ধৰ্মীয় শোভাযাত্ৰাত বিদ্যুৎস্পৃষ্ট হৈ ৫ জন লোকৰ কৰুণ মৃত্যু...
ধৰ্মীয় শোভাযাত্ৰাত বিদ্যুৎস্পৃষ্ট হৈ ৫ জন লোকৰ কৰুণ মৃত্যু...

ধৰ্মীয় শোভাযাত্ৰাত বিদ্যুৎস্পৃষ্ট হৈ ৫ জন লোকৰ কৰুণ মৃত্যু...

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মীৰাটত এক ধৰ্মীয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰাৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ ৫ গৰাকী লোকৰ মৃত্যু হোৱা ঘটনাই শোকৰ ছাঁ পেলাইছে। জানিব পৰা মতে মীৰাটৰ ভৱনপুৰ আৰক্ষী থানাৰ এলেকাত ধৰ্মীয় যাত্ৰাৰ সময়তে ব্যৱহাৰ কৰা ডিজেত সংযুক্ত উচ্চ প্ৰাবল্যৰ বৈদ্যুতিক তাঁৰত লাগি বহু কেইজন ভক্তৰ আঘাতপ্ৰাপ্ত হোৱাৰ উপৰিও ৫ গৰাকী ভক্তৰ মৃত্যু হয়।

ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। এই সন্দৰ্ভত মণ্ডল আয়ুক্ত চেলভা কুমাৰী জেয়ে কয় যে, সমগ্ৰ বিষয়টো সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্ত সমিতি গঠন কৰা হৈছে ।

একেদৰে জিলা প্ৰশাসন আৰু পশ্চিমাঞ্চল বিদ্যুৎ বিতৰণ নিগম লিমিটেডকো বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।তদন্তৰ প্ৰতিবেদন লাভ কৰাৰ পাছতে ঘটনা সন্দৰ্ভত দোষী লোকসকলৰ বিকুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলকে দোষী সাব্যস্ত কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। ইফালে ঘটনা সন্দৰ্ভত ৰাজনীতি কৰাৰ অভিযোগত উত্তেজিত ৰাইজৰ ৰোষত পৰে সমাজবাদী পাৰ্টীৰ এগৰাকী নেতাও।

তাৰ মাজতে সমাজবাদী পাৰ্টীয়ে এই ঘটনাত নিহত আৰু আহতসকললৈ সাহায্য ঘোষণা কৰিবলৈ ৰাজ্যখনৰ চৰকাৰলৈ দাবী জনাইছে।

ধৰ্মীয় শোভাযাত্ৰাত বিদ্যুৎস্পৃষ্ট হৈ ৫ জন লোকৰ কৰুণ মৃত্যু...
বিপদত নীতিশ কুমাৰ, তেজস্বী যাদৱঃ আৰক্ষীৰ প্ৰহাৰত বিজেপি কৰ্মীৰ মৃত্যুৰ অভিযোগ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in