Advertisment

AI ৰ ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠান নিৰ্মাণৰ বাবে ৫০০ কোটি ব্যয় কৰিব কেন্দ্ৰই...

AI ৰ বাবে এক ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠান স্থাপনৰ বাবে প্ৰস্তাৱ ৰখা হৈছে দেশৰ সাধাৰণ বাজেটত। বাজেট ভাষণত ঘোষণা কৰা মতে এই চেণ্টাৰটোৰ নাম হ’ব চেণ্টাৰ অৱ এক্সিলেঞ্চ ফৰ এ আই।

author-image
Asomiya Pratidin
New Update
AI ৰ ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠান নিৰ্মাণৰ বাবে ৫০০ কোটি ব্যয় কৰিব কেন্দ্ৰই...

ডিজিটেল ডেস্কঃ কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে এক ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠান স্থাপনৰ বাবে প্ৰস্তাৱ ৰখা হৈছে দেশৰ সাধাৰণ বাজেটত। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত ঘোষণা কৰা মতে এই চেণ্টাৰটোৰ নাম হব চেণ্টাৰ অৱ এক্সিলেঞ্চ ফৰ এ আই। ইয়াৰ বাবে বাজেটত ৫০০ কোটি টকা ধাৰ্য কৰা হৈছে।

Advertisment

আনহাতে সমগ্ৰ দেশত ৫ টা নেচনেল চেণ্টাৰ অৱ এক্সিলেঞ্চ ফৰ স্কিলিং স্থাপন কৰা হব বুলিও ঘোষণা কৰা হৈছে বিত্তমন্ত্ৰীগৰাকীয়ে। বিশ্ব পৰ্যায়ৰ স্কিল পাৰ্টনাৰ্শ্বিপৰ জৰিয়তে নিৰ্মাণ ক্ষেত্ৰত প্ৰভাৱ পেলাব পৰা প্ৰতিষ্ঠান স্থাপনৰো প্ৰস্তাৱ ৰখা হৈছে বাজেটত।

আন্তঃগাঁথনিৰ বাবে আই আই টিত আসন বৃদ্ধিৰ প্ৰস্তাৱ ৰাখিছে বাজেটত। বাজেট ঘোষণাত উল্লেখ কৰা মতে আই আই টি সমূহত ৬৫০০ আসন বৃদ্ধি পাব।

মেডিকেল শিক্ষাৰ ক্ষেত্ৰখনৰ বাবেও বাজেটত কেইবাটাও ডাঙৰ ঘোষণা কৰা হৈছে। সেই অনুসৰি অহা ৫ বছৰত দেশত মেডিকেল শিক্ষাৰ ক্ষেত্ৰখনত ৬৫ হাজাৰ আসন বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। ২০২৫ বৰ্ষত বৃদ্ধি কৰা হব ১০ হাজাৰ মেডিকেল আসন।

নিৰ্মলা সীতাৰমণ এ আই প্ৰযুক্তি কেন্দ্ৰীয় বাজেট