Advertisment

মেডিকেল কলেজত ৫ বছৰত বাঢ়িব ৭৫ হাজাৰ আসনঃ জিলা হাস্পতালসমূহত নিৰ্মাণ হ'ব কৰ্কট প্ৰতিষ্ঠান....

নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেটে কৃষকৰ বাবে ভাল খবৰ কঢ়িয়াই অনাৰ বাৰ্তা দিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।

author-image
Asomiya Pratidin
New Update
মেডিকেল কলেজত ৫ বছৰত বাঢ়িব ৭৫ হাজাৰ আসনঃ জিলা হাস্পতালসমূহত নিৰ্মাণ হ'ব কৰ্কট প্ৰতিষ্ঠান....

ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেটে কৃষকৰ বাবে ভাল খবৰ কঢ়িয়াই অনাৰ বাৰ্তা দিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। তেওঁ সংসদত বাজেট পাঠ কৰাৰ সময়ত ধনধান্য যোজনাৰ অধীনত ১.৭ কোটি কৃষকক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে।

Advertisment

তাৰোপৰি কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ঋণৰ পৰিমাণ বৃদ্ধি কৰা হব বুলিও জনাইছে। বৰ্তমান কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ৩ লাখ পৰ্যন্ত ঋণ লোৱাৰ ব্যৱস্থা আছে। এতিয়াৰে পৰা কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে কৃষকে ৫ লাখ পৰ্যন্ত ঋণ লব পাৰিব।

তাৰোপৰি মৎস্য পালকসকলৰ বাবেও বিশেষ অৰ্থনৈতিক অঞ্চল গঢ়ি তোলা হব বুলিও জনাইছে।

তেওঁ মহিলা উদ্যোগপতিৰ বাবে ঋণৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিছে। অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ মহিলা উদ্যোগীৰ বাবে ২ কোটি টকা পৰ্যন্ত ঋণৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিছে।  

তাৰোপৰি তেওঁ ৮ কোটি মহিলা, এক কোটি সদ্য মাতৃত্ব প্ৰাপ্ত মহিলা,  ১৮ লাখ ছাত্ৰীৰ বাবে বিশেষ পুষ্টিকৰ প্ৰকল্পৰ কথাও ঘোষণা কৰিছে। 

চৰকাৰী ছেকেণ্ডেৰী স্কুলসমূহত ব্ৰবব্ৰেণ্ড পৰিসেৱা সংযোগ কৰিবৰ বাবে আৰু আই আই টিৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্তৰ কথাও ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। 

তাৰোপৰি আজিৰ বাজেটত তেওঁ মেডিকেল কলেজসমূহত আগন্তুক ৫ বছৰত ৭৫ হাজাৰ আসন বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণৰ কথা ঘোষণা কৰিছে। আগন্তুক বছৰতে মেডিকেল কলেজ সমূহত ১০ হাজাৰ আসন বৃদ্ধি কৰা হ'ব। 

জিলা হাস্পতালসমূহত কৰ্কট প্ৰতিষ্ঠান নিৰ্মাণ কৰাৰ কথাও ঘোষণা কৰিছে। তেওঁ জনোৱা মতে অহা ৩ বছৰত ২ হাজাৰ কৰ্কট প্ৰতিষ্ঠান তৈয়াৰ কৰা হ'ব। 

নিৰ্মলা সীতাৰমণ বাজেট