Advertisment

প্ৰেমক বাধা দিব নোৱাৰিলে কাঁইটীয়া বেৰে ! পাকিস্তান পালেগৈ UP ৰ প্ৰেমিক

কোনো কাঁইটীয়া বেৰে বাধা দিব ৰাখিব নোৱাৰে প্ৰেমক। প্ৰেম অপ্ৰতিৰোধ্য। এই কথাকেই আকৌ এবাৰ প্ৰমাণ কৰিলে উত্তৰ প্ৰদেশৰ এজন ব্যক্তিয়ে। প্ৰেয়সিক লগ ধৰিবলৈ পাকিস্তান পালগৈ UP ৰ যুৱক

author-image
Asomiya Pratidin
New Update
পাকিস্তান

ডিজিটেল ডেস্কঃ কোনো কাঁইটীয়া বেৰে বাধা দিব ৰাখিব নোৱাৰে প্ৰেমক। প্ৰেম অপ্ৰতিৰোধ্য। এই কথাকেই আকৌ এবাৰ প্ৰমাণ কৰিলে উত্তৰ প্ৰদেশৰ এজন ব্যক্তিয়ে।

Advertisment

ফেচবুকত পাকিস্তানৰ এগৰাকী যুৱতীৰ সৈতে চিনাকী হৈ প্ৰেমৰ সম্পৰ্কত বান্ধ খাইছিল উত্তৰ প্ৰদেশৰ আলিগড় জিলাৰ এজন ব্যক্তি। পিছে প্ৰেয়সীক লগ ধৰিবলৈ যায় কেনেকৈ?

অৱশেষত ল’লে চূড়ান্ত সিদ্ধান্ত। সীমান্ত পাৰ হৈ লগ ধৰিবলৈ যাব প্ৰেয়সীক। কথা মতেই কাম। ৩০ বছৰীয়া বাদল বাবু নামৰ উত্তৰ প্ৰদেশৰ যুৱকজনে সীমান্তৰ কাঁইটীয়া বেৰ অবৈধভাৱে পাৰ হৈ উপস্থিত হ’লগৈ পাকিস্তানৰ পঞ্জাৱ প্ৰদেশ।

প্ৰেম অন্ধ হ’লেও অৱশ্যে আৰক্ষী, প্ৰশাসন অন্ধ নহয়। অৱশেষত অবৈধভাৱে পাকিস্তানত প্ৰৱেশ কৰা বাদল পৰিল পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ আৰক্ষীৰ জালত। পঞ্জাৱ আৰক্ষীয়ে মাণ্ডি বাহাউদ্দিন চহৰত গ্ৰেপ্তাৰ কৰে তেওঁক।

পাকিস্তানৰ এক কৰ্তৃত্বশীল বিষয়াই উল্লেখ কৰা মতে বাদল বাবুৱে জেৰাৰ সময়ত স্বীকাৰ কৰিছে তেওঁ ফেচবুকত এগৰাকী মহিলাৰ সৈতে চিনাকী হৈছিল। এই চিনাকীৰেই প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হৈছিল। সেয়ে ভিছা অবিহনেই অবৈধভাৱে সীমান্ত পাৰ হৈ পাকিস্তানত উপস্থিত হয়গৈ।

যোৱা ২৭ ডিচেম্বৰত বাদল বাবুক গ্ৰেপ্তাৰ কৰা হৈছিল। গ্ৰেপ্তাৰৰ সময়ত তেওঁৰ হাতত নাছিল কোনো বৈধ ভ্ৰমণ নথি পত্ৰ। তেওঁৰ বিৰুদ্ধে পাকিস্তানৰ বিদেশী আইন, ১৯৪৬ৰ ১৩ আৰু ১৪ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

এই গোচৰতে আদালতে তেওঁক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। অহা ১০ জানুৱাৰীত তেওঁক পুনৰ আদালতত হাজিৰ কৰোৱা হ’ব। প্ৰাৰম্ভিক অনুসন্ধানত প্ৰকাশ পাইছে উত্তৰ প্ৰদেশৰ এই যুৱকজনে পূৰ্বেও দুবাৰ কৈ ভাৰত-পাকিস্তান সীমান্ত অতিক্ৰম কৰিবলৈ চেষ্টা কৰিছিল কিন্তু বিফল হৈছিল।

তেওঁ তৃতীয় প্ৰচেষ্টাত পাকিস্তানত প্ৰৱেশ কৰাত সফল হয় যদিও ধৰা পৰে। অৱশ্যে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’লেও তেওঁ প্ৰেয়সীক লগ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, এয়াই প্ৰথম নহয়, দেশ দুখনৰ মাজত পূৰ্বেও অনুৰূপ ঘটনা সংঘটিত হৈছে।

চলিত বছৰৰে জুলাই মাহত সংঘটিত একেধৰণৰ ঘটনাত উত্তৰ প্ৰদেশৰ এজন ব্যক্তিয়ে অনলাইনত লগ পোৱা এগৰাকী পাকিস্তানী যুৱতীক বিয়া কৰাবলৈ সীমান্ত পাৰ হ'বলৈ চেষ্টা কৰিছিল। অৱশ্যে, সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলে তেওঁৰ চেষ্টাক ব্যৰ্থ কৰে। 

 

উত্তৰ প্ৰদেশ পাকিস্তান