

বাসগৃহত প্ৰৱেশ কৰি মহিলাক দলবদ্ধ ধৰ্ষণ, চিগাৰেটেৰে জ্বলাই দিলে শৰীৰৰ অংশ...
ইজৰাইলী সেনাই আক্ৰমণ কৰিলে হামাছৰ শীৰ্ষ বিষয়াৰ ঘৰত, শ্বেয়াৰ কৰিলে ভিডিঅ'

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in