Advertisment

উপ নিৰ্বাচনঃ উত্তৰ প্ৰদেশত উত্তপ্ত পৰিস্থিতি, ভোটাৰলৈ শিলগুটি নিক্ষেপ

উত্তৰ প্ৰদেশৰ ৯সমষ্টিত আজি অনুষ্ঠিত হৈছে উপ নিৰ্বাচন। পুৱা ৯বজালৈকে উত্তৰ প্ৰদেশৰ উপ নিৰ্বাচনৰ ভোটদানৰ হাৰ হৈছে ৯.৬শতাংশ। এই উপনিৰ্বাচনক লৈ শাসক-বিৰোধী সকলোৱে অধিক গুৰুত্ব প্ৰদান কৰিছে

author-image
Asomiya Pratidin
New Update
উত্তৰ প্ৰদেশ

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ৯সমষ্টিত আজি অনুষ্ঠিত হৈছে উপ নিৰ্বাচন। পুৱা ৯বজালৈকে উত্তৰ প্ৰদেশৰ উপ নিৰ্বাচনৰ ভোটদানৰ হাৰ হৈছে ৯.৬শতাংশ। এই উপনিৰ্বাচনক লৈ শাসক-বিৰোধী সকলোৱে অধিক গুৰুত্ব প্ৰদান কৰিছে। নিৰ্বাচনী বিশ্লেষকসকলৰ মতে, শাসক-বিৰোধী উভয়েই এই উপ নিৰ্বাচনক ২০২৭ৰ বিধানসভা নিৰ্বাচনৰ ছেমি ফাইনেল বুলি গণ্য কৰিছে।

Advertisment

এই উপনিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়ত মুজ্জাফৰপনগৰত পুৱাই অপ্ৰীতিকৰ এক পৰিস্থিতিৰ সূত্ৰপাত হৈছে। একাংশ ভোটাৰলৈ লক্ষ্য কৰি দুৰ্বৃত্তই ভোটকেন্দ্ৰলৈ শিলগুটি দলিওৱাৰ ঘটনা সংঘটিত হৈছে। ইয়াকে লৈ সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে কেইবাটাও ভোটকেন্দ্ৰত কিছু সময়ৰ বাবে বন্ধ কৰি ৰখা হয় ভোটদান প্ৰক্ৰিয়া।

কেৱল এয়াই নহয়, কটেহৰী আৰু গাজিয়াবাদৰ বহুকেইটা ভোটকেন্দ্ৰতো শাসক-বিৰোধী সমৰ্থকৰ মাজত অৰিয়াঅৰিৰ ঘটনা সংঘটিত হৈছে। উল্লেখ কৰা প্ৰয়োজন যে,  

উত্তৰ প্ৰদেশৰ ৯খন আসনৰ বাবে ৯০গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ৩৬লাখৰো অধিক ভোটাৰে এই ৯সমষ্টিত ৯০গৰাকীৰ প্ৰাৰ্থী ভাগ্য নিৰ্ণয় কৰিব। উত্তৰাখণ্ডতো আজি কেদাৰনাথ বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে উপ নিৰ্বাচন। এই সমষ্টিত বিজেপিৰ প্ৰাৰ্থী আশা নৌটিৱাল আৰু কংগ্ৰেছৰ প্ৰাৰ্থী মনোজ ৰাৱটৰ মাজতে মূলযুঁজখন হব বুলি ধাৰণা কৰা হৈছে।

উত্তৰ প্ৰদেশত উপ নিৰ্বাচন অনুষ্ঠিত হোৱা সমষ্টিকেইটা হৈছে- গাজিয়াবাদ, মীৰাপুৰ, খেৰ, কুন্দৰকী, কটেহৰী, কৰহল, ফুলপুৰ আৰু মিৰ্জাপুৰ। ইফালে আজি মহাৰাষ্ট্ৰত ২৮৮খন আসনৰ বাবে অনুষ্ঠিত হৈছে এই নিৰ্বাচন। ইয়াৰে ২৯খন আসন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আৰু ২৫খন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। এই নিৰ্বাচনত মুঠ ৪,১৪০ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। 

আনহাতে ঝাৰখণ্ড আজি অন্তিম তথা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ৰাজ্যখনত ৩৮খন আসনৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন। এই ৩৮টা সমষ্টিত ৫২৮গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে। এই প্ৰাৰ্থীসকলৰ ভিতৰত আছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনো।  ঝাৰখণ্ডত আজিৰ নিৰ্বাচনত ভোটদান কৰিব ১.২৩কোটি ভোটাৰে। 

উত্তৰ প্ৰদেশ