Advertisment

ভোটাৰক বেয়া ব্যৱহাৰ কৰি নিলম্বিত কেইবাগৰাকী আৰক্ষী...

উত্তৰ প্ৰদেশৰ ৯ বিধানসভা সমষ্টিত পুৱাৰে পৰা অনুষ্ঠিত হৈ আছে ভোটগ্ৰহণ। বহুকেইটা ভোটকেন্দ্ৰত সংঘটিত হোৱা বিক্ষিপ্ত ঘটনাৰ মাজেৰে অনুষ্ঠিত হৈছে এই ভোটগ্ৰহ...

author-image
Asomiya Pratidin
New Update
যোগী আদিত্যনাথ

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ৯ বিধানসভা সমষ্টিত পুৱাৰে পৰা অনুষ্ঠিত হৈ আছে ভোটগ্ৰহণ। বহুকেইটা ভোটকেন্দ্ৰত সংঘটিত হোৱা বিক্ষিপ্ত ঘটনাৰ মাজেৰে অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ। পুৱা ভাগতে মুজ্জাফৰপুৰ এটা ভোটকেন্দ্ৰত ভোটাৰলৈ লক্ষ্য কৰি দুৰ্বৃত্তই শিলগুটি নিক্ষেপ কৰা ঘটনাৰ পাছতে দুপৰীয়া ভাগলৈ আৰক্ষীৰ ওপৰতো উত্থাপিত হৈছে গুৰুতৰ অভিযোগ। 

Advertisment

বুধবাৰে পুৱা ভাগত মীৰাপুৰত এগৰাকী আৰক্ষীয়ে ভোটাৰক ভোটাধিকাৰ সাব্যস্ত কৰাত বাধা দিয়াৰ অভিযোগ উত্থাপিত হৈছিল। ইয়াৰ পিছতে উক্ত বিষয়টোক লৈ সমাজৱাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ যাদৱে টুইটযোগে এটা ভিডিঅ শ্বেয়াৰ কৰি এই আৰক্ষী বিষয়াসকলৰ শাস্তি দাবী তুলিছিল।

ইয়াৰ পাছতে উত্তৰ প্ৰদেশ আৰক্ষীয়ে নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি আটাইকেইগৰাকী আৰক্ষীৰ বিষয়া-জোৱাক তৎকালীনভাৱে নিলম্বিত কৰে। উল্লেখ কৰা প্ৰয়োজন যে, অখিলেশ যাদৱে নিৰ্বাচনী আয়োগক অনুৰোধ জনাই কৈছিল যে, ভোট দিবলৈ যাওতে যদি আৰক্ষীয়ে এনেদৰে ভোটাৰক বাধা দি ধমকি দিয়ে, তেন্তে কেনেকৈ দেশৰ গণতন্ত্ৰ বৰ্তি থাকিব। নিৰ্বাচন আয়োগে ইয়াৰ বিৰুদ্ধে প্ৰদক্ষেপ গ্ৰহণ কৰি দৃষ্টান্ত দাঙি ধৰিব লাগে।

উল্লেখ কৰা প্ৰয়োজন যে, উত্তৰ প্ৰদেশৰ ৯খন আসনৰ বাবে ৯০গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ৩৬লাখৰো অধিক ভোটাৰে এই ৯সমষ্টিত ৯০গৰাকীৰ প্ৰাৰ্থী ভাগ্য নিৰ্ণয় কৰিব। উত্তৰাখণ্ডতো আজি কেদাৰনাথ বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে উপ নিৰ্বাচন। এই সমষ্টিত বিজেপিৰ প্ৰাৰ্থী আশা নৌটিৱাল আৰু কংগ্ৰেছৰ প্ৰাৰ্থী মনোজ ৰাৱটৰ মাজতে মূলযুঁজখন হব বুলি ধাৰণা কৰা হৈছে।

উত্তৰ প্ৰদেশত উপ নিৰ্বাচন অনুষ্ঠিত হোৱা সমষ্টিকেইটা হৈছে- গাজিয়াবাদ, মীৰাপুৰ, খেৰ, কুন্দৰকী, কটেহৰী, কৰহল, ফুলপুৰ আৰু মিৰ্জাপুৰ। ইফালে আজি মহাৰাষ্ট্ৰত ২৮৮খন আসনৰ বাবে অনুষ্ঠিত হৈছে এই নিৰ্বাচন। ইয়াৰে ২৯খন আসন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আৰু ২৫খন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। এই নিৰ্বাচনত মুঠ ৪,১৪০ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। 

আনহাতে ঝাৰখণ্ড আজি অন্তিম তথা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ৰাজ্যখনত ৩৮খন আসনৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন। এই ৩৮টা সমষ্টিত ৫২৮গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে। এই প্ৰাৰ্থীসকলৰ ভিতৰত আছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনো।  ঝাৰখণ্ডত আজিৰ নিৰ্বাচনত ভোটদান কৰিব ১.২৩কোটি ভোটাৰে। 

 

উত্তৰ প্ৰদেশ