আগন্তুক ২৫ বছৰৰ আইন-শৃংখলা চম্ভালিবলৈ হাৰিয়ানাত অমিত শ্বাহৰ চিন্তন শিবিৰ...

‘Chintan Shivir’
‘Chintan Shivir’

ডিজিটেল ডেস্কঃ আজিৰে পৰা হাৰিয়ানাৰ ফৰিদাবাদত দুদিনীয়াকৈ আৰম্ভ হৈছে চিন্তন শিবিৰ। গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত দেশৰ প্ৰায় সংখ্যক ৰাজ্যৰ গৃহমন্ত্ৰীসকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই চিন্তন শিবিৰ মূলত দেশৰ আভ্যন্তৰীণ নিৰপত্তা বিষয়ক।

এই বৈঠকৰ জৰিয়তে আগন্তুক ২৫ বছৰৰ বাবে দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ ৰোডমেপ তৈয়াৰ কৰাৰ সম্পৰ্কত আলোচনা কৰা হ'ব। এই চিন্তন শিবিৰত গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, ভাৰতীয় সংবিধানে আইন-শৃংখলা চম্ভালিবলৈ ৰাজ্যসমূহক দায়িত্ব দিছে। কিন্তু এতিয়া প্ৰযুক্তিৰ দ্ৰুত উন্নয়নৰ লগে লগে এনে বহু আইনৰ অস্তিত্বৰ প্ৰতি প্ৰশ্ন উত্থাপন হৈছে। এই আইনসমূহৰ কোনো সীমা নাই।

ইয়াৰোপৰি তেওঁ কয় যে, আইন-শৃংখলা পৰিস্থিতিৰ বাবে ৰাজ্য দায়বদ্ধ। আমি তেতিয়াহে সীমাহীন অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াত সফল হম যেতিয়া সকলো ৰাজ্যই একেলগে এই অপৰাধ নিয়ন্ত্ৰণৰ বিৰুদ্ধে চিন্তা কৰাৰ লগতে ৰণনীতি প্ৰস্তুত কৰো।

শ্বাহে কয়,২০২৪ চনৰ ভিতৰত, প্ৰতিখন ৰাজ্যতে এন আই এৰ শাখা স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। তেওঁ লগতে কয় যে, জম্মু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পিছত সন্ত্ৰাসবাদী কাৰ্যকলাপ ৩৪ শতাংশ হ্ৰাস পাইছে। অঞ্চলটোত সুৰক্ষা বাহিনীৰ মৃত্যু ৬৪ শতাংশ হ্ৰাস পাইছে আৰু অসামৰিক লোকৰ মৃত্যু ৯০ শতাংশলৈ হ্ৰাস পাইছে।

উল্লেখ্য যে আজিৰে পৰা অনুষ্ঠিত হোৱা এই বৈঠকত উপস্থিত নাথাকিল পশ্চিমবংগৰ গৃহ বিভাগৰ নিজৰ লগত ৰখা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। তেওঁৰ পৰিৱৰ্তে এই বৈঠকত অংশগ্ৰহণ কৰিলে ৰাজ্যখনৰ অতিৰিক্ত সঞ্চালক প্ৰধান নীৰজ কুমাৰ সিঙে। মমতা বেনাৰ্জীৰ ব্যস্ত সূচীৰ বাবেই এই চিন্তন বৈঠকত অংশগ্ৰহণ কৰিব নোৱাৰিলে বুলি মন্তব্য কৰিছে।

প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই চিন্তন শিবিৰৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে গৃহমন্ত্ৰীসকলক সম্বোধন কৰিব। বৈঠকত সকলো ৰাজ্যৰ গৃহ মন্ত্ৰীৰ লগতে আৰক্ষীসঞ্চালক প্ৰধান, লেফটেনেণ্ট গভৰ্ণৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসকসকল উপস্থিত থাকে।

গৃহ মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াই এই বৈঠক সম্পৰ্কে উল্লেখ কৰি কয় যে, বৈঠকত মহিলাৰ সুৰক্ষাৰ ওপৰত হ'ব অধিক গুৰুত্ব প্ৰদান কৰা হৈছে। ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাত মহিলা শক্তিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ইয়াৰ বাবে, মহিলাসকলক এক সুৰক্ষিত পৰিৱেশ প্ৰদান কৰা প্ৰয়োজন।

আনহাতে আৰক্ষীত মহিলাৰ সংখ্যা বৃদ্ধি কৰা আৰু মহিলা আৰক্ষী থানা গঠনৰ দৰে কেইবাটাও ব্যৱস্থা গ্ৰহণৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই বৈঠকত। বৈঠকত আভ্যন্তৰীণ নিৰাপত্তা যেনে চাইবাৰ অপৰাধ, ড্ৰাগছ সৰবৰাহ, উপকূলীয় সুৰক্ষা, দেশৰ সীমান্ত ব্যৱস্থাপনা আদিৰ সৈতে সম্পৰ্কিত গুৰুত্বপূৰ্ণ বিষয়বোৰো আলোচনা কৰা হ'ব। আৰু এই প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in