১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব UPS: কেনেকুৱা হ'ব এই আঁচনিখন, চাওঁক সবিশেষ...

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ইউনিফাইড পেঞ্চন আঁচনি  চমুকৈ ইউ পি এছ অধিসূচনা জাৰি কৰিছে। এই ইউ পি এছ ব্যৱস্থা ২০২৫ ৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব UPS:  কেনেকুৱা হ'ব এই আঁচনিখন, চাওঁক সবিশেষ...

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ইউনিফাইড পেঞ্চন আঁচনি  চমুকৈ ইউ পি এছ অধিসূচনা জাৰি কৰিছে। এই ইউ পি এছ ব্যৱস্থা ২০২৫ ৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব। এই আঁচনিৰ উদ্দেশ্য কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ অৱসৰৰ পিছত আৰ্থিক সুৰক্ষা প্ৰদান কৰা বুলি কেন্দ্ৰই প্ৰকাশ কৰিছে।

Advertisment

আশা কৰা হৈছে এই নতুন আঁচনিয়ে কেন্দ্ৰীয় চৰকাৰৰ অৱসৰী কৰ্মচাৰীসকলৰক যথেষ্ট সকাহ প্ৰদান কৰিব। অৱসৰৰ পাছত আৰ্থিক স্থিতি অটুট ৰাখিব আৰু পুৰণি পেঞ্চন আঁচনি (অ’পিএছ), নতুন ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি (এনপিএছ)ৰ সুবিধাসমূহ একত্ৰিত কৰিব। ইউ পি এছৰ অধীনত অৱসৰী কৰ্মচাৰীসকলে ফিক্সড পেঞ্চন লাভ কৰিব। 

ইউনিফাইড পেঞ্চন আঁচনিৰ মূল সুবিধাসমূহ

ইউনিফাইড পেঞ্চন আঁচনিখনে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক কেইবাটাও সুবিধা প্ৰদান কৰিব। সেইসমূহৰ ভিতৰত নিশ্চিত পেঞ্চন, আনুপাতিক পেঞ্চন, নূন্যতম পেঞ্চন, পাৰিবাৰিক পেঞ্চন, আৰ্থিক সুৰক্ষা আদি। 

নিশ্চিত পেঞ্চন: ইউ পি এছৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে অৱসৰৰ পূৰ্বে শেহতীয়া ১২ মাহৰ গড় দৰমহাৰ ৫০ শতাংশ লাভ কৰিব। এই আঁচনিৰ বাবে যোগ্য হ’বলৈ এজন কৰ্মচাৰীয়ে কমেও ২৫ বছৰ সেৱা আগবঢ়োৱা হ’ব লাগিব।

আনুপাতিক পেঞ্চনঃ যিসকল কৰ্মচাৰীয়ে ১০ বছৰৰ অধিক সময় সেৱা আগবঢ়াই কিন্তু ২৫ বছৰৰ সীমা স্পৰ্শ কৰিব নোৱাৰে তেওঁলোকে আনুপাতিক ভিত্তিত পেঞ্চন লাভ কৰিব।

নূন্যতম পেঞ্চনঃ নতুন পেঞ্চন আঁচনিৰ জৰিয়তে কমেও ১০ বছৰৰ সেৱাৰ অন্তত অৱসৰ লোৱা কৰ্মচাৰীসকলৰ বাবে প্ৰতিমাহে নূন্যতম ১০ হাজাৰ টকা পেঞ্চনৰ নিশ্চয়তা প্ৰদান কৰা হৈছে।

পাৰিবাৰিক পেঞ্চনঃ কোনো কৰ্মচাৰীৰ মৃত্যুৰ ক্ষেত্ৰত ৬০ শতাংশ পেঞ্চনৰ ধন তেওঁলোকৰ পৰিয়ালক পৰিয়াল পেঞ্চন হিচাপে প্ৰদান কৰা হ’ব।

আৰ্থিক সুৰক্ষা: এই আঁচনিৰ জৰিয়তে কৰ্মচাৰীসকলে অৱসৰৰ পিছতো আৰ্থিকভাৱে সুৰক্ষিত হৈ থকাটো নিশ্চিত কৰিব।

ইউনিফাইড পেঞ্চন আঁচনিৰ বাবে যোগ্যতা

ইউনিফাইড পেঞ্চন আঁচনিৰ বাবে যোগ্য হ’বলৈ কৰ্মচাৰীসকলে কেইবাটাও মাপকাঠী পূৰণ কৰিব লাগিব। ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা (এন পি এছ)ৰ অধীনত সামৰি লোৱা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত এই আঁচনিখন প্ৰযোজ্য হ’ব।

তাৰোপৰি কৰ্মচাৰীসকলে এন পি এছৰ কাঠামোৰ অধীনত ইউ পি এছৰ বাবে বাছনি কৰিব লাগিব।

 

নৰেন্দ্ৰ মোডী চৰকাৰী কৰ্মচাৰী পেঞ্চন নীতি