মোডীৰ প্ৰতিশ্ৰুতি অসাৰঃ বাজেট ঘোষণা আৰু ৰূপায়ণত আকাশ পাতাল পাৰ্থক্য....

২০১৯ ৰ বাজেটৰ প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ চৰকাৰ, কৰ্তন কৰিছে কল্যাণমূলক আঁচনিৰ ধন
মোডীৰ প্ৰতিশ্ৰুতি অসাৰঃ বাজেট ঘোষণা আৰু ৰূপায়ণত আকাশ পাতাল পাৰ্থক্য....
মোডীৰ প্ৰতিশ্ৰুতি অসাৰঃ বাজেট ঘোষণা আৰু ৰূপায়ণত আকাশ পাতাল পাৰ্থক্য....

ডিজিটেল ডেস্কঃ অষ্টাদশ লোকসভা নিৰ্বাচন অন্ত পৰিবলৈ মাজত মাত্ৰ কেইটামান দিন। নিৰ্বাচনী প্ৰচাৰত সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে এইবাৰ অৱশ্যে প্ৰতিশ্ৰুতিৰ পৰিৱৰ্তে আৱেগৰ হে আশ্ৰয় লৈছে। কিন্তু এইগৰাকী প্ৰধানমন্ত্ৰীয়েই আজিৰ পৰা ৫ বছৰ পূৰ্বে যেতিয়া দ্বিতীয় বাৰৰ বাবে চৰকাৰ গঠন কৰিছিল তাৰ পিছতেই সংসদত দাখিল কৰা প্ৰথমখন বাজেটত দিছিল বিভিন্ন প্ৰতিশ্ৰুতি।

এই প্ৰতিশ্ৰুতিসমূহৰ জৰিয়তে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনেও সংবাদ শিৰোনাম দখল কৰিছিল। কিন্তু বাজেটত দিয়া প্ৰতিশ্ৰুতি অনুসৰি আঁচনিসমূহত চৰকাৰে ধন ব্যয় কৰাত গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। বিপৰীতে বহু জন কল্যাণমূলক আঁচনিৰ পৰা ধন কৰ্তন কৰাহে পৰিলক্ষিত হৈছে।

চৰকাৰৰ দূৰদৰ্শিতা তথা অধ্যয়নৰ অভাৱৰ বাবেই এখন আঁচনিয়ে আন এখন আচঁনিৰ সৈতে একেই হৈ পৰাত তাক ৰূপায়ণত জটিলতাৰ সৃষ্টি হৈছে। আন্তঃগাঁথনি উন্নয়ন, কৃষি খণ্ড, স্বাস্থ্য আৰু শিক্ষা খণ্ড, গ্ৰাম্য অৰ্থনীতি সকলোতে চৰকাৰৰ বাজেট ঘোষণা আৰু তাক ৰূপায়ণত দেখা দিছে আকাশ পাতাল পাৰ্থক্য।

চমক সৃষ্টিৰ বাবেই আঁচনিৰ নামত আঁচনি ঘোষণা কৰিবলৈ গৈয়ে তিনিখনকৈ পেঞ্চন আঁচনিৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে। ২০২৯ ৰ বাজেট ঘোষণাৰ সময়ত বিত্তীমন্ত্ৰীয়ে দেশৰ প্ৰায় ৩ কোটি ক্ষুদ্ৰ ব্যৱসায়ী তথা দোকানীক পেঞ্চনৰ সুবিধা দিয়াৰ কথা ঘোষণা কৰিছিল।

বিত্তমন্ত্ৰীগৰাকীয়ে এই আঁচনিৰ নাম দিছিল প্ৰধানমন্ত্ৰীৰ কৰ্মযোগী মান ধন আঁচনি। এই আঁচনিৰ জৰিয়তে প্ৰথম বছৰতে ৭৫০ কোটি টকা ব্যয় কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। আঁচনিখনৰ জৰিয়তে প্ৰতি মাহে ৩ হাজাৰ টকাকৈ পেঞ্চনৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল।

কিন্তু সময় বাগৰাৰ লগে লগে এই আঁচনিখনো পাহৰণিৰ গৰ্ভত বিলীন হ'ল। বাজেটত দিয়া প্ৰতিশ্ৰুতিও কেৱল প্ৰতিশ্ৰুতিয়েই হৈ থাকিল। যদিও প্ৰথম বছৰত এই আঁচনিত ৭৫০ কোটি টকা ব্যয় কৰাৰ কথা আছিল কিন্তু পাছত দেখা গ'ল প্ৰথম বছৰত এই আঁচনিত ব্যয় কৰিলে কেৱল মাত্ৰ ১৫৫.৯ কোটি টকা।

আঁচনিখনৰ প্ৰথম বছৰৰ নিৰ্ধাৰিত পুঁজি আৰু ব্যয় কৰা পুঁজিৰ মাজত ব্যৱধান ৫৯৪ কোটি টকা।পৰৱৰ্তী বিত্তীয় বৰ্ষবোৰত এই আঁচনিলৈ আৱণ্টিত ধনৰ পৰিমাণ আচৰিত ধৰণে আৰু অধিক হ্ৰাস পালে।

শেহতীয়া বাজেট তথ্য অনুসৰি আগৰ বিত্তীয় বৰ্ষত এই আঁচনিৰ বাবে মাত্ৰ ৩ কোটি টকাহে আৱণ্টন কৰা হৈছে। যাৰ ভিতৰত ১০ লাখ টকাই ব্যয় কৰা হৈছে এই আঁচনিৰ কাৰ্যসূচী ৰূপায়ণৰ নামতে।

আঁচনিখন আৰম্ভ হোৱাৰ ৫ বছৰ হ'ল যদিও এই সময়ছোৱাত আঁচনিত ব্যয় কৰিছে মাত্ৰ ১৬২ কোটি টকা। অথচ ৫ বছৰত এই আঁচনিখনত চৰকাৰে ব্যয় কৰাৰ কথা আছিল ১,১৩৩ কোটি টকা। তথ্য অনুসৰি ২০২৩ চনলৈ এই আঁচনিখনৰ সৈতে জড়িত হৈ আছিল মাত্ৰ ৫০ হাজাৰ লোক।

এই আঁচনিখনৰ এনে বিফলতাৰ সন্দৰ্ভত সংসদীয় স্থায়ী সমিতিয়ে চৰকাৰৰ প্ৰশ্ন কৰাত এই সন্দৰ্ভত চৰকাৰে জনাইছে যে, এই আঁচনিৰ সৈতে একে নামৰ আন এখন পেঞ্চন আঁচনি থকাৰ বাবে দুয়োখন আঁচনিৰ মাজত বিভেদ হৈছে। চৰকাৰে জনোৱা অনুসৰি মানুহে প্ৰধানমন্ত্ৰী কৰ্ম যোগী মান ধন আঁচনিখন প্ৰধানমন্ত্ৰীৰ শ্ৰম যোগী মান ধন নামৰ আন এখন আঁচনিৰ সৈতে একাকাৰ কৰিছে।

এই আঁচনিখন প্ৰধানমন্ত্ৰী কৰ্ম যোগী মান ধন আঁচনিখনৰ আৰম্ভ কৰাৰ মাত্ৰ ৪ মাহ পূৰ্বে আৰম্ভ কৰা হৈছিল। এয়া আছিল চৰকাৰৰ সঠিক পৰিকল্পনাৰ অভাৱৰ লগতে দায়িত্বহীনতাৰ এক চূড়ান্ত উদাহৰণ। প্ৰধানমন্ত্ৰীৰ শ্ৰম যোগী মান ধন আঁচনিখনে মুঠ ৪২ কোটি অসংগঠিত খণ্ডৰ শ্ৰমিকক সামৰি লোৱাৰ কথা আছিল।

কিন্তু এই পেঞ্চন আঁচনিখনো বিফল হৈছে। আৰম্ভণিৰে পৰা এই আঁচনিৰে সংযুক্ত হৈছে মাত্ৰ ৪৩ লাখ শ্ৰমিকহে। মন কৰিবলগীয়া যে, ২০১৫ চনত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে অটল পেঞ্চন আঁচনি নামৰ আন এখন আঁচনি আৰম্ভ কৰিছিল।

এই আঁচনিখনো আছিল অসংগঠিত শ্ৰমিকসকলৰ বাবে। এই অটল পেঞ্চন যোজনা আঁচনিখনক লৈয়ো বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। বিশেষকৈ বেংক সমূহে গ্ৰাহকৰ অনুমতি অবিহনেই তেওঁলোকৰ নাম অটল পেঞ্চন যোজনাত বলপূৰ্বকভাৱে অন্তৰ্ভুক্ত কৰিছে।

ইয়াকে লৈ চৰকাৰ সমালোচনাৰ সন্মুখীন হৈছে। আঁচনিখনৰ সফলতাৰ জয়গান গাবলৈকে এইদৰে বলপূৰ্বকভাৱে গ্ৰহাকক আঁচনিখনত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰা হৈছিল।  

ইফালে শ্ৰম যোগী মান ধন আঁচনি মূল্যায়ংকন কৰিবলৈ চৰকাৰে এক থিংক টেংকক দায়িত্ব দিছিল। এই থিংক টেংকে এই আঁচনিখন বন্ধ কৰি ইয়াক অটল পেঞ্চন যোজনাৰ সৈতে একত্ৰিত কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল।

ইয়াৰোপৰি মন্ত্ৰণালয়ে নিজেও দোকানীসকলক পেঞ্চন আঁচনিক অসংগঠিত শ্ৰমিকৰ পেঞ্চন আঁচনিৰ সৈতে একত্ৰিত কৰাৰ কথা চিন্তা চৰ্চা কৰি আছিল বুল সংসদৰ স্থায়ী সমিতিৰ প্ৰতিবেদনতে প্ৰকাশ পাইছে। এই তিনিওখন পেঞ্চন আঁচনিৰ বিফলতাই নৰেন্দ্ৰ মোডী চৰকাৰৰ সাধাৰণ লোকৰ প্ৰতি কিমান দায়বদ্ধ তাকেই প্ৰমাণ কৰিছে।অৱশ্যে সাধাৰণ নাগৰিকে এই আঁচনিসমূহৰ বিষয়ে ইতিমধ্যে পাহৰি গৈছে।

কেৱল ইমানেই নহয়, যোৱা ৫ টা বছৰত অৰ্থাৎ ২০১৯-২০ বিত্তীয় বৰ্ষৰ পৰা ২০২৩-২৪ বিত্তীয় বৰ্ষলৈ কেন্দ্ৰীয় চৰাকৰে বাজেটত তালিকাভুক্ত কৰা ৯০৬ খন কেন্দ্ৰীয় আঁচনিৰ বহুতৰে একেই অৱস্থা। বাজেট পৰ্যালোচনা কৰি গম পোৱা গৈছে যে, চৰকাৰৰ ৯০৬ খন আঁচনিৰ ভিতৰত ৬৫১ খন আঁচনিয়েহে বা ৭১.৯ শতাংশ আঁচনিয়েহে অনুদান লাভ কৰিছে।

তথ্যই কয়, প্ৰতি ৫ খন আঁচনিৰ ভিতৰত এখনত চৰকাৰে প্ৰতিশ্ৰুতি দিয়াতকৈ আধা বা তাতকৈ কম খৰচ কৰিছে। মন কৰিবলগীয়া যে, চৰকাৰে যিসমূহ আঁচনিৰ ধন কৰ্তন কৰিছে তাৰ অধিকাংশই কল্যাণমূলক আঁচনি। ৭৫ শতাংশ কল্যাণমূলক আঁচনিয়েই চৰকাৰে প্ৰতিশ্ৰুতি দিয়াতকৈ কম ধন লাভ কৰিছে।

ইয়াৰোপৰি পুঁজি কৰ্তন কৰাৰ ক্ষেত্ৰত ৰে'লৱে ট্ৰেক উন্নীতকৰণ, পথ নিৰ্মাণ, নৱীকৰণযোগ্য শক্তি আদিৰ দৰে আন্তঃগাঁথনিমূলক আঁচনিও আছে। এই আঁচনিসমূহৰ পৰাও বহু পৰিমাণে পুঁজি কৰ্তন কৰিছে চৰকাৰে। চৰকাৰে বাজেট প্ৰতিশ্ৰুতিৰ বিপৰীতে মুঠ ৭৩ শতাংশ আন্তঃগাঁথনিমূলক আঁচনিৰেই পুঁজি কৰ্তন কৰিছে।

এইদৰেই বাজেট ঘোষণা আৰু অনুদান লাভ কৰাৰ ক্ষেত্ৰত বৃহৎ অমিল থকা আন কেতবোৰ ক্ষেত্ৰ হৈছে ক্ৰমে প্ৰতিৰক্ষা, উদ্যোগ আৰু পি এছ ইউ সম্পৰ্কীয় আঁচনি।যদিও বেছিভাগ আঁচনি পাঁচ বছৰৰ ভিতৰত প্ৰতিশ্ৰুতি দিয়াতকৈ ইয়াত আৱণ্টিত ধন কম আছিল তথাপিও কিন্তু ৯০৬ খন আঁচনিৰ মুঠ প্ৰকৃত ব্যয় মুঠ বাজেটৰো আকলনতকৈ অধিক।

ইয়াৰ আঁৰত আছে দুটা কাৰণ। প্ৰথমতে, কোভিড-সম্পৰ্কীয় আঁচনিবোৰৰ ওপৰত চৰকাৰী ব্যয় বাজেটৰ আকলনতকৈ অসামঞ্জস্যপূৰ্ণভাৱে অধিক। দ্বিতীয়তে, চৰকাৰে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কিছুমান কল্যাণমূলক আঁচনিৰ ওপৰত ব্যয় বৃদ্ধি কৰিছিল।

এই আঁচনিসমূহৰ উপৰিও আছে আন কেতবোৰ আঁচনি য'ত সম্পূৰ্ণকৈ কেন্দ্ৰীয় চৰকাৰে পুঁজি যোগান ধৰে। এই আঁচনিসমূহৰ ওপৰত কেন্দ্ৰীয় চৰকাৰেই সফলতা অথবা বিফলতাক লৈ সম্পূৰ্ণৰূপে দায়বদ্ধ।

তেনে এক ক্ষেত্ৰ হৈছে কৃষিখণ্ড। কৃষকৰ উপাৰ্জন দুগুণ কৰিবলৈ নিশ্চিত কৰাৰ বাবে লোৱা একাধিক আঁচনি, বাজেটত উল্লেখ কৰাৰ প্ৰাৰম্ভিক প্ৰতিশ্ৰুতিৰ তুলনাত বহু হ্ৰাস পোৱাৰ লগতে ইয়াত ব্যয় অতি কম দেখা গৈছে। এম এছ পি আঁচনিখনে ২০১৯ আৰু ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়তহে প্ৰকৃত ব্যয় দেখা পাইছিল। কিন্তু এই আঁচনিখনত ২০১৯ আৰু ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ মাজৰ ৩ বছৰত এটকাও ব্যয় কৰা হোৱা নাই।

প্ৰধানমন্ত্ৰী কিষাণ মান ধন যোজনা নামৰ এখন পেঞ্চন আঁচনি আছে। এই আঁচনিখন হৈছে ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলৰ পেঞ্চন আঁচনি। কৰ্ম যোগী মান ধন আৰু শ্ৰম যোগী মান ধনৰ দৰে, এই আঁচনিখনো ব্যৰ্থ হৈছে। এই আঁচনিখনে ৩ কোটি কৃষকক সামৰি লোৱাৰ কথা আছিল যদিও ২০১৯ ৰ পৰা  মাত্ৰ ৭.৮ শতাংশ কৃষকেহে এই আঁচনিৰ অন্তৰ্ভুক্ত হৈছে।

সেইদৰেই ২০২০ চনত ১০ হাজাৰ কৃষক উৎপাদক সংগঠন গঠন আৰু প্ৰচাৰৰ বাবে এক আঁচনি আৰম্ভ কৰা হৈছিল। এই আঁচনিৰ বাবে চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি যোৱা চাৰি বছৰত পূৰণ কৰিবলৈ চেষ্টাও নকৰিলে।

এই আঁচনিৰ উদ্দেশ্য আছিল কৃষকসকলক তেওঁলোকৰ শস্যৰ দৰদাম কৰাৰ শক্তি বৃদ্ধি কৰা, উৎপাদন ব্যয় হ্ৰাস কৰা, আৰু তেওঁলোকৰ শস্য একেলগে বিক্ৰী কৰি অধিক ধন উপাৰ্জন কৰাত সহায় কৰা।

কৃষি খণ্ডৰ দৰেই স্বাস্থ্য খণ্ডতো কেন্দ্ৰীয় চৰকাৰৰ বাজেট প্ৰতিশ্ৰুতিৰ এক বিপৰীত দৃশ্যহে দেখিবলৈ পোৱা গৈছে। ২০২১ চনত কোভিড মহামাৰীৰ দ্বিতীয় ঢৌৰ সময়ত কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী-আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছন ঘোষণা কৰিছিল।

যাক ২০০৫ চনৰ পৰা ৰাজহুৱা স্বাস্থ্য আন্তঃগাঁথনিৰ বাবে ভাৰতৰ সৰ্ববৃহৎ আঁচনি হিচাপে গণ্য কৰা হয়। এই আঁচনিখন ৰাজ্যসমূহৰ সৈতে অংশীদাৰীত্বত চলোৱা হয় যদিও  কিছুমান উপাদান সম্পূৰ্ণৰূপে কেন্দ্ৰৰ দ্বাৰা পৰিচালিত হয়।

এই আঁচনিখনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে অন্যান্য বিষয়ৰ লগতে গুৰুত্বপূৰ্ণ যত্ন আৰু ৰোগ গৱেষণা কেন্দ্ৰ শক্তিশালী কৰাৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান স্থাপনৰ হেতু ৯,৩৩৯ কোটি টকাৰো অধিক ধন ৫ বছৰত ব্যয় কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু যোৱা ৩ বছৰৰ পাছতো এই আঁচনিত ব্যয় কৰা হ'ল কেৱল ১,৩৭৩ কোটি টকা। যি মুঠ ব্যয়ৰ বাবে নিৰ্ধাৰিত পৰিমাণৰ মাত্ৰ ১৪.১৭ শতাংশহে।

শিক্ষা খণ্ডৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতি আৰু ইয়াক পূৰণ কৰাৰ মাজত দেখা গৈছে বৃহৎ পাৰ্থক্য। ২০১৯ চনৰ নিৰ্বাচনী ইস্তাহাৰত বিজেপিয়ে একলব্য আদৰ্শ আৱাসিক বিদ্যালয় য'ত ৫০ শতাংশতকৈও অধিক অনুসূচীত জনজাতীয় শিক্ষাৰ্থীৰ বাবে সংৰক্ষণৰ ব্যৱস্থাৰে নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

ইয়াৰ উদ্দেশ্য আছিল জনজাতীয় শিশুসকলৰ বাবে শিক্ষাৰ প্ৰৱেশাধিকাৰ উন্নত কৰা। জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ে ২০২৫-২৬ বৰ্ষৰ ভিতৰত ৭৪০ খন এনে বিদ্যালয় নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। কিন্তু ২০২৩ ৰ ডিচেম্বৰলৈকে মাত্ৰ ৪০১ খন হে এনে স্কুল নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে।

এই আঁচনিৰ বাবে ২০২৩-২৪ বিত্তীয় বৰ্ষত ৫,৯৪৩ কোটি টকা ব্যয় কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। কিন্তু সংসদীয় স্থায়ী সমিতিৰ প্ৰতিশ্ৰুতিৰ পাছতো এই আঁচনিত এতিয়ালৈকে মুঠ পুঁজিৰ ৪১.৬ শতাংশহে ব্যয় কৰা হৈছে। সেয়েহে সংসদীয় স্থায়ী সমিতিয়ে এই আঁচনিখনে নিৰ্ধাৰিত সময়ত লক্ষ্য অতিক্ৰম কৰিব পাৰিব নে নাই তাক লৈ শংকিত হৈ পৰিছে। কিয়নো এখন বিদ্যালয় নিৰ্মাণ কৰিবলৈ প্ৰয়োজন হৈছে ২.৫ বছৰ সময়।

সেইদৰে ফেলোশ্বিপৰ ক্ষেত্ৰতো চৰকাৰৰ ব্যয় হ্ৰাস পাইছে। ২০১৯-২০ বৰ্ষত বাজেট প্ৰতিশ্ৰুতিৰ বিপৰীতে ফেলোশ্বিপত ব্যয় আছিল ৬৮ শতাংশ। ২০২১-২২ বিত্তীয় বৰ্ষত এই ব্যয় ৪০ শতাংশলৈ হ্ৰাস পালে। আনহাতে প্ৰদান কৰা ফেলোশ্বিপৰ সংখ্যাও ২০১৮-১৯ বৰ্ষৰ তুলনাত ২০২২-২৩ বৰ্ষত ৩০ শতাংশ হ্ৰাস পাইছে।

গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ বাবেও চৰকাৰে বাজেটত ঘোষণা কৰাতকৈ বহু কম ধন ব্যয় কৰিছে। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে তেওঁৰ প্ৰথম বাজেট ভাষণত এস্পায়াৰ নামৰ আঁচনিৰ জৰিয়তে কৃষি-গ্ৰাম্য উদ্যোগ খণ্ডত ৭৫,০০০ দক্ষ গ্ৰাম্য উদ্যোগী সৃষ্টি কৰাত চৰকাৰে কেনেদৰে সহায় কৰিব তাৰ কথা উল্লেখ কৰিছিল।

পৰৱৰ্তী চাৰিটা বিত্তীয় বৰ্ষত, চৰকাৰে একত্ৰিতভাৱে ১৩৭ কোটি টকা ব্যয় কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু ইয়াৰ বিপৰীতে চৰকাৰে এই সময়ছোৱাত মাত্ৰ ৩১ কোটি টকাহে ব্যয় কৰিছে। যি হৈছে প্ৰতিশ্ৰুতি দিয়া পৰিমাণৰ মাত্ৰ ২২.৭ শতাংশ।

এস্পায়াৰৰ লগতে, সীতাৰমণে পৰম্পৰাগত উদ্যোগসমূহৰ উন্নীতকৰণৰ বাবে এক আঁচনি এছ এফ ইউ আৰ টি আইৰ কথা উল্লেখ কৰিছিল। এই আঁচনিৰ বাবে চৰকাৰে ২০২২-২৩ বিত্তীয় বৰ্ষত ব্যয় নিৰ্ধাৰণ কৰিছিল ৩৩৪ কোটি টকা। কিন্তু চৰকাৰে ব্যয় কৰিছে মাত্ৰ ১.৯৫ কোটি টকা।

একেদৰে পৰৱৰ্তী বিত্তীয় বৰ্ষত এই আঁচনিৰ বাবে ব্যয় নিৰ্ধাৰণ কৰিছিল ২৮০ কোটি টকা। কিন্তু ব্যয় কৰে মাত্ৰ ২.৫ কোটি টকা।

দ্যা ৰিপ'টাৰ্ছ কালক্টিভ নামৰ এটা সংস্থাই ২০১৯ ত দাখিল কৰা বাজেট পৰ্যালোচনা কৰি এই সন্দৰ্ভত প্ৰকাশ কৰা এক প্ৰতিবেদনত এই তথ্যসমূহ উল্লেখ কৰা হৈছে। ২০১৯ ৰ বাজেটত উল্লেখ কৰা ৰাশী আৰু সংসদৰ স্থায়ী সমিতিৰ প্ৰতিবেদনৰ তথ্যৰ আধাৰত প্ৰস্তুত কৰা এই প্ৰতিবেদনে স্পষ্ট কৰিছে কিদৰে কেন্দ্ৰীয় চৰকাৰে বাজেটত কেৱল প্ৰতিশ্ৰুতিহে প্ৰদান কৰিছে।

সেই প্ৰতিশ্ৰুতি পূৰণত কিমান গুৰুত্ব দিছে সেয়া আঁচনিৰ বিপৰীতে ধন ব্যয় আৰু ধন কৰ্তন কৰা বিষয়টোৱেই স্পষ্ট কৰিছে। তাৰ পাছতো এই বিষয়সমূহৰ ওপৰত প্ৰশ্ন কৰিবলৈ বিৰোধী ৰাজনৈতিক দলেই হওক বা প্ৰভাৱ গোষ্ঠীসমূহেই হওক সকলো মৌন। অৱশ্যে ইয়াৰো কাৰণ নথকা নহয়।

প্ৰতি বছৰে বাজেটত যিদৰে প্ৰতিশ্ৰুতিৰ ফুলজাৰি মৰা হয় সেই ফুলজাৰিত মুগ্ধ হৈ জনতাই সকলো পাহৰিছে। পূৰ্বৰ বাজেটত কি আছিল, কি ৰূপায়ণ কৰিলে সেয়া বিচাৰ কৰাৰ প্ৰয়োজনীয়তাই অনুভৱ কৰা নাই বিৰোধী আৰু জনতাই।

মোডীৰ প্ৰতিশ্ৰুতি অসাৰঃ বাজেট ঘোষণা আৰু ৰূপায়ণত আকাশ পাতাল পাৰ্থক্য....
নিজক বিচাৰি এটা নিশা জুকু ভেলীত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in