Advertisment

ৰোগৰ সমানে অসহ্যকৰ হৈ পৰা ঔষধৰ বৰ্ধিত মূল্যৰ পীড়াৰ পৰা কিছু পৰিত্ৰাণ !

কৰ্কটকে ৰোগকে ধৰি মুঠ ৩৬ বিধ জীৱন দায়িনী ঔষধত থকা কৰ ১০০ শতাংশ পৰ্যন্ত হ্ৰাসৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰোপৰি আন ৬ টা জীৱন দায়িনী ঔষধত ৫ শতাংশ কৰ ৰেহাইৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

author-image
Asomiya Pratidin
New Update
ৰোগৰ সমানে অসহ্যকৰ হৈ পৰা ঔষধৰ বৰ্ধিত মূল্যৰ পীড়াৰ পৰা কিছু পৰিত্ৰাণ !

ডিজিটেল ডেস্কঃ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ঘোষণা কৰা সাধাৰণ বাজেটে দেশৰ ৰোগাক্ৰান্ত লোকসকলৰ লগতে তেওঁলোকৰ আত্মীয়ৰ মনত কিছু আশাৰ সঞ্চাৰ কৰিছে। ৰোগীৰ পীড়াৰ সমান্তৰালকৈ ঔষধৰ বৰ্ধিত আকাশলংঘী মূল্যই কোঙা কৰা এই লোকসকলক কিছু আৰ্থিক সকাহ দিব এই বাজাটে। 

Advertisment

কিয়নো কৰ্কটকে ৰোগকে ধৰি মুঠ ৩৬ বিধ জীৱন দায়িনী ঔষধত থকা কৰ ১০০ শতাংশ পৰ্যন্ত হ্ৰাসৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰোপৰি আন ৬ টা জীৱন দায়িনী ঔষধত ৫ শতাংশ কৰ ৰেহাইৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইয়াৰ পিছতে একাংশই এই বাজেটক ৰোগীৰ স্বাৰ্থৰ বাজেটো আখ্যা দিছে। উল্লেখ্য যে, যোৱা সময়ছোৱাত দেশত কেইবাবাৰো ঔষধৰ মূল্য বৃদ্ধি কৰা হৈছিল। দেশৰ যোৱা সাধাৰণ নিৰ্বাচনৰ পূৰ্বে ২০২৪ ৰ অক্টোবৰত Asthma, Glaucoma, Thalassemia, Tuberculosis  ৰ লগতে মানসিক ৰোগৰ বাবে এতি প্ৰয়োজনীয় ১১ বিধ ঔষধৰ মূল্য ৫০ শতাংশ বৃদ্ধি হৈছিল।

তাৰ পূৰ্বে একেটা বছৰৰ এপ্ৰিল মাহৰ প্ৰথমটো দিনৰ পৰা ৮০০ বিধ ঔষধৰ মূল্য বৃদ্ধিত অনুমোদন জনাইছিল National Pharmaceutical Pricing Authority (NPPA)  এ। তাৰ পূৰ্বে ২০২২ চনত ১০ ৰ পৰা ১২ শতাংশ পৰ্যন্ত বৃদ্ধি হৈছিল ঔষধৰ মূল্য।

এই দৰে অতি প্ৰয়োজনীয় ঔষধৰ মূল্য হোৰাহোৰে বৃদ্ধি পোৱাৰ বাবে যোৱা দুই, তিনিটা বছৰত দেশৰ জনসাধাৰণে ত্ৰাহি মধুসুদন কাঢ়িবলগীয়া হোৱাৰ লগতে সাধাৰণ ৰোগৰ চিকিৎসাও বিলাসীতালৈ ৰূপান্তৰ হৈছিল।

ইফালে নিৰ্বাচনৰ ঠিক আগতে আকৌ দেশৰ উচ্চতম ন্যায়ালয়ৰ হ্স্তক্ষেপত উন্মোচিত হোৱা নিৰ্বাচনী বণ্ডৰ কেলেংকাৰীত এই কথাও স্পষ্ট হৈছিল যে ৰাজনৈতিক দলসমূহক সৰ্বাধিক চান্দা দিছিল ফাৰ্মা কোম্পানীসমূহে। যাৰ বাবেই ঔষধৰ মূল্য অনিয়ন্ত্ৰিত ভাৱে বৃদ্ধি হোৱা বুলি প্ৰমাণ হৈছিল।

কিন্তু আজি বাজেটত ৩৬ বিধ ঔষধৰ ওপৰত আৰোপ কৰা কৰ সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ লগতে আন কেইবাবিধো ঔষধৰ কৰৰ ক্ষেত্ৰত ৫ শতাংশ ৰেহাই দিয়া বিষয়টোৱে যে সাধাৰণ জনতাক সাধাৰণ সকাহ দিব সেয়া স্পষ্ট।

 

নিৰ্মলা সীতাৰমণ ঔষধ কেন্দ্ৰীয় বাজেট