/asomiyapratidin/media/media_files/2025/02/01/zOwsFIGpZwBDxRrWwrkC.jpg)
ডিজিটেল ডেস্কঃ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেটে কেইবাটাও ভাল খবৰ কঢ়িয়াই আনিছে। নিৰ্মলা সীতাৰমণে বাজেট ঘোষণাত উল্লেখ কৰিছে, হকাৰসকলৰ বাবে ইউ পি আই লিংক কৰা ক্ৰেডিট কাৰ্ডৰ ব্যৱস্থা কৰা হ’ব। চহৰ পুনৰ নিৰ্মাণৰ বাবে ব্যয় কৰা হ’ব এক লাখ কোটি টকা।
তাৰোপৰি ক্ষুদ্ৰ মডিউলাৰ নিউক্লিয়াৰ ৰিয়েক্টৰৰৰ বাবে ব্যয় কৰা হ’ব ২০ হাজাৰ কোটি টকা। ২০৩০ চনৰ ভিতৰত এই নিউক্লিয়াৰ ৰিয়েক্টৰসমূহ তৈয়াৰ হৈ উঠিব।
বিহাৰৰ বাবে বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে নেচনেল ইনষ্টিটিউট অফ ফুড টেকনলজী। তাৰোপৰি ৰাজ্যখনৰ পাটনা বিমান বন্দৰক নতুনকৈ সম্প্ৰসাৰণৰ কথাও ঘোষণা কৰা হৈছে। এই বিমান বন্দৰৰ উন্নয়নৰ বাবেও ধন নিৰ্ধাৰণ কৰিলে বাজেটত।
উল্লেখ্য যে, কেৱল বিহাৰতে নহয়, দেশত দেশত নতুনকৈ মুঠ ১২০ টা বিমান বন্দৰ নিৰ্মাণৰ কথাও ঘোষণা কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে। ইয়াৰ ভিতৰত ৩ টা বিমান বন্দৰ নিৰ্মাণ হব বিহাৰত।
বহু চৰ্চিত প্ৰধানমন্ত্ৰীৰ জলজীৱন মিছন আঁচনিখন ২০২৮ চনলৈ বৃদ্ধি কৰাৰ কথাও নিৰ্মলী সীতাৰমণে ঘোষণা কৰিছে। তাৰোপৰি অহা সপ্তাহত নতুন আয়কৰ বিল পাছ কৰিব বুলিও জনাইছে।