/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-30/lqpxgacs/ss-30.jpg)
'ক্ৰুজ ভাৰত মিছন' ৰ শুভাৰম্ভ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ...
ডিজিটেল সংবাদ মুম্বাইঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মুম্বাই বন্দৰৰ পৰা অভিলাষী 'ক্ৰুজ ভাৰত মিছন' মুকলি কৰে। দেশত ক্ৰুজ পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা বৃদ্ধি কৰাৰ লক্ষ্যৰে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ কাৰ্যসূচীৰ লক্ষ্য হৈছে দেশৰ ক্ৰুজ পৰ্যটনক বৃহৎ পৰিসৰলৈ আগুৱাই নিয়া।
পাঁচ বছৰৰ ভিতৰত অৰ্থাৎ ২০২৯ চনৰ ভিতৰত ক্ৰুজ যাত্ৰীৰ যাতায়াত দুগুণ কৰি দেশৰ ক্ৰুজ পৰ্যটন উদ্যোগক এক নতুন গতি দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰেও এই অনুষ্ঠানত সোণোৱালৰ সৈতে যোগদান কৰে। সৰ্বানন্দ সোণোৱালে আজি মুম্বাইত ক্ৰুজ জাহাজ 'এম্ৰেছ'ৰ পৰা উক্ত অভিযানৰ শুভাৰম্ভ কৰে।
এই পদক্ষেপৰ লক্ষ্য হৈছে ভাৰতক বিশ্বৰ ক্ৰুজ পৰ্যটনৰ এক আগশাৰীৰ প্ৰাণকেন্দ্ৰ হিচাপে পৰিগণিত কৰা। ক্ৰুজ ইণ্ডিয়া মিছন তিনিটা পৰ্যায়ত ৰূপায়ণ কৰা হ'ব।প্ৰথম পৰ্যায়ত অধ্যয়ন, মাষ্টাৰ প্লেনিং আৰু চুবুৰীয়া দেশ বোৰৰ সৈতে ক্ৰুজ মিত্ৰতা ত্বৰান্বিতকৰণত গুৰুত্ব দিয়া হ'ব। ই ক্ৰুজ বৰ্তনী সমূহৰ সুযোগ-সম্ভাৱনা বৃদ্ধি কৰাৰ বাবে বিদ্যমান ক্ৰুজ টাৰ্মিনেল, মেৰিনা আৰু গন্তব্য স্থানসমূহৰ আধুনিকীকৰণ কৰাত সহায় কৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-30/l8s1vnd0/8c3ffc82-c5cc-44ff-9e96-c1543bf1961a.jpg)
দ্বিতীয় পৰ্যায়ত উচ্চ-সম্ভাৱ্য ক্ৰুজ অৱস্থান আৰু বৰ্তনী সক্ৰিয় কৰাৰ বাবে নতুন ক্ৰুজ টাৰ্মিনেল, মেৰিনা আৰু গন্তব্য স্থান বিকশিত কৰাত মনোনিৱেশ কৰা হ'ব।তৃতীয় পৰ্যায়ত ভাৰতীয় উপ-মহাদেশৰ সকলো ক্ৰুজ বৰ্তনী একত্ৰিত কৰাত গুৰুত্ব দিয়া হ'ব, ক্ৰুজ টাৰ্মিনেল, মেৰিনা আৰু গন্তব্য স্থানৰ বিকাশ অব্যাহত ৰাখি ক্ৰুজ পৰিস্থিতি তন্ত্ৰ উন্নত আৰু বিশ্বমানৰ কৰি তোলা হ'ব।
প্ৰথম পৰ্যায়ত সাগৰীয় ক্ৰুজ যাত্ৰীৰ সংখ্যা ৫ লাখৰ পৰা তৃতীয় পৰ্যায়ত ১০ লাখলৈ বৃদ্ধি কৰা হ'ব, যাৰ ফলত সাগৰীয় ক্ৰুজকল ১২৫ ৰ পৰা৫০০ লৈ বৃদ্ধি হ'ব। গংগা, ব্ৰহ্মপুত্ৰকে ধৰি নদী ক্ৰুজ যাত্ৰীৰ সংখ্যা প্ৰথম পৰ্যায়ত ৫ লাখৰ পৰা তৃতীয় পৰ্যায়ত ১৫ লাখলৈ বৃদ্ধি হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-30/6zv46qsf/adf7691f-caf0-4edb-a56a-644bd6896904.jpg)
আনহাতে আন্তঃৰাষ্ট্ৰীয় ক্ৰুজ টাৰ্মিনেলৰ সংখ্যা প্ৰথম পৰ্যায়ত ২ ৰ পৰা তৃতীয় পৰ্যায়ত ১০লৈ সম্প্ৰসাৰিত হ'ব আৰু নদী ক্ৰুজ টাৰ্মিনেলৰ সংখ্যা ৫০ৰ পৰা ১০০ লৈ বৃদ্ধি হ'ব।একেদৰে, মেৰিনা বোৰ ৫লৈ বৃদ্ধি হ'ব, আৰু সামগ্ৰিক ভাৱে নিযুক্তিৰ সংখ্যা ১ লাখৰ পৰা ৪ লাখলৈ বৃদ্ধি হ'ব।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "ভাৰতৰ ক্ৰুজ খণ্ডৰ পুনৰুজ্জীৱিত কৰণৰ ক্ষেত্ৰত 'ক্ৰুজ ভাৰত মিছন' হৈছে এক গুৰুত্বপূৰ্ণ মুহূৰ্ত।মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ভাৰতবৰ্ষৰ নীল অৰ্থনীতিৰ প্ৰচুৰ সুযোগ -সম্ভাৱনাক ব্যৱহাৰ কৰিবলৈ আমাৰ চৰকাৰ দৃঢ় প্ৰতিশ্ৰুতি বদ্ধ । আমাৰ দেশৰ ক্ৰুজৰ অপৰিসীম সুযোগ-সম্ভাৱনা পূৰ্বতে অন্বেষণ কৰা হোৱা নাছিল।এই দূৰদৰ্শী অভিযানৰ জৰিয়তে আমাৰ সামুদ্ৰিক দৃশ্যপটৰ নতুন পৰিৱৰ্তন হ'ব আৰু ক্ৰুজ পৰ্যটনৰ জৰিয়তে ভাৰতৰ বিশাল উপকূল আৰু জলপথৰ সম্ভাৱনা অধিক ত্বৰান্বিত হ'ব। আন্তঃগাঁথনি উন্নয়ন, পৰ্যটকৰ বাবে ক্ৰুজ অভিজ্ঞতা বৃদ্ধিৰে তিনিটা পৰ্যায়ত এই অভিযানৰ অধীনত বিশ্ব মানৰ আন্তঃগাঁথনি বিকাশ কৰা হ'ব আৰু ক্ৰুজ পৰ্যটন তথা সামুদ্ৰিক বাণিজ্যৰ বিকাশ সাধন কৰা হ'ব। এই পদক্ষেপে বন্দৰ, ক্ৰুজ লাইন, জাহাজ অপাৰেটৰ, ট্যুৰ অপাৰেটৰ, সেৱা প্ৰদানকাৰী আৰু স্থানীয় ৰাইজকে ধৰি সকলো অংশীদাৰৰ বাবে সামগ্ৰিক বিকাশ সুনিশ্চিত কৰিব। ভাৰতৰ ঐতিহ্য-সংস্কৃতি আৰু প্ৰাকৃতিক বৈচিত্ৰ্যৰ বিশ্বব্যাপী প্ৰচাৰ-প্ৰসাৰৰ বাবে ক্ৰুজ বৰ্তনী প্ৰস্তুত কৰা হ'ব।তিনিটা মুখ্য খণ্ড- মহাসাগৰ আৰু হাৰ্বাৰ ক্ৰুজ, নদী আৰু দ্বীপ ক্ৰুজ, দ্বীপ ক্ৰুজক সামৰি তিনিটা পৰ্যায়ত এই মিছন ৰূপায়িত হ'ব।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-30/0k149wnv/dbf24cc3-43e8-4685-a84c-53eb5909cc81.jpg)
"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আমাৰ চৰকাৰে অভিনৱ ব্যৱস্থা গ্ৰহণ কৰি আহিছে, যাৰ ফলত ২০১৪ চনৰ পৰা ক্ৰুজ খণ্ডত ৪০০% যাত্ৰীৰ সংখ্যা উল্লেখনীয় ভাৱে বৃদ্ধি পাইছে। 'ক্ৰুজ ভাৰত মিছন' এ ২০২৪ চনত ২৫৪ ৰ পৰা ২০৩০ চনলৈ ৫০০ আৰু ২০৪৭ চনৰ ভিতৰত ১,১০০ লৈ ক্ৰুজ কলৰ পৰিমাণ বৃদ্ধি কৰাত বিশেষ ভূমিকা পালন কৰিব।আমি ২০২৪ চনত ৪.৬ লাখৰ পৰা ২০৪৭ চনৰ ভিতৰত ৫০ লাখলৈ যাত্ৰী বৃদ্ধিৰ আশা কৰিছোঁ।এই অভিযানৰ লক্ষ্য হৈছে এই সময়ছোৱাত ক্ৰুজ খণ্ডত ৪ লাখ নিযুক্তি সৃষ্টি কৰা," সৰ্বানন্দ সোণোৱালে লগতে কয়।
ৰাষ্ট্ৰীয় ক্ৰুজ আন্তঃগাঁথনি মাষ্টাৰ প্লেন ২০৪৭ ৰ সূচনা কৰাটোও ইয়াৰ অন্যতম লক্ষ্য।ইণ্ডিয়ান প'ৰ্টছ এছ'চিয়েচন (আইপিএ) ৰ অধীনত এটা ক্ৰুজ-কেন্দ্ৰিক এছ পি ভি স্থাপন কৰা আৰু ক্ৰুজ উন্নয়ন পুঁজি স্থাপন কৰাটোও ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত আছে।ক্ৰুজ ভাৰত মিছনে কেৱল ভাৰতৰ ক্ৰুজ পৰ্যটন খণ্ডক উন্নত কৰাই নহয়, লগতে নতুন প্ৰজন্মৰ বাবে বহু সুযোগো সৃষ্টি কৰিব।
আজিৰ অনুষ্ঠানটোত ক্ৰুজ উদ্যোগৰ গুৰুত্বপূৰ্ণ নেতা সকল, মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ ৰাহুল নাৰ্ভেকাৰ, ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব টি.কে. ৰামচন্দ্ৰন, কৰ্ডেলিয়া ক্ৰুজৰ মুখ্য কাৰ্যবাহী বিষয়া যুৰগেন বেইলোম প্ৰমুখ্যে অন্যান্য গণ্য-মান্য ব্যক্তি, চৰকাৰী বিষয়া আৰু অংশীদাৰ সকল উপস্থিত থাকে।
Also Read: ড্ৰাগছৰ ভয়াবহতাৰ বিষয়ত সাংবাদিকৰ বাবে বিশেষ অনুষ্ঠানঃ পীযুষ হাজৰীকাৰ অংশগ্ৰহণ