বিয়াৰ বাবে অমান্তি! ধৰ্ষণ, হত্যা কৰি গছত ওলমাই থ'লে ২ ভগ্নীক

পুনৰ চৰ্চাত আছে লখিমপুৰৰ খেৰি। বুধবাৰে উত্তৰ প্ৰদেশ, লখিপুৰৰ খেৰীত দুই কিশোৰী ভগ্নীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ৰাজ্যখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।

author-image
Asomiya Pratidin
New Update
বিয়াৰ বাবে অমান্তি! ধৰ্ষণ, হত্যা কৰি গছত ওলমাই থ'লে ২ ভগ্নীক

up police

ডিজিটেল ডেস্ক: পুনৰ চৰ্চাত আছে লখিমপুৰৰ খেৰি। বুধবাৰে উত্তৰ প্ৰদেশ, লখিপুৰৰ খেৰীত দুই কিশোৰী ভগ্নীৰ মৃতদেহ  উদ্ধাৰ হোৱা ঘটনাই ৰাজ্যখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।

Advertisment

ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৬ জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে।গ্ৰেপ্তাৰ কৰা কেইজন ক্ৰমে- চুহাইল, জুনেইদ, হাফিজুল,ৰহমান, কৰিমুদ্দিন আৰু আৰিফ। ইতিমধ্যে ২ জন অভিযুক্তই হত্যাকাণ্ডৰ ঘটনা স্বীকাৰ কৰিছে।

ঘটনাৰ বিৱৰণী অনুসৰি চুহাইল আৰু জুনেডে কিশোৰী কেইগৰাকীক প্ৰথমে ধৰ্ষণ কৰে।দুই অভিযুক্তই দুই কিশোৰীয়ে বিবাহৰ প্ৰস্তাৱ আগবঢ়াই যদিও তেওঁলোক মান্তি নহয়।

তাৰ পাছতেই দুই কিশোৰীৰ ডিঙি চেপি হত্যা কৰিছিল তেওঁলোকে লগতে সহায় কৰিছিল আন কেইজন বন্ধুয়ে। হত্যাৰ পাছতে প্ৰমাণ নোহোৱা কৰিবলৈ  দুই কিশোৰীক গছত ওলমাই থৈছিল আটাইকেইজনে ।অভিযুক্তৰ বিৰুদ্ধে ধাৰা ৩০২,৩০৬ আৰু পচকোৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

উল্লেখ্য যে, পৰিয়ালৰ লোকৰ উপস্থিতিত দুই কিশোৰীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ'ব। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।

rape uttar pradesh murder crime