/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/38432956-5210-4240-869f-f69e86e1439c/iudidiod.jpg)
ডিজিটেল ডেস্কঃ চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা এছিয়াৰ সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় সাহিত্য উৎসৱ এইবেলি 'উন্মেষ' এইবেলি ভূপাল চহৰত অনুষ্ঠিত হয়। ১৬০ জন সাহিত্যিকৰ উপস্থিতিত ৬ আগষ্টৰ দিনা এই উৎসৱৰ সামৰণি পৰে।
আজি এই উৎসৱত ২৩ খনকৈ আলোচনা চক্ৰ আৰু তথ্যচিত্ৰৰ প্ৰদৰ্শন অনুষ্ঠিত হয়। য'ত দহখনতকৈও অধিক আলোচনা চক্ৰত 'নাৰীবাদ আৰু সাহিত্য', 'সাহিত্যৰ মূল্য', 'ভাৰতীয় স্বাধীনতা আন্দোলনত কিতাপৰ ভূমিকা', 'ভাৰতৰ মহাকাব্যৰ ওপৰত আলোচনা', 'ভাৰতীয় ভাষাত অনুবাদকৰ আগত প্ৰত্যাহ্বান', 'ভাৰতীয় সাংস্কৃতিক ঐতিহ্য', 'মই কিয় লিখিছো?' আদি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
অনুষ্ঠানত নমিতা গোখলেয়ে মত প্ৰকাশ কৰি কয় যে এগৰাকী প্ৰকৃত নাৰীবাদীয়ে সদায় সকলো লিংগৰ লোকক সমান ব্যৱহাৰ কৰে। গোখলে ভাৰতীয় সাহিত্যলৈ মহিলা লেখিকাসকলৰ অৱদানৰ ওপৰত আলোকপাত কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/b2d1a843-63be-4376-a482-39e3469199fb/WhatsApp_Image_2023_08_06_at_9_29_03_PM.jpeg)
চি. মৃনালিনীয়ে মহিলাসকলৰ মানৱীয় গুণাগুণবোৰ কথা উল্লেখ কৰি কয় যে মানৱীয় পৰিচয় প্ৰথমে গণনা কৰিব লাগে আৰু তাৰ পিছত ফেমিন পৰিচয় আহে। লীনা চান্দোৰকাৰে মহিলাসকলৰ বাধাৰ সন্মুখীন হোৱাৰ সামৰ্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিষয় সমূহ আলোচনা কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/df567569-42d6-4618-9b80-05c3863d5972/WhatsApp_Image_2023_08_06_at_9_29_02_PM.jpeg)
"ভাৰতীয় স্বাধীনতা আন্দোলনত কিতাপৰ ভূমিকা" সম্পৰ্কীয় এই আলোচনাত আব্দুছ চামাদ, অশোক কুমাৰ , মনোজ শ্ৰীবাস্তৱ, নন্দিতেশ নিলয় আদিয়ে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/8b3d0294-73b1-4df3-80b1-8c7032f96cb5/923c8326_2f9a_4588_8489_0e6b0aa8969d.jpg)
উল্লেখ্য যে,এই উৎসৱটো নতুন দিল্লীৰ সাহিত্য অকাডেমী, ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয় আৰু মধ্য প্ৰদেশ চৰকাৰৰ সংস্কৃতিক বিভাগে যুটীয়াভাৱে আয়োজন কৰিছে। য'ত ১০০ টা ভাষাৰ ৫৭৫ জনতকৈও অধিক লেখকে সাহিত্য মহোৎসৱ 'উন্মেষ'ৰ ৭৫ টাতকৈও অধিক অনুষ্ঠানত অংশগ্ৰহণ কৰে। তদুপৰি ভাৰতৰ উপৰিও আন ১৩খন দেশৰ লেখকেও এই উৎসৱটিত অংশগ্ৰহণ কৰে।
বিগত বৰ্ষৰ জুন মাহত চিমলাত প্ৰথমবাৰৰ বাবে আয়োজন কৰা 'উন্মেষ'ৰ এয়া দ্বিতীয় সংস্কৰণ। তথ্য অনুসৰি আন্তৰ্জাতিক সাহিত্য মহোৎসৱত বহুভাষিক কবিতা তথা বিভিন্ন কাহিনীৰ উপৰি আন বহু বিষয় ইয়াত আলোচনা কৰা হয়। এই বিষয়বোৰৰ ভিতৰত আছিল চিকিৎসা সাহিত্য, মহাসাগৰ সাহিত্য, যন্ত্ৰৰ উত্থান-লেখকহীন সাহিত্য, অনুবাদ সাহিত্য, যোগ সাহিত্য, সাহিত্য আৰু প্ৰকৃতি, ই-সাহিত্য ইত্যাদি।
Also Read: চুৰিৰ সন্দেহঃ দুই কিশোৰক পান কৰোৱালে প্ৰস্ৰাৱ, গুপ্তাংগত সানি দিলে জলকীয়া