Advertisment

বিৰোধীৰ হুলস্থুলৰ মাজতে বাজেট পাঠঃ ভাৰতীয় অৰ্থনীতিৰ উত্থানৰ জয়গান বিত্তমন্ত্ৰীৰ মুখত...

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰিছে। মন্ত্ৰীগৰাকীয়ে বাজেট দাখিলৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে।

author-image
Asomiya Pratidin
New Update
বিৰোধীৰ হুলস্থুলৰ মাজতে বাজেট পাঠঃ ভাৰতীয় অৰ্থনীতিৰ উত্থানৰ জয়গান বিত্তমন্ত্ৰীৰ মুখত...

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰিছে। মন্ত্ৰীগৰাকীয়ে বাজেট দাখিলৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে।

Advertisment

তাৰ পাছত তেওঁ সংসদভৱনলৈ আহি সংসদত তেওঁ বাজেট পাঠ কৰাৰ বাবে প্ৰৱেশ কৰে। লক্ষ্যণীয় ভাৱে লগে লগে শ্বেয়াৰ বজাৰত প্ৰতিৰক্ষাৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি হয়। ছেনছেক্স আৰু নিফটি বৃদ্ধি হয় এক শতাংশৰো অধিক।

উল্লেখ্য যে, বিত্তমন্ত্ৰীগৰাকীয়ে আজি দাখিল কৰা বাজেটত মূলতঃ মধ্যবিত্ত শ্ৰেণীক লক্ষ্য কৰি লোৱা হৈছে। বিৰোধীৰ হুলস্থুলীয়া পৰিবেশৰ মাজতে বাজেট দাখিল কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয়, সকলোৰে উন্নয়নেই আমাৰ লক্ষ্য। বিশ্বত দ্ৰুতগতিত আগবাঢ়ি গৈছে ভাৰতৰ অৰ্থনীতি।

লগতে তেওঁ কয়, বাজেটত মধ্যবিত্তসকলক গুৰুত্ব দিয়া হব। কৃষক, নাৰী, ক্ষুদ্ৰ উদ্যোগক গুৰুত্ব দিয়া হব। ৭০ শতাংশ মহিলা যাতে কাম-কাজৰ সৈতে জড়িত হয়  সেই বিষয়ত নজৰ দিয়া হব।

তেওঁ কয় আমাৰ হাতত আগন্তুক ৫ বছৰ উন্নয়নৰ বাবে সুযোগ আছে। বিদ্যুৎ, কৃষি আৰু ক্ষুদ্ৰ উদ্যোগসহ ছটা ক্ষেত্ৰলৈ সংস্কাৰ অনা হব। 

তাৰোপৰি তেওঁ ৰন্ধন তেল, মাহজাতীয় শস্য়ৰ ক্ষেত্ৰত ভাৰত আত্মনিৰ্ভৰ হোৱাৰ চেষ্টা চলাব বুলিও কয়। তেওঁ ধনধান্য যোজনাৰ অধীনত ১.৭ কোটি কৃষকক সাহায্য দিয়াৰ কথাও ঘোষণা কৰে। 

উল্লেখ্য যে, আজি বিত্তমন্ত্ৰীগৰাকীয়ে অষ্টমবাৰৰ বাবে দাখিল কৰিছে কেন্দ্ৰীয় বাজেট। তেওঁ প্ৰথমবাৰৰ বাবে ২০১৯ চনত বাজেট দাখিল কৰিছিল। আনহাতে বাজেট দাখিলৰ পূৰ্বে ১ ফেব্ৰুৱাৰী, শুকুৰবাৰে প্ৰকাশ পাইছিল অৰ্থনৈতিক সমীক্ষা-২০২৫। এই সমীক্ষাই ২০২৫ ত দেশৰ জিডিপি হ্ৰাস হোৱাৰ ইংগিত দিছিল। 

নিৰ্মলা সীতাৰমণ বাজেট শ্বেয়াৰ বজাৰ