Advertisment

কেন্দ্ৰীয় কেবিনেটে অতিৰিক্ত ৫ বছৰৰ বাবে ম্যাদ বৃদ্ধি কৰিলে এন এইছ এমৰ...

কেন্দ্ৰীয় মন্ত্ৰীসভাই বুধবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন চমুকৈ এন এইছ এমৰ ম্যাদ আৰু পাঁচ বছৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা ৩ বছৰৰ কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰাৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
কেন্দ্ৰীয় কেবিনেটে অতিৰিক্ত ৫ বছৰৰ বাবে ম্যাদ বৃদ্ধি এন এইছ এমৰ...

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰীসভাই বুধবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন চমুকৈ এন এইছ এমৰ ম্যাদ আৰু পাঁচ বছৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা ৩ বছৰৰ কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰাৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে।

Advertisment

উল্লেখ্য যে, ২০০৫ চনত ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য মিছন (এন আৰ এইছ এম) প্ৰথমে আৰম্ভ কৰিছিল। ইয়াৰ পাছত সময়ে সময়ে পৰ্যালোচনা কৰি ইয়াৰ ম্যাদ বৃদ্ধি কৰি অহা হৈছে। বুধবাৰৰ পূৰ্বে অন্তিমবাৰৰ বাবে ২০২১ চ এন এইছ এমৰ ম্যাদ ২০২৬ চন পৰ্যন্ত বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। 

এন এইছ এমৰ অৱদান আৰু সাফল্য


কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে কেবিনেট ব্ৰিফিংত জনস্বাস্থ্যৰ ক্ষেত্ৰত এন এইছ এমৰ গুৰুত্বপূৰ্ণ অৱদানৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয়, "ভাৰতৰ স্বাস্থ্য খণ্ডৰ উন্নতিৰ ক্ষেত্ৰত, বিশেষকৈ কোভিড-১৯ মহামাৰীৰ সময়ত এন এইছ এমৰ প্ৰচেষ্টাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।‘’

তেওঁ কয়, এন এইছ এমে সমগ্ৰ দেশতে অধিক সুলভ আৰু মানদণ্ডৰ স্বাস্থ্যসেৱা নিশ্চিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। গোৱেলে লগতে কয়, "এন এইছ এমৰ চলিত প্ৰচেষ্টাই ভাৰতৰ স্বাস্থ্য খণ্ডক পৰিৱৰ্তন কৰিছে। ভাৰতক ২০৩০ চনৰ নিৰ্ধাৰিত সময়ৰ পূৰ্বেই বহনক্ষম উন্নয়ন লক্ষ্য (এছ ডি জি) পূৰণ কৰিবলৈ সক্ষম কৰিছে।"

এন এইছ এমৰ অগ্ৰগতি আৰু গুৰুত্ব

২০২১  চনত এন এইছ এমক সম্প্ৰসাৰণৰ পিছত মাতৃ আৰু শিশুৰ স্বাস্থ্য, ৰোগ নিৰ্মূল, আৰু স্বাস্থ্য আন্তঃগাঁথনিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে। মাতৃ মৃত্যুৰ হাৰ (এম এম আৰ) ২০১৪-১৬ বৰ্ষত প্ৰতি এক লাখৰ বিপৰীতে ১৩০ ৰ পৰা ২০১৮-১৯ ত ৯৭ লৈ হ্ৰাস কৰিছে। এই হ্ৰাস ২৫ শতাংশতকৈ অধিক। আনহাতে ২০২০ ত প্ৰতি এক লাখ মাতৃৰ মৃত্যুৰ সংখ্যা ২৮ লৈ হ্ৰাস পাইছে।

 বিবৃতিটোত কোৱা হৈছে, "এই উন্নয়নে দেখুৱাইছে যে ভাৰতে ২০৩০ চনৰ পূৰ্বেই মাতৃ, শিশু আৰু নৱজাতকৰ মৃত্যুৰ ক্ষেত্ৰত এছ ডি জি লক্ষ্য পূৰণ কৰিবলৈ সক্ষম হ’ব।

২০২১ আৰু ২০২৪ বিত্তীয় বৰ্ষৰ ভিতৰত এন এইছ এমে অতিৰিক্ত ১২ লাখ স্বাস্থ্য কৰ্মী নিয়োগ কৰিছিল। যাৰ ভিতৰত আছে সাধাৰণ কৰ্তব্য চিকিৎসা বিষয়া, বিশেষজ্ঞ, নাৰ্ছ, সহায়ক নাৰ্ছ, আয়ুষ চিকিৎসক, আনুষঙ্গিক স্বাস্থ্য কৰ্মী, আৰু ৰাজহুৱা স্বাস্থ্য মেনেজাৰ। ইয়াৰ উপৰিও, জানুৱাৰী ২০২১ ৰ পৰা মাৰ্চ ২০২৪ লৈ,  এন এইছ এমে ২২০ কোটিৰো অধিক কোভিড-১৯ ভেকছিন পালি প্ৰদান কৰিছে।

ৰোগ নিয়ন্ত্ৰণ আৰু স্বাস্থ্য কৰ্মসূচী

এন এইছ এমে যক্ষ্মাৰ দৰে অসংক্ৰামক ৰোগ (এন চি ডি) নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচীৰ (এন টি ই পি) অধীনত, প্ৰতি এক লাখ জনসংখ্যাত যক্ষ্মা ৰোগৰ ঘটনা ২০১৫  চনত ২৩৭  ৰ পৰা ২০২৩ চনত ১৯৫  লৈ হ্ৰাস পাইছে। সেইদৰে মৃত্যুৰ হাৰ ২৮  ৰ পৰা ২২ লৈ হ্ৰাস পাইছে।

এন এইছ এমে সৰু আই-ৰুবেলা নিৰ্মূল অভিযান, প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় ডায়েলাইচিছ কাৰ্যসূচী, আৰু ৰাষ্ট্ৰীয় চিকল চেল এনিমিয়া নিৰ্মূল অভিযানকে ধৰি গুৰুত্বপূৰ্ণ কাৰ্যসূচীও সম্প্ৰসাৰিত কৰিছে।

 

কেন্দ্ৰীয় কেবিনেট