ফটকাৰ গুদামত বিস্ফোৰণ, থিতাতে নিহত ৫গৰাকী...

up-explosion-in-firecracker-factory-in-firozabad-5-dead

author-image
Asomiya Pratidin
New Update
ফটকাৰ গুদামত বিস্ফোৰণ, থিতাতে নিহত ৫গৰাকী...

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ফিৰোজাবাদৰ এটা ফটকা গুদামত হোৱা ভয়ংকৰ বিস্ফোৰণৰ ফলত থিতাতে নিহত হৈছে ৫গৰাকীকৈ লোকৰ। সংকটজনক অৱস্থাত এতিয়াও হস্পাতালৰ বিচনাত আছে ১০গৰাকীকৈ লোক।

Advertisment

এই বিস্ফোৰণ ইমানেই ডাঙৰ আছিল যে, গুদামৰ কাষত থকা ঘৰসমূহো ক্ষতিগ্ৰস্ত হয়। সোমবাৰে নিশা প্ৰায় ১০বজাত এই গুদামত জুই লগাৰ পাছতে এই বিস্ফোৰণ সংঘটিত হয়। প্ৰত্যক্ষদৰ্শীয়ে সদৰি কৰা অনুসৰি, সমগ্ৰ অঞ্চলটো ধোৱাঁই ছানি ধৰাৰ লগতে ওচৰৰ দুটাকৈ গৃহও ভাগি পৰে এই বিস্ফোৰণত।

ইফালে উক্ত ঘটনাৰ পাছতে প্ৰশাসনৰ লোক উপস্থিত হৈ গুদামটো পৰিদৰ্শন কৰে আৰু বিভিন্ন দিশ চালি-জাৰি চাই পৰৱৰ্তী নিৰ্দেশ নোপোৱা পৰ্যন্ত গুদামটোত কোনো সামগ্ৰী নভৰাবলৈ নিৰ্দেশ প্ৰদনান কৰিছে। বৰ্তমানেও ঘটনাস্থলীত আৰক্ষীৰ লোকে চলাই আছে উদ্ধাৰ অভিযান।  

Also Read: Arvind Kejriwal Resignation: আজিৰ পৰা দিল্লীৰ মুখ্যমন্ত্ৰী নহয় অৰবিন্দ কেজৰিৱাল...

উত্তৰ প্ৰদেশ