/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/WhatsApp-Image-2022-02-08-at-12.33.54-PM.jpeg)
ডিজিটেল ডেস্ক:
উত্তৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ বাবে মঙলবাৰে বিজেপিয়ে ''জনকল্যান সংকল্প পত্ৰ ২০২২'' শীৰ্ষক নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে।কেইবাটাও প্ৰতিশ্ৰুতিৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগতে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে।
কৃষকৰ বাবে থকা কেইটামান প্ৰতিশ্ৰুতি-
- জলসিঞ্চনৰ বাবে কৃষকসকলৰ বাবে বিনামূলীয়া বিদ্যুত
- ৫ হাজাৰ কোটি টকাৰ জলসিঞ্চন আঁচনি।
- ২৫ হাজাৰ কোটি টকাৰ সৰদাৰ পেটেল এগ্ৰো ইনফ্ৰাষ্টাক্চৰ মিচন।
- আলু বিলাহী আদিৰ নূন্যতম মূল্য দিয়াৰ বাবে ১ হাজাৰ কোটি টকা।
মহিলাৰ বাবে থকা কেইটামান প্ৰতিশ্ৰুতি-
- কলেজলৈ হোৱা সকলৰ বাবে বিনামূলীয়া স্কূটী।
- উজ্জৱালাৰ লাভাৰ্থী সকলক হোলী আৰু দিপাৱলীত ২টাকৈ বিনামূলীয়া এলপিজি চিলিণ্ডাৰ।
- কন্যা সুমংগলা যোজনাৰ ধন ১৫ হাজাৰৰ পৰা বৃদ্ধি কৰি ২৫ হাজাৰ কৰা ।
- দৰিদ্ৰ পৰিয়ালৰ কন্যাৰ বিবাহৰ বাবে ১ লাখ টকাৰ আৰ্থিক সাহায্য।
- প্ৰতিগৰাকী বিধৱা আৰু নিৰক্ষৰ মহিলাক মাহিলী ১৫০০ টকা।
- ৩টা নতুন মহিলা বেটেলিয়ান।
- সাৰ্বজানিক আৰু শৈক্ষিক স্থানত চিচিটিভি কেমেৰা।
- সকলো ধৰণৰ চৰকাৰী চাকৰিত মহিলাৰ সংখ্যা বৃদ্ধি কৰা।
- ৬০ বছৰৰ ওপৰৰ মহিলাৰ বাবে বিনামূলীয়া যাত্ৰা।
- মহিলা এথলিটকত ৫ লাখ টকাৰ সাহায্য।
ছাত্ৰ-ছাত্ৰী সকলৰ বাবে থকা প্ৰতিশ্ৰুতি –
- প্ৰতিটো মণ্ডলত এখনকৈ বিশ্ববিদ্যালয়।
- বিভিন্ন স্থানত বিশ্ববিদ্যালয়ৰ কাম পূৰণ কৰা।
ইয়াৰোপৰি বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত আৰু কেইবাটাও দিশ সামৰি লয় আৰু ''হম কৰকে দিখায়েংগে'' শীৰ্ষক এটি গানো মুকলি কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us