নাই স্থায়ী অধ্যক্ষঃ ২১খন মহাবিদ্যালয়লৈ ইউ জি চিৰ সতৰ্কবাণী

নাই স্থায়ী অধ্যক্ষঃ ২১খন মহাবিদ্যালয়লৈ ইউ জি চিৰ সতৰ্কবাণী

author-image
asomiyapratidin
New Update
নাই স্থায়ী অধ্যক্ষঃ ২১খন মহাবিদ্যালয়লৈ ইউ জি চিৰ সতৰ্কবাণী

ডিজিটেল ডেস্কঃ ২১খন মহাবিদ্যালয়ক সতৰ্ক কৰি দিছে ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনে। স্থায়ী অধ্যক্ষ নিযুক্তি নিদিয়াৰ বাবেই ইউ জি চিয়ে এই সতৰ্কবাণী জাৰি কৰিছে।

ইউ জি চি সচিব প্ৰফেছৰ ৰজনীশ জৈনে মহাবিদ্যালয়খনলৈ প্ৰেৰণ কৰা নিৰ্দেশত অচিৰেই তেওঁলোকক স্থায়ী অধ্যক্ষ নিযুক্তিৰ বাবে অনুৰোধ কৰা হৈছে।

অন্যথা এই মহাবিদ্যালয় কেইখনে ইউ জি চিৰ পৰা লাভ কৰি থকা আৰ্থিক অনুদান কৰ্তন কৰা হ'ব বুলিও সকীয়নি প্ৰদান কৰিছে। উল্লেখ্য যে, ইউ জি চিয়ে সতৰ্কবাণী জাৰি কৰা এই ২১খন মহাবিদ্যালয়ে দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত।