Advertisment

উত্তৰ প্ৰদেশৰ উপ নিৰ্বাচনত অপ্ৰতিৰোধ্য বিজেপি...

উত্তৰ প্ৰদেশৰ ৯বিধানসভা সমষ্টিতো দেখা গৈছে বিজেপিৰ অগ্ৰগতি। ৯খন আসনৰ ভিতৰত ৬খন আসনতেই আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, উত্তৰ প্ৰদেশৰ কুন্দৰকী, গাজিয়াবাদ সদৰ,

author-image
Asomiya Pratidin
New Update
উত্তৰ প্ৰদেশ

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ৯বিধানসভা সমষ্টিতো দেখা গৈছে বিজেপিৰ অগ্ৰগতি। ৯খন আসনৰ ভিতৰত ৬খন আসনতেই আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, উত্তৰ প্ৰদেশৰ কুন্দৰকী, গাজিয়াবাদ সদৰ, মঞ্জৱা, ফুলপুৰ, খেৰ, কটেহৰীত বিজেপিৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰি আছে। ইয়াৰ বিপৰীতে ছীছামৰু আৰু কৰহল সমষ্টিত আগবাঢ়ি আছে সমাজৱাদী পাৰ্টি। আনহাতে মীৰাপুৰ সমষ্টিত ৰাষ্ট্ৰীয় লোক দলৰ প্ৰাৰ্থীগৰাকী বৰ্তমানলৈ আগবাঢ়ি আছে। 

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে, উত্তৰ প্ৰদেশত ৯টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনক লৈ শাসক-বিৰোধী সকলো উবুৰি খাই পৰিছিল। যোগী আদিত্যনাথেও বহুকেইটা সমষ্টিত চলাইছিল নিৰ্বাচনী প্ৰচাৰ। আনহাতে ৯সমষ্টিত অধিকাংশ স্থানত প্ৰচাৰ চলাইছিল অখিলেশ যাদৱেও। লোকসভাত হোৱা ফলাফললৈ চাই এই উপ নিৰ্বাচনত বিজেপিৰ আসন হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছিল যদিও মূৰকত সেয়া হৈ নুঠিল। 

 

 

উত্তৰ প্ৰদেশ